Personalized
Horoscope

বাৰ্ষিক ৰাশিফল 2024

বাৰ্ষিক ৰাশিফল 2024 মাই কুণ্ডলীৰদ্বাৰা আপোনালৈ আগবঢ়োৱা হৈছে আৰু ইয়াত 12 টা ৰাশিচক্ৰৰ জাতকসকলৰ জীৱনৰ বিভিন্ন দিশৰ পূৰ্বানুমানসমূহ অন্তৰ্ভু্ত কৰা হৈছে। জাতকসকলৰ জীৱনৰ কেৰিয়াৰ, আৰ্থিক দিশ, সম্পৰ্ক, ব্যৱসায়, স্বাস্থ্য, পাৰিবাৰিক আদি দিশসমূহ ইয়াত সন্নিৱিষ্ট হৈছে। এই প্ৰৱন্ধটোৰদ্বাৰা আপুনি 2024 বৰ্ষটোৱে প্ৰদান কৰিব পৰা ইতিবাচক আৰু নেতিবাচক ফলসমূহৰ বিষয়ে জানিব পাৰিব যাতে আপুনি আগতীয়াকৈয়ে ইয়াৰ বাবে প্ৰস্তুত হৈ থাকিব পাৰে।

Click Here To Read In English: Yearly Horoscope 2024

এনে ধৰণৰ কিছমান প্ৰশ্নৰ অৱতাৰণা হ’ব পাৰে - মই 2024 সঠিক কেৰিয়াৰ বাছনি কৰিব পাৰিম নে আৰু সঠিক জীৱনসঙ্গী বিচাৰি পাম নে আৰু সকলো ভাল ফল মই লাভ কৰিম নে? 2024 বৰ্ষত মোৰ আৰ্থিক দিশ কেনে হ’ব? ব্যৱসায়ত মই লাভাম্বিত হ’ম নে আৰু ভাল ফল পাম নে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ মাই কুণ্ডলীৰ এই বিশেষ প্ৰৱন্ধটোত বিচাৰি পাব। সেয়েহে, সৰ্বাধিক তথ্য লাভ কৰিবৰ বাবে শেষলৈকে পঢ়ক।

हिंदी में पढ़ें- वार्षिक राशिफल 2024

মেষ ৰাশি

মেষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, মেষ হৈছে ৰাশিচক্ৰৰ প্ৰথম ৰাশি আৰু ই অগ্নি তত্ত্বৰ অধীনৰ। 2024 বৰ্ষটোৱে মেষ ৰাশিৰ জাতকসকলক মে’ 2024 ৰ পিছত স্বাস্থ্য আৰু আৰ্থিক দিশত ভাল ফল প্ৰদান কৰিব পাৰে। 1মে’, 2024 ৰপৰা, বৃহস্পতিৰ পৰিবহন আপোনাৰ বাবে অনুকূল হ’ব আৰু উপকাৰী গ্ৰহ তথা নৱম গৃহৰ অধিপতি হিচাপে বৃহসপ্তিয়ে প্ৰথম গৃহৰপৰা দ্বিতীয় গৃহত প্ৰৱেশ কৰিব, আৰু স্বাস্থ্যগত দিশত আপোনাক যথেষ্ট উপশম প্ৰদান কৰিব আৰু যিহেতু ই হৈছে দ্বিতীয় গৃহৰ অধিপতি, সেয়েহে বৃহস্পতিৰ পৰিবহনৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক লাভ, উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

ৰাহু আৰু কেতু ক্ৰমে ষষ্ঠ আৰু দ্বাদশ গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলস্বৰূপে, আপুনি সুস্বাস্থ্য, অৰ্থ আৰু সম্পৰ্কৰ মিলা-মিচাৰ ক্ষেত্ৰত সহজেই ভাল ফল প্ৰাপ্ত কৰিব পাৰিব। বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, বৃত্তিগত দিশত, এই 2024 বৰ্ষত দৰমহা বৃদ্ধি আৰু পদোন্নতিৰ লাভ কৰাৰ সম্ভাৱনা আছে কিয়নো শণইয়ে চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত একাদশ গৃহ দখল কৰিব। 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 লৈ (শণিৰ পশ্চাদগামী পৰ্য্যায়) আপুনি কেৰিয়াৰত কিছু উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে।

সম্পৰ্কৰ ক্ষেত্ৰত, জানুৱাৰী 2024 ৰপৰা মে’ 2024 লৈ সময়ছোৱা আপোনাৰ বাবে ভাল নহয়। জুন 2024 ৰপৰা, সম্পৰ্কৰ ক্ষেত্ৰত ভাল পৰিস্থিতি আৰু মিলা-মিচা দেখা যাব। 2023 বৰ্ষৰ তুলনাত, আপুনি আশা কৰি থকা জীৱনৰ অধিক ভাল দিশ আৰু সকাহ লাভ কৰিব। যোৱা কেইবছৰত আপুনি সম্পূৰ্ণ অনুকূল ফলাফল প্ৰাপ্ত কৰা নাছিল। কিন্তু এই 2024 বৰ্ষটো আপোনাৰ বাবে অনুকূল হ’ব কিয়নো প্ৰধান গ্ৰহসমূহ শণি, বৃহস্পতি আৰু কেতু শুভ স্থানত স্থিত হ’ব।

বিস্তৃতভাৱে পঢ়ক: মেষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

আজিৰ শুভ মুহূৰ্ত জানক

বৃষ ৰাশি 

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, বৃষ হৈছে প্ৰাকৃতিক ৰাশিচক্ৰৰ দ্বিতীয় গ্ৰহ আৰু ই পৃথিৱী তত্ত্বৰ অধীনৰ। বৃষ ৰাশিৰ জাতকসকলে 2024 বৰ্ষত স্বাস্থ্য, সম্পৰ্ক, কেৰিয়াৰ আৰু আৰ্থিক দিশত ভাল ফলাফল প্ৰাপ্ত কৰিব। বৃহস্পতিয়ে 1 মে’, 2024 ৰপৰা চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত প্ৰথম গৃহলৈ যাত্ৰা কৰিব আৰু ইয়াৰ ফলত, স্বাস্থ্য, কেৰিয়াৰ, অৰ্থ আৰু সম্পৰ্কৰ ক্ষেত্ৰত কিছু সমস্যাৰ উদ্ভৱ হ’ব পাৰে। 2024 বৰ্ষত স্বাস্থ্যৰ যত্ন লোৱাটো অতিশয় গুৰুত্বপূৰ্ণ। 

চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত একাদশ গৃহত ৰাহুৰ উপস্থিতিয়ে আপোনাক অপ্ৰত্যাশিত আকস্মিক আৰ্থিক লাভ আৰু উপাৰ্জন বৃদ্ধি প্ৰদান কৰিব পাৰে। এই সময়তে, আপুনি উপাৰ্জন কৰা অৰ্থৰপৰা সম্পূৰ্ণ সন্তুষ্টি লাভ কৰাত ব্যৰ্থ হ’ব। বাৰ্ষিক ৰাশিফল 2024 য়ে অনুমান কৰে যে শণি চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত দশম গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলত, আপুনি কামক লৈ অধিক সজাগ হ’ব আৰু নিজৰ কেৰিয়াৰৰ বিকাশৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব। 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 (শণিৰ পশ্চাদগামী সময়) লৈ আপুনি কেৰিয়াৰৰ স্থিৰতা সন্দৰ্ভত নিজৰ ওপৰত চকু ৰখা উচিত কিয়নো এই সময়ছোৱাত, কেৰিয়াৰত কিছু সমস্যাৰ সম্মুখীন হ’ব পাৰে। 

বিস্তৃতভাৱে পঢ়ক: বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

মিথুন ৰাশি 

মিথুন হৈছে ৰাশিচক্ৰৰ তৃতীয় ৰাশি আৰু ই বায়ু তত্ত্বৰ অধীনৰ। মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, এই লোকসকলে কেৰিয়াৰ, অৰ্থ, সম্পৰ্ক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল লাভ কৰিব। এই বছৰ বৃহস্পতি মে’ 2024 ৰপৰা দবাদশ গৃহলৈ যাত্ৰা কৰিব আৰু ইয়াৰ ফলত, আপুনি অৰ্থ হেৰুৱাব পাৰে, কেৰিয়াৰত সন্মান হানি হ’ব পাৰে আৰু সম্পৰ্কৰ প্ৰতি আগ্ৰহ হ্ৰাস হ’ব পাৰে। ৰাহু আৰু কেতু ক্ৰমান্বয়ে চতুৰ্থ আৰু দশম গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলত আপুনি কেৰিয়াৰ আৰু পাৰিবাৰিক দিশত কিছুমান সমস্যাৰ সম্মুখীন হ’ব পাৰে।

কেতিয়াবা, আপুনি শুভ ফল পাব পাৰে আৰু আকৌ কেতিয়াবা, ঋণাত্মক ফলাফলো প্ৰাপ্ত কৰিব পাৰে। বাৰ্ষিক ৰাশিফল 2024 য়ে অনুমান কৰে যে চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত শণি বৃত্তিৰ দশম গৃহত স্থিত হ’ব আৰু ইয়াৰ বাবে, কামৰ ক্ষেত্ৰত আপুনি অধিক সতৰ্কৱান হোৱাৰ লগতে মনোনিৱেশ কৰিব লাগিব। আপুনি নিজৰ আকাংক্ষা পূৰণ কৰিব পৰা চাকৰিৰ সুযোগ লাভ কৰিব য’ত আপুনি বিদেশ যাত্ৰাৰ সুযোগো লাভ কৰিব পাৰে। আনকি 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 লৈ শণিৰ পশ্চাদগামী গতিৰ সময়ছোৱাতো আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত অনুকূল ফলাফল আৰু সন্তুষ্টি লাভ কৰাৰ স্থিতিত থাকিব। আৰ্থিক দিশত, 1 মে’, 2024 ৰপৰা বৃহস্পতিৰ পৰিবহনৰ ফলস্বৰূপে আয় আৰু ব্যয় দুয়োটাই থাকিব।

বিস্তৃতভাৱে পঢ়ক: মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

কৰ্কট ৰাশি 

কৰ্কট ৰাশিটো হৈছে প্ৰাকৃতিক ৰাশিৰ চতুৰ্থ ৰাশি আৰু ই জল তত্ত্বৰ অধীনৰ। কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে প্ৰকাশ কৰিছে যে এই বৰ্ষটোত আপুনি 2023 বৰ্ষৰ তুলনাত ভাল ফলাফল লাভ কৰিব। এই 2024 বৰ্ষত, 1 মে’, 2024 ৰপৰা বৃহস্পতি একাদশ গৃহলৈ যাত্ৰা কৰিব, ৰাহু আৰু কেতু ক্ৰমে তৃতীয় আৰু নৱম গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলত, আপোনাৰ দৈনন্দিন জীৱনৰ বিকাশ ঘটিব আৰু নৱম গৃহত ৰাহুৰ স্থিতিৰ বাবে দিঘলীয়া যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। 

অষ্টম গৃহত শণিৰ স্থিতিৰ বাবে স্বাস্থ্য, কেৰিয়াৰৰ বিকাশ আৰু সম্পৰ্কত সমস্যাৰ সৃষ্টি হ’ব পাৰে। বাৰ্ষিক ৰাশিফল 2024 অনুসৰি আপুনি বন্ধু-বৰ্গ আৰু জীৱনসঙ্গীৰপৰা যোগাযোগৰ ক্ষেত্ৰত সমস্যাৰ সম্মুখীন হ’ব পাৰে। যদিহে আপুনি ব্যৱসায়ত আছে তেনেহ’লে আপুনি লোকচান বা মধ্যমীয়া লাভৰ সম্মুখীন হ’ব পাৰে কিয়নো শণি অষ্টম গৃহত স্থিত হ’ব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে অংশীদাৰৰপৰা সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু লগতে ব্যৱসায়ৰ ক্ষেত্ৰত কঠোৰ প্ৰতিদ্বন্দিতাৰ সম্মুখীন হ’ব পাৰে। 

29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 পৰ্য্যন্ত শণিৰ পশ্চাদগামী গতিৰ বাবে আপুনি কেৰিয়াৰত প্ৰতিকূল ফল আৰু কম সন্তুষ্টি লাভ কৰিব পাৰে। এই সময়ছোৱাত, যদিহে আপুনি ব্যৱসায়ৰ লগত জড়িত তেনেহ’লে আপুনি লাভ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হ’ব পাৰে। আৰ্থিক দিশত, 1 মে’, 2024 ৰপৰা একাদশ গৃহত বৃহস্পতিৰ পৰিবহনৰ বাবে আৰ্থিক লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু এই সময়তে, চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত অষ্টম গৃহত শণিৰ উপস্থিতিৰ বাবে ব্যয় বৃদ্ধি পাব পাৰে। 

বিস্তৃতভাৱে পঢ়ক:কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

বিবাহৰ বাবে ৰাহি-যোৰা মিলন: বিবাহৰ বাবে সোঁৱৰণি মিলোৱা

সিংহ ৰাশি 

সিংহ হৈছে ৰাশিচক্ৰৰ পঞ্চম ৰাশি আৰু ই অগ্নি তত্ত্বৰ অধীনৰ। সিংহ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, সিংহ ৰাশিৰ জাতকসকলৰ বাবে বছৰটো এপ্ৰিল 2024 ৰ পূৰ্বলৈকে ভালেৰেই যাব কিয়ো উপকাৰী গ্ৰহ বৃহস্পতি নৱম গৃহত স্থিত হ’ব আৰু এই পৰিবহন আপোনাৰ বাবে আধ্যাত্মিক বিকাশ আৰু অৰ্থ লাভৰ ক্ষেত্ৰত যথেষ্ট ভাল হ’ব। লগতে, কেৰিয়াৰৰ ক্ষেত্ৰত পদোন্নতি আৰু স্থিৰতা লাভৰ সংকেত দেখা যায়। এপ্ৰিল 2024 পৰ্য্যন্ত পাৰিবাৰিক সুখ বিৰাজমান থাকিব।

মে’ 2024 ৰ পিছত, বৃহস্পতি দশম গৃহলৈ যাত্ৰা কৰিব আৰু ইয়াৰ ফলত, জীৱনসঙ্গীৰ সৈতে স্বাভিমানৰ লগত জড়িত সমস্য়াৰ উদ্ভৱ হ’ব পাৰে। জীৱনসঙ্গী আৰু পৰিয়ালৰ সৈতে আপুনি যথেষ্ট মোকাবিা কৰিব লাগিব। ইতিমধ্য শণি সপ্তম গৃত স্থিত হৈছে। সপ্তম গৃহত শণিৰ এই অৱস্থানে পৰিয়ালত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। শণি হৈছে সপ্তম গৃহৰ অধিপতি আৰু লগতে ই কেৰিয়াৰৰ গ্ৰহ। 

যিহেতু আপোনাৰ শণিৰ বিপৰীত ৰাশিত জন্ম হৈছে, সেয়েহে 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 পৰ্য্যন্ত শণিৰ পশ্চাদগামী গতি আপোনাৰ বাবে অনুকূল সময় নহ’বও পাৰে, য’ত চাকৰিৰ চাপ আৰু সম্পৰ্কত সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, বাৰ্ষিক ৰাশিফল 2024 য়ে এইদৰে প্ৰকাশ কৰে। যদিহে আপনি ব্যৱসায়ৰ লগত জড়িত তেনেহ’লে কিছু লোকচানৰ সম্মুখীন হ’ব পাৰে কিয়নো সপ্তম গৃহৰ অধিপতি হিচাপে শণি পশ্চাদগামী গতিত থাকিব। ৰাহু আৰু কেতু ক্ৰমান্বয়ে দ্বিতীয় আৰু অষ্টম গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলত, 2024 বৰ্ষত আৰ্থিক সমস্যা আৰু সম্পৰ্কত সমস্যাৰ সৃষ্টি হ’ব পাৰে। 

বিস্তৃতভাৱে পঢ়ক: সিংহ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

কন্যা ৰাশি

কন্যা হৈছে ৰাশিচক্ৰৰ ষষ্ঠ ৰাশি আৰু ই পৃথিৱী তত্ত্বৰ অধীনৰ। কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, কন্যা ৰাশিৰ জাতকসকলে মধ্যমীয়া ফলাফলপ্ৰাপ্ত কৰিব কিয়নো বৃহস্পতি এপ্ৰিল 2024 ৰ শেষলৈকে অষ্টম গৃহত থাকিব। ৰাহু আৰু কেতু ক্ৰমে প্ৰথম আৰু সপ্তম গৃহত স্থিত হ’ব।  এই বছৰটোত শণি ষষ্ঠ গৃহত থাকিব আৰু অনুকূল ফলপ্ৰদান কৰিব। বৃহস্পতি 1 মে’, 2024 ৰপৰা চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত নৱম গৃহত স্থিত হ’ব আৰু আপোনাক আত্মবিশ্বাস আৰু সজীৱতাৰ ৰূপত যথেষ্ট ভাল ফলাফ প্ৰদান কৰিব। 

1 মে’, 2024 ৰপৰা আপুনি কেৰিয়াৰত ভাল ফল পাব, নতুন চাকৰিৰ সুযোগ লাভ কৰিব আৰু এনে সুযোগবোৰে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। ষষ্ঠ গৃহত শণিৰ উপস্থিতিয়ে আপোনাক কেৰিয়াৰৰ ক্ষেত্ৰত আকাংক্ষিত ফল প্ৰদান কৰাৰ সম্ভাৱনা আছে। 1 মে’, 2024 ৰপৰা নৱম গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাক কেৰিয়াৰ, অৰ্থ আদিৰ ক্ষেত্ৰত প্ৰচূৰ সম্ভাৱনা প্ৰদান কৰিব।

চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত প্ৰথম আৰু সপ্তম গৃহত ক্ৰমে ৰাহু আৰু কেতুৰ উপস্থিতিয়ে আপোনাৰ ব্যক্তিগত জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাৰ্ষিক ৰাশিফল 2024 য়ে অনুমান কৰে যে আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটো পৰিহাৰ কৰক আৰু লগতে নতুন বিনিয়োগ নকৰিব কিয়নো লোকচান হোৱাৰ সম্ভাৱনা আছে। 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 লৈ শণিৰ পশ্চাদগামী গতিৰ সময়ছোৱা আপোনাৰ বাবে অনুকূল নহ’ব, আৰু কেৰিয়াৰত বাদাৰ সৃষ্টি কৰিব।

বিস্তৃতভাৱে পঢ়ক: কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

তুলা ৰাশি

তুলা হৈছে ৰাশিচক্ৰৰ সপ্তম ৰাশি আৰু ই বায়ু তত্ত্বৰ অধীনৰ। তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, তুলা ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো কেৰিয়াৰ, আৰ্থিক দিশ আদিৰ ক্ষেত্ৰত ভাল হ’ব। এপ্ৰিল 2024 পৰ্য্যন্ত বৃহস্পতি সপ্তম গৃহত অনুকূল অৱস্থাত থাকিব। 2024 বৰ্ষৰ বাবে শণি পঞ্চম গৃহত অনুকূল হৈ থাকিব আৰু আপোনাক যথেষ্ট লাভাম্বিত কৰিব। ষষ্ঠ আৰু দ্বাদশ গৃহত ৰাহু আৰু কেতুৰ উপস্থিতিয়ে কেৰিয়াৰ, অধিক অৰ্থ লাভ আদিৰ ক্ষেত্ৰত আপোনাক লাভাম্বিত কৰিব।

2023 বৰ্ষৰ তুলনাত, এই 2024 বৰ্ষটোৱে আপোনাক কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুযোগ প্ৰদান কৰি উপকৃতচ কৰিব। 2024 বৰ্ষত ধনৰ প্ৰৱাহ যথেষ্ট ভাল হ’ব আৰু ইয়াৰ ফলত, আপুনি অধিক সঞ্চয় কৰিব পাৰিব। বৃহস্পতি গ্ৰহে আপোনাক অৰ্থ লাভত সহায় কৰিব আৰু নতুন নতুন সুযোগ প্ৰদান কৰিব। 2024 বৰ্ষটো আপোনাৰ বাবে যথেষ্ট সৌভাগ্যশালী হ’ব। বাৰ্ষিক ৰাশিফল 2024 অনুসৰি আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত বিদেশত সুযোগ লাভ কৰিব আৰু ইয়াৰ বাবে আপুনি সন্তুষ্টি লাভ কৰিব। 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 লৈ শণিৰ পশ্চাদগামী গতিৰ সময়ছোৱা আপোনাৰ বাবে সিমান অনুকূল নহ’ব, আৰু ইয়াৰ বাবে, এই সময়ছোৱাত আপুনি নিজৰ সন্তানৰ বিকাশক লৈ চিন্তিত হ’ব পাৰে।

বিস্তৃতভাৱে পঢ়ক: তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

বৃশ্চিক ৰাশি 

বৃশ্চিক হৈছে ৰাশিচক্ৰৰ অষ্টম ৰাশি আৰু ই জলতত্ত্বক সূচিত কৰে। বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, এই ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো মে’ 2024 ৰপৰা ফলদায়ক হ’ব। চতুৰ্থ গৃহৰ অধিপতি হিচাপে শণি চতুৰ্থ গৃহতেই থাকিব আৰু কেৰিয়াৰৰ ক্ষেত্ৰত লাভাম্বিত কৰিব। আপুনি এই বছৰ কেৰিয়াৰৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু সুযোগবোৰ অধিক প্ৰত্যাহ্বানজনক হ’ব। 

আপুনি কৰি থকা কঠোৰ পৰিশ্ৰমৰ বাবে অধিক ভাল স্বীকৃতি প্ৰাপ্ত কৰিব আৰু 1মে’, 2024 ৰপৰা সপ্তম গৃহলৈ হোৱা বৃহস্পতিৰ লাভ প্ৰদানকাৰী পৰিবহনৰ বাবে এয়া সম্ভৱ হ’ব আৰু ই আপোনাৰ চন্দ্ৰ ৰাশিক প্ৰভাৱিত কৰিব। বৃহস্পতিৰ উপকাৰী পৰিবহনৰ ফলস্বৰূপে, আপুনি চাকৰিৰ ভাল সুযোগ পাব, বৃহৎ পৰিমাণৰ অৰ্থ লাভ প্ৰাপ্ত কৰিব, আকাংক্ষা পূৰণ হ’ব আৰু বিবাহ আদিৰ দৰে শুভ অনুষ্ঠান অনুষ্ঠিত হ’ব। 1 মে’, 2024 আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপোনাৰ উৎসাহজনক আত্মবিশ্বাসৰ ফলস্বৰূপে, আপুনি এই বছৰ যথেষ্ট সফলতা প্ৰাপ্ত কৰিব পাৰিব আৰু পঞ্চম আৰু একাদশ গৃহত ৰাহু-কেতুৰ উপস্থিতিৰ বাবে আপোনাৰ সফলতা বৃদ্ধি হ’ব।

বাৰ্ষিক ৰাশিফল 2024 ৰ মতে চন্দ্ৰ ৰাশিৰ সন্দৰ্বত পঞ্চম গৃহত ৰাহুৰ উপস্থিতিৰ বাবে আপুনি উত্তৰাধিকাৰসূত্ৰে অপ্ৰত্যাশিত আৰ্থিক লাভ প্ৰাপ্ত কৰিব। 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 লৈ শণিৰ পশ্চাদগামী গতিৰ সময়ছোৱা আপোনাৰ বাবে অনুকূল হ’ব আৰু পৰিয়ালত সুখ প্ৰদান কৰিব। আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বৰ বাবে এই সময়ছোৱাৰ সদব্যৱহাৰ কৰিব পাৰে।

বিস্তৃতভাৱে পঢ়ক: বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

ধনু ৰাশি

ধনু হৈছে ৰাশিচক্ৰৰ নৱম ৰাশি আৰু ই অগ্নি তত্ত্বৰ অধীনৰ। ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, এই 2024 বৰ্ষটোৱে এপ্ৰিল 2024 পৰ্য্যন্ত আপোনাক ভাল ফল প্ৰদান কৰিব কিয়নো বৃহস্পতি পঞ্চম গৃহত স্থিত হ’ব আৰু আপোনাক কেৰিয়াৰ, অৰ্থ আৰু সৌভাগ্যৰ ক্ষেত্ৰত যথেষ্ট ভাল সুযোগ প্ৰদান কৰিব। ৰাহু আৰু কেতুৱেও আপোনাক ভাল সুযোগ প্ৰদান কৰিব যিহতেু ইহঁত ক্ৰমে চতুৰ্থ আৰু দশম গৃহত স্থিত হ’ব।

এই বছৰ শণি তৃতীয় গৃহৰ অধিপতি হিচাপে চন্দ্ৰ ৰাশিৰ তৃতীয় গৃহত স্থিত হ’ব আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ বিকাশ বৃদ্ধি কৰিব। কোনো কোনোৱে চাকৰিৰ ক্ষেত্ৰত বিদেশত সুযোগ লাভ কৰিব। এনে চাকৰিবোৰ আপোনাৰ বাবে যোগ্য আৰু যথেষ্ট উন্নত হ’ব। এই বছৰ ধন প্ৰৱাহ যথেষ্ট ভাল হ’ব কিয়নো শণি তৃতীয় গৃহত স্থিত হ’ব আৰু ইয়াৰ লগে লগে কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুযোগ প্ৰাপ্তিৰদ্বাৰা আপুনি যথেষ্ট সন্তুষ্টি লাভ কৰিব। যদিহে আপুনি ব্যৱসায়ৰ লগত জড়িত, তেনেহ’লে এই 2024 বৰ্ষটোত আপুনি যথেষ্ট লাভ প্ৰাপ্ত কৰিব আৰু আপুনি নিজৰ ব্যৱসায়ৰ বিকাশ ঘটাব পাৰিব আৰু লগতে প্ৰতিদ্বন্দীসকলক কঠোৰ প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰিব।

বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, আপোনালোকৰ কোনো কোনোৱে কেৰিয়াৰৰ সন্দৰ্ভত বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব আৰু এনে সুযোগে আপোনাক সম্পূৰ্ণ সন্তুষ্টি প্ৰদান কৰিব। এই বছৰ, আপুনি উপাৰ্জন কৰা ধনৰ ভাল পৰিমাণ সঞ্চয় কৰিবলৈ সক্ষম হ’ব। 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 লৈ শণিৰ পশ্চাদগামী গতিৰ সময়ছোৱা আপোনাৰ বাবে সিমান অনুকূল নহ’ব আৰু আপোনাৰ সুখ-সুবিধা আৰু পৰিয়ালৰ সুখ-শান্তি হ্ৰাস হ’ব পাৰে। আপুনি এই সময়ছোৱাত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰিব।

বিস্তৃতভাৱে পঢ়ক: ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

মকৰ ৰাশি

মকৰ হৈছে ৰাশিচক্ৰৰ দশম ৰাশি আৰু ই পৃথিৱী তত্ত্বক সূচিত কৰে। মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, এই বছৰটো আপোনাৰ বাবে এটা ভাল বৰ্ষ হিচাপে প্ৰমাণিত হ’ব য’ত প্ৰধান গ্ৰহসমূহ বৃহস্পতি, ৰাহু/কেতু অনুকূল অৱস্থানত স্থিত হ’ব। আপুনি শণিৰ সাড়ে সতীৰ অন্তিম পৰ্য্য়ায়ত থাকিব আৰু শণি দ্বিতীয় গৃহত স্থিত হ’ব। ৰাহু আৰু কেতু ক্ৰমে তৃতীয় আৰু নৱম গৃহত স্থিত হ’ব যাক এক অনুকূল অৱস্থান বুলি ক’ব পৰা যায়। 

বৃহস্পতি 1 মে’, 2024 ৰপৰা চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত পঞ্চম গৃহলৈ যাত্ৰা কৰিব আৰু আপোনাক অনুকূল ফল প্ৰদান কৰিব। 2024 বৰ্ষত তৃতীয় আৰু নৱম গৃহত ৰাহু-কেতুৰ পৰিবহন আপোনাৰ বাবে শুভ হ’ব আৰু আপোনাক আত্মবিকাশ, সৌভাগ্য আদিৰ ক্ষেত্ৰত ভাল ফল প্ৰদান কৰিব। পঞ্চম গৃহত বৃহস্পতিৰ পৰিবহনৰ ফলস্বৰূপে আপুনি সন্তানৰপৰা সুখ আৰু সহযোগিতা লাভ কৰিব। বাৰ্ষিক ৰাশিফল 2024 অনুসৰি বৃহস্পতিৰ এই পৰিবহন আপোনাৰ বাবে এক আশীৰ্বাদস্বৰূপ হ’ব য’ত আপুনি বৃহৎ পৰিমাণৰ অৰ্থ লাভ কৰিব, অৰ্থ সঞ্চয় তথা উপাৰ্জন কৰিব পাৰিব, স্বাস্থ্য বালে থাকিব আৰু লগতে কেৰিয়াৰৰ নতুন সুযোগ প্ৰাপ্ত কৰিব। 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 লৈ শণিৰ পশ্চাদগামী পৰ্য্যায় আপোনাৰ বাবে অনুকূল সময় হ’ব।

বিস্তৃতভাৱে পঢ়ক:মকৰ  ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

কুম্ভ ৰাশি 

কুম্ভ হৈছে ৰাশিচক্ৰৰ একাদশ ৰাশি আৰু ই বায়ু তত্ত্বক সূচিত কৰে। কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, আপুনি কেৰিয়াৰত যথেষ্ট প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব, আৰু উপাৰ্জনৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সম্মুখীন হ’ব। কোনো কোনোৱে কেৰিয়াৰৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সম্মুখীন হ’ব পাৰে। শণি প্ৰথম গৃহত থাকিব আৰু আপুনি সাড়ে সতীৰ মধ্যম পৰ্য্যায়ত থাকিব, বৃহস্পতি এপ্ৰিল 2024 ৰ শেষলৈকে তৃতীয় গৃহত স্থিত হ’ব আৰু এপ্ৰিল 2024 লৈকে আপোনাক অনুকূল ফল প্ৰদান নকৰে।

1 মে’, 2024 ৰপৰা বৃহস্পতি চতুৰ্থ গৃহলৈ যাত্ৰা কৰিব আৰু আপোনাক লাভাম্বিত কৰাৰ লগতে সুখ-শান্তি প্ৰদান কৰিব। ৰাহু আৰু কেতু ক্ৰমে দ্বিতীয় আৰু অষ্টম গৃহত স্থিত হ’ব। ৰাহু-কেতুৰ এই অৱস্থানৰ বাবে অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত সমস্যা আৰু উত্থান-পতনৰ সম্মুখীন হ’ব। প্ৰথম গৃহত শণিৰ স্থিতিৰ বাবে চাকৰিত বোজা অধিক হোৱাৰ লগতে কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে। চাকৰিৰ ক্ষেত্ৰত অধিক ভ্ৰমণ কৰিবলগীয়া হ’ব আৰু এনে ভ্ৰমণ আপোনাৰ বাবে প্ৰ্যত্যাহ্বানজনক হ’ব পাৰে। সঞ্চয়ৰ সুযোগ মধ্যমীয়া হ’ব আৰু উপাৰ্জন ভাল হ’ব, লগতে ব্যয়ো হ’ব। 

সামগ্ৰিকভাৱে, আপুনি নতুন বিনিয়োগ আদিৰ দৰে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো পৰিহাৰ কৰি চলক। 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 লৈ শণিৰ পশ্চাদগামী গতিৰ সময়ছোৱা আপোনাৰ বাবে অনুকূল নহ’ব আৰু এই সময়ছোৱাত আপোনাৰ লাভ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। শণিৰ পশ্চাদগামী গতিৰ সময়ছোৱাই স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বিস্তৃতভাৱে পঢ়ক: কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

মীন ৰাশি

মীন হৈছে ৰাশিচক্ৰৰ দ্বাদশ ৰাশি আৰু ই জল তত্ত্বক সূচিত কৰে। মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, এই বছৰ শণি চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত দ্বাদশ গৃহত স্থিত হ’ব আৰু ই সাড়ে সতীৰ আৰম্ভণি পৰ্য্য়ায়ক সূচিত কৰে। বৃহস্পতি 1 মে’, 2024 ৰপৰা তৃতীয় গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলত, ধনৰ প্ৰৱাহ বিঘ্নিত হ’ব আৰু ব্যয় বৃদ্ধি হ’ব যিটো আপুনি চম্ভালাত ব্যৰ্থ হ’ব পাৰে। চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত প্ৰথম গৃহত ৰাহু আৰু সপ্তম গৃহত কেতুৰ উপস্থিতিয়ে সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু লগতে স্বাস্থ্য আৰু আৰ্থিক দিশত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

কোনো কোনো লোকৰ বাবে চাকৰিৰ লগত জড়িত সমস্যাৰ উদ্ভৱ হ’ব পাৰে আৰু নতুন চাকৰিৰ সম্ভাৱনা হেৰুৱাব পাৰে। চকুৰ খচখচনি, ভৰিৰ বিষ আদিৰ দৰে স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। সামগ্ৰিকভাৱে যিহেতু আপোনাৰ সাড়ে সতী চলি আছে আৰু প্ৰথম গৃহত ৰাহু, আৰু সপ্তম গৃহত কেতুৰ উপস্থিতি আপোনাৰ বাবে অনুকূল নহয় সেয়েহে এই 2024বৰ্ষটো আপোনাৰ বাবে সমস্যাৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা অধিক। বাৰ্ষিক ৰাশিফল 2024 য়ে অনুমান কৰে যে 1 মে’, 2024 ৰ পিছত কোনো কোনো লোকৰ চাকৰিৰ স্থানৰ পৰিৱৰ্তন হ’ব পাৰে। আপুনি স্বাস্থ্যৰ যত্ন ল’ব লাগিব আৰু আপুনি এইক্ষেত্ৰত ভালদৰে চেষ্টা কৰা উচিত। 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 লৈ শণিৰ পশ্চাদগামী পৰ্য্যায় আপোনাৰ বাবে অনুকূল সময় নহয় আৰু এই সময়ছোৱাত আপোনাৰ লাভ হ্ৰাস পাব পাৰে। শণিৰ গতিয়ে আপোনাক স্বাস্থ্যজনিত সমস্যা প্ৰদান কৰিব পাৰে।

বিস্তৃতভাৱে পঢ়ক:মীন  ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

আপুনি প্ৰৱন্ধটো ভাল পাইছে বুলি আশা কৰিছোঁ। MyKundali-ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ থকাৰ বাবে অশেষ ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে সংযোজিত হৈ থাকক।