Personalized
Horoscope

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024-য়ে বৃষ ৰাশিৰ জাতকসকলৰ জীৱনৰ বিভিন্ন দিশ যেনে কেৰিয়াৰ, বিত্ত, পৰিয়াল, স্বাস্থ্য, ব্যৱসায় আদিৰ পূৰ্বানুমানসমূহ প্ৰকাশ কৰিছে। যদিহে আপুনি বৃষ ৰাশিৰ জাতক আৰু আগন্তুক ভৱিষ্যতত আপোনাৰ বাবে কি আছে সেয়া জানিব বিচাৰে তেনেহ’লে এই প্ৰৱন্ধটো আপোনাৰ বাবে উপযুক্ত হ’ব।

Read in English : Taurus Yearly Horoscope 2024

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰে যে বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি বৃষ হৈছে ৰাশিচক্ৰৰ দ্বিতীয় ৰাশি আৰু ই পৃথিৱী ৰাশিৰ অধীনৰ। ই শুক্ৰ গ্ৰহৰদ্বাৰা শাসিত, সেয়েহে এই ৰাশিৰ জাতকসকল সাধাৰণতে প্ৰাণোচ্ছল আৰু বিনোদন প্ৰিয় স্বভাৱৰ হয়। বৃষ ৰাশিৰ জাতকসকলৰ বিলাসিতা, কলাসুলভ কাৰ্য্যৰ প্ৰতি অধিক আগ্ৰহ থাকে। শুক্ৰই 31 মাৰ্চ 2024 ৰপৰা 24 এপ্ৰিল 2024 লৈ মীন ৰাশি দখল কৰিব আৰু শক্তিশালী হৈ পৰিব। এই সময়ছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ কিয়নো জাতকসকলে সৌভাগ্য লাভ কৰাৰ সম্ভাৱনা আছে।

Read in Hindi: वृषभ वार्षिक राशिफल 2024

তাৰপিছত 19 মে’2024 ৰপৰা 12 জুন 2024 পৰ্য্যন্ত, শুক্ৰই নিজৰ ৰাশি বৃষ দখল কৰিব আৰু এই সময়ছোৱাত, এই জাতকসকলে কেৰিয়াৰ, অৰ্থ আৰু সৌভাগ্যৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ উন্নতি লাভ কৰিব। 19 মে’2024 ৰপৰা 12 জুন 2024 লৈকে সম্পৰ্কৰ ক্ষেত্ৰতো অনুকূল ফল প্ৰাপ্ত কৰিব।

এই বছৰ, বৃহস্পতিয়ে 1 মে’ 2024 তাৰিখে মেষ ৰাশিৰপৰা বৃষ ৰাশিত প্ৰৱেশ কৰিব আৰু এই পৰিবহনটো বৃষ ৰাশিৰ জাতকসকলৰ বাবে অনুকূল নহ’বও পাৰে, কিয়ো বৃহস্পতিয়ে চন্দ্ৰ ৰাশিৰ প্ৰথম গৃহলৈ যাত্ৰা কৰিব আৰু বৃহস্পতি হৈছে অষ্টম গৃহৰ অধিপতি। পৰিবহনৰ সময়ত শণিয়ে এই জাতকসকলক শুভ ফল প্ৰদান কৰিব কিয়নো শণিয়ে চন্দ্ৰ ৰাশিত সন্দৰ্ভত কুম্ভ ৰাশিৰ দশম গৃহত স্থিত হ’ব। শণিৰ এই অৱস্থানে এই লোকসকলক কৰ্মক্ষেত্ৰত সন্মান আৰু সৌভাগ্য প্ৰদান কৰিব। অৱশ্যে, 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 লৈ, শণিৰ পশ্চাদগমন হ’ব আৰু ইয়াৰ ফলত, কেৰিয়াৰ, অৰ্থ আদিৰ ক্ষেত্ৰত শুভ ফল হ্ৰাস পাব পাৰে।

লগতে পঢ়ক: দৈনিক ৰাশিফল

2024ত ৰাহু আৰু কেতু গ্ৰহ মীন আৰু কন্যা ৰাশিত স্থিত হ’ব। 2024-ত একাদশ গৃহত মীন ৰাশিত স্থিত ৰাহু আৰু পঞ্চম গৃহত স্থিত কেতুৱে 2024 বৰ্ষৰ তুলনাত এই লোকসকলক শুভ ফল প্ৰদান কৰিব। বৃহস্পতিয়ে 2024 ত এইসকল লোকক আধ্যাত্মিক পথৰ প্ৰতি আকৰ্ষিত কৰি তুলিব পাৰে আৰু অষ্টম গৃহৰ অধিপতি হিচাপে প্ৰথম গৃহত স্থিত বৃহস্পতিৰ অৱস্থানৰ বাবে চাকৰিৰ পৰিৱৰ্তন বা স্থানান্তৰ ঘটিব পাৰে। মে’ 2024 ৰপৰা এই লোকসকল কিছু উত্তৰাধিকাৰ সূত্ৰৰ চাপৰ সম্মুখীন হ’ব পাৰে। কিন্তু বৃহস্পতিৰ পৰিবহনৰ ফলত উত্তৰাধিকাৰ সূত্ৰে আৰু অন্যান্য উৎসৰপৰা লাভাম্বিত হ’ব।

আগবাঢ়ি যাওঁ আৰু এতিয়াই বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 পঢ়োঁ আহক!

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: কেৰিয়াৰ

বৃষ ৰাশিৰ ৰাশিফল 2024 অনুসৰি, কেৰিয়াৰৰ ক্ষেত্ৰত এই লোকসকলে মিশ্ৰিত ফলাফল প্ৰাপ্ত কৰিব কিয়নো শণি দশম গৃহত স্থিত হ’ আৰু এই গৃহটো হৈছে বৃত্তিৰ গৃহ। শণিৰ এই অৱস্থান আপোনাৰ বাবে অনুকূল হ’ব কিন্তু আপুনি কামত অধিক ব্যস্ত হৈ পৰিবলগীয়া হ’ব পাৰে। বিদেশত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে যিহেতু নৱম গৃহত অধিপতি দশম গৃহত স্থিত হ’ব। আপোনাৰ কামৰ বোজা বাঢ়িব আৰু ইয়াৰ ফলত, আপুনি জিৰণী ল’বৰ বাবে পৰ্যাপ্ত সময় নাপাব। সেয়েহে, পদোন্নতি লাভ আৰু অধিক উপাৰ্জন কৰাৰ স্বাৰ্থত, আপুনি আৰাম ত্যাগ কৰিবলগীয়া হোৱাৰ লগতে প্ৰত্যাহ্বানজনক কামৰ সময়সূচী মতে চলিব লাগিব।

ইয়াৰ পিছত, 2024 ত, বৃহস্পতিয়ে অষ্টম আৰু একাদশ গৃহৰ অধিপতি হিচাপে প্ৰথম গৃহ দখল কৰিব আৰু ইয়াৰ ফলত, আকস্মিকভাৱে চাকৰিৰ পৰিৱৰ্তন অথবা চাকৰিত স্থান বদলিৰ নিৰ্দেশ আহিব পাৰে। এই সময়তে, শণিৰ সৈতে বৃহস্পতি দশম গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলত, কামত অধিক প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। কিন্তু, ইয়াৰ বাবে আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব।

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024-য়ে কয় যে অন্যহাতে, 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 পৰ্য্যন্ত শণিৰ পশ্চাদগামী গতিৰ বাবে আপুনি কামত অধিক মনোনিৱেশ কৰিব লাগিব আৰু এই সময়ছোৱাত, আপুনি কেৰিয়াৰত অধিক প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ ফলত, আপুনি কামৰ ক্ষেত্ৰত অধিক সাৱধান হ’ব লাগিব কিয়নো কামত আসোঁৱাহ থাকি যোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ গ্ৰহ শণি এক অনুকূল অৱস্থানত দশম গৃহত স্থিত হ’ব আৰু এই বছৰ আপোনাক বহুতো লাভালাভ প্ৰদান কৰিব, কিন্তু প্ৰথম গৃহত বৃহস্পতিৰ উপস্থিতিয়ে চাকৰিৰ আকস্মিক পৰিৱৰ্তন বা স্থানান্তৰ আদিৰ দৰে ক্ষেত্ৰত কিছুমান সংকট আৰু বাধাৰ সৃষ্টি কৰিব পাৰে।

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: আৰ্থিক জীৱন

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024-য়ে প্ৰকাশ কৰে যে এপ্ৰিল 2024ৰপৰা ধনৰ প্ৰৱাহ মসৃণ নহ’ব পাৰে যিহেতু ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কাৰণ বৃহস্পতি আপোনাৰ বাবে চন্দ্ৰ ৰাশিৰ দ্বাদশ গৃহত স্থিত হ’ব। ইয়াৰ ফলত, আয় আৰু ব্যয় দুয়োটাই থাকিব কাৰণ বৃহস্পতি হৈছে অষ্টম আৰু একাদশ গৃহৰ অধিপতি।

1মে’, 2024ৰপৰা, বৃহস্পতিয়ে চন্দ্ৰ ৰাশিৰপৰা প্ৰথম গৃহ দখল কৰিব আৰু ই সূচায় যে আপোনাৰ ধন লাভ মধ্যমীয়া হ’ব আৰু সেয়েহে সঞ্চয়ৰ সুযোগ সিমান অধিক নহয়। কিন্ত এই সময়তে, 1 মে’, 2024ৰপৰা অষ্টম আৰু একাদশ গৃহৰ অধিপতি হিচাপে বৃহস্পতিয়ে আপোনাক উত্তৰাধিকাৰ সূত্ৰে আৰু অন্যান্য অপ্ৰত্যাসিত সূত্ৰৰপৰা অধিক লাভাম্বিত হোৱাৰ সুযোগ প্ৰদান কৰিব। ৰাশিৰ অধিপতি শুক্ৰই 2024 বৰ্ষৰ বাবে 18 জানুৱাৰী 2024 ৰপৰা 11 জুন 2024 পৰ্য্যন্ত অনুকূল স্থিতি দখল কৰিব আৰু এই সময়ছোৱাত, আপোনাৰ আৰ্থিক দিশ উন্নত হোৱাৰ লগতে সঞ্চয়ৰ সুযোগো বৰ্দ্ধিত হ’ব।

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰে যে বছৰটোৰ দ্বিতীয় তিনিমাহত মে’2024ৰপৰা আপুনি অৰ্থ উপাৰ্জনৰ অধিক ভাল সুযোগ প্ৰাপ্ত কৰিব। লগতে, 1 ফেব্ৰুৱাৰী, 2024 ৰপৰা 8 এপ্ৰিল, 2024 পৰ্য্যন্ত, বুধৰ অনুকূল অৱস্থানৰ বাবে, আপুনি নিজৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰিব আৰু ভাল পৰিমাণৰ অৰ্থ সঞ্চয় কৰিবও পাৰিব। শণি আপোনাৰ বাবে দশম গৃহত থাকিব আৰু অৰ্থৰ ক্ষেত্ৰত আপোনাক শুভ ফল প্ৰদান কৰিব। একাদশ গৃহত থকা ৰাহু আৰু পঞ্চম গৃহত থকা কেতুৱে আয় আৰু ব্যয়ৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল প্ৰদান কৰিব।

আপোনাৰ শুভ সংখ্যা জানক: সাংখ্যিক কেলকুলেটৰ

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: শিক্ষা

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024-য়ে পৰামৰ্শ আগবঢ়ায় যে আপোনাৰ বাবে শিক্ষাৰ সম্বাৱনীয়তা সিমান প্ৰত্যয়জনক নহ’ব পাৰে কিয়নো 1 মে’, 2024ৰপৰা বৃহস্পতি চন্দ্ৰ ৰাশিৰ প্ৰথম গৃহত স্থিত হ’ব আৰু কিছুমান নিৰস মুহুৰ্ত প্ৰদান কৰিব পাৰে। ইয়াৰ পূৰ্বে, বৃহস্পতি চন্দ্ৰ ৰাশিৰ দ্বাদশ গৃহত স্থিত হ’ব আৰু ই আপোনাৰ অধ্যয়নৰ সম্ভাৱনা হ্ৰাস কৰি তুলিব পাৰে।

চতুৰ্থ গৃহৰ অধিপতি সূৰ্য্য 13 এপ্ৰিল 2024 ৰপৰা 14 মে’2024 লৈকে দ্বাদশ গৃহত শক্তিশালী হৈ থাকিব আৰু সূৰ্য্যৰ এই অৱস্থানত, আপুনি অধ্যয়নত ভালদৰে মনোনিৱেশ কৰিব লাগিব। সাধাৰণতে এই বৰ্ষটোত আপুনি অধ্যয়নৰ ক্ষেত্ৰত ফল প্ৰাপ্ত কৰাত বিলম্বৰ সম্মুখীন হ’ব পাৰে কিয়নো শণিয়ে চন্দ্ৰ ৰাশিৰপৰা আপোনাৰ দ্বাদশ গৃহত প্ৰভাৱ পেলাব। বৃষ ৰাশিৰ সাপ্তাহিক ৰাশিফল 2024-য়ে কয় যে অধ্যয়নৰ গ্ৰহ বুধে 20 ফেব্ৰুৱাৰী, 2024 ৰপৰা 7 মাৰ্চ, 2024 পৰ্য্যন্ত এক অনুকূল অৱস্থানত থাকিব আৰু এই সময়ছোৱা আপোনাৰ বাবে অধ্যয়নত বিকাশৰ ক্ষেত্ৰত যথেষ্ট অনুকূল হ’ব আৰু আপুনি নিজৰ দক্ষতা প্ৰমাণিত কৰিবৰ বাবে এই সময়ছোৱাৰ সদব্যৱহাৰ কৰিব।

1 মে’, 2024ৰপৰা, আপোনাৰ প্ৰথম গৃহত বৃহস্পতিৰ পৰিবহন হ’ব আৰু বুধৰ দ্বাৰা শাসিত পঞ্চম গৃহত প্ৰভাৱ পেলাব। পঞ্চম গৃহত বৃহস্পতিৰ এই প্ৰভাৱ অধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰমাণ কৰিবৰ বাবে শুভ প্ৰমাণিত হ’ব। এই সকলোবোৰ 1মে’, 2024ৰ পিছত হ’ব যেতিয়া বৃহস্পতিয়ে বুধৰদ্বাৰা শাসিত পঞ্চম গৃহত প্ৰভাৱ পেলাব আৰু এয়া বৃত্তিগত শিক্ষাত সফলতা অৰ্জন কৰাৰ বাবে এক ভাল সংকেত।

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: পাৰিবাৰিক জীৱন

বৃষ ৰাশিৰ ৰাশিফল 2024 -য়ে প্ৰকাশ কৰিছে যে বৃষ ৰাশিৰ জাতকসকলে 1 মে’, 2024 পৰ্য্যন্ত উৎসাহজনক ফল প্ৰাপ্ত নকৰে কিয়নো বৃহস্পতি দ্বাদশ গৃহত থাকিব আৰু এয়া পাৰিবাৰিক সুখ-শান্তি তথা পৰিয়ালৰ সদস্যসকলৰ মাজত সুখ-শান্তি বিৰাজ কৰাৰ বাবে এক শুভ লক্ষণ নহয়। অৱশ্যে, আপোনাৰ চন্দ্ৰ ৰাশিৰ বাবে অনুকূল গ্ৰহ শণিয়ে চতুৰ্থ গৃহত প্ৰভাৱ পেলাব আৰু ইয়াৰ ফলত, আপুনি পৰিয়াললৈ কিছু সুখ-শান্তি আনিবলৈ সক্ষম হ’ব।

বৃষ ৰাশিৰ ৰাশিফল 2024 য়ে অনুমান কৰিছে যে 1মে’, 2024ৰপৰা, বৃহস্পতিৰ পৰিবহনে আপোনাক কিছু চাপ দিব পাৰে কিয়নো ই চন্দ্ৰ ৰাশিৰ প্ৰথম গৃহত স্থিত হ’ব, কিন্তু বিশেষ গুৰুতৰ এো নহয় কাৰণ বৃহস্পতিয়ে বুধৰদ্বাৰা শাসিত পঞ্চম গৃহত প্ৰভাৱ পেলাব। 12 জুন 2024ৰপৰা 18 ছেপ্তেম্বৰ 2024লৈকে আপোনাৰ প্ৰথম গৃহৰ অধিপতি শুক্ৰই কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু পৰিয়ালত সুখ-শান্তি হ্ৰাস কৰিব পাৰে। সম্পত্তিৰ লগত জড়িত বিষয়ক লৈ পৰিয়ালত ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে।

বৃহস্পতিৰ পৰিবহন পাৰিবাৰিক জীৱন আৰু সম্পৰ্কৰ ক্ষেত্ৰত সমস্যাপূৰ্ণ হ’ব পৰে। এই বছৰটোত স্বাভিমান সম্পৰ্কীয় সমস্যাৰ উদ্ভৱ হ’ব পাৰে কাৰণ হানিকাৰক গ্ৰহ কেতুৱে পঞ্চম গৃহ দখল কৰি অশান্তিৰ সৃষ্টি কৰিব। 

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰেম আৰু বিবাহ

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰিছে যে 2024 বৰ্ষটো প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত অনুকূল নোহোৱাৰ সম্ভাৱনা অধিক কিয়নো 1মে’, 2024 পৰ্য়্যন্ত বৃহস্পতি দ্বাদশ গৃহত স্থিত হ’ব আৰু ই প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত শুভ নহয়। 1মে’, 2024ৰ পিছত, বৃহস্পতিৰ পৰৱৰ্তী পৰিবহন আপোনাৰ চন্দ্ৰ ৰাশিৰ বৃষ ৰাশিত হ’ব আৰু ইয়াৰ ফলত, প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তিৰত হোৱাৰ সম্ভাৱনা জটিল হ’ব। লগতে, চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত পঞ্চম গৃহত কেতুৰ উপস্থিতিয়ে এই বছৰ প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত অধিক সম্ভাৱনা কঢ়িয়াই আনিব পাৰে। 

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে কয় যে, ইয়াৰ পিছত, প্ৰেম আৰু বিবাহৰ গ্ৰহ শুক্ৰ 31 মাৰ্চ, 2024 ৰপৰা 12 জুন, 2024 লৈ এক অনুকূল অৱস্থানত থাকিব আৰু ই সূচিত কৰে যে আপুনি প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত অনুকূল ফল প্ৰাপ্ত কৰিব পাৰিব। আপুনি এই সময়ছোৱাক বিবাহৰ বাবে সদব্যৱহাৰ কৰিব পাৰিব আৰু শুদ্ধ সিদ্ধান্ত ল’ব পাৰিব। এই বছৰ চন্দ্ৰ ৰাশিৰ মীন ৰাশিৰ একাদশ গৃহত ৰাহুৰ পৰিবহনৰ ফলত প্ৰেম আৰু বিবাহৰ পথ মুকলি হ’ব পাৰে।

বিবাহৰ ৰাহি-যোৰা মিলন: বিবাহৰ বাবে সোঁৱৰণি মিলোৱা

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: স্বাস্থ্য

বৃষ ৰাশিৰ ৰাশিফল 2024 -য়ে কয় যে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হৈ থকা উচিত কাৰণ চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত অষ্টম গৃহৰ অধিপতি হিচাপে প্ৰথম গৃহত স্থিত বৃহস্পতিয়ে আপোনাক অসুৰক্ষিত অনুভূতি প্ৰদান কৰিব পাৰে আৰু আপুনি চকু তথা ডিঙিৰ লগত জড়িত স্বাস্থ্যজনিত সমস্য়াৰ সম্মুখীন হ’ব পাৰে। অৱশ্যে, চন্দ্ৰ ৰাশিৰ একাদশ গৃহত স্থিত ৰাহুৱে আপোনাক স্বাস্থ্যৰ ক্ষেত্ৰত শুভ সংকেত প্ৰদান কৰিব আৰু সমস্যাৰ সম্মুখীন হোৱাত আপোনাক সহায় কৰিব।

বৃষ ৰাশিৰ ৰাশিফল 2024 য়ে প্ৰকাশ কৰিছে যে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ফলস্বৰূপে আপুনি পাচনৰ সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু লগতে অধিক চাপৰ সম্মুখীন হোৱাৰ সম্ভাৱনা আছে। প্ৰধান গ্ৰহ শণিয়ে দশম গৃহ দখল কৰিব আৰু ই হৈছে চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত এটা শুভ গ্ৰহ আৰু ই আপোনাৰ স্বাস্থ্যৰ বাবে ইতিবাচক শক্তি প্ৰদান কৰিব। লগতে, পঞ্চম, সপ্তম আৰু নৱম গৃহত বৃহস্পতিৰ প্ৰভাৱে ভাল স্বাস্থ্য অটুত ৰখাৰ ক্ষেত্ৰত ভাল ফল প্ৰদান কৰিব। এক সুস্থিৰ স্বাস্থ্যৰ বাবে, যোগাভ্যাস আৰু ধ্য়ান কৰা উচিত যি আপোনাক ৰোগ প্ৰতিৰোধ ক্ষমতাৰ উচ্চ স্তৰত উপনীত হোৱাৰ সহায় কৰিব।

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰতিকাৰসমূহ

  • দৈনিক দুৰ্গা চালিশা পাঠ আৰু বিশেষকৈ মঙ্গলবাৰে পাঠ কৰাটো লাভজনক হ’ব।
  • বৃহস্পতিবাৰে বৃহস্পতিৰ বাবে যজ্ঞ-হোম কৰক।
  • দৈনিক 21 বাৰ “ওম গুৰৱে নমঃ” জপ কৰক।

আপুনি প্ৰৱন্ধটো ভাল পাইছে বুলি আশা কৰিছোঁ। MyKundali-ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ থকাৰ বাবে অশেষ ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে সংযোজিত হৈ থাকক।

সঘনাই সোধা প্ৰশ্ন

বৃষ ৰাশিৰ জাতকসকলৰ বাবে 2024 এটা সৌভাগ্যৱান বৰ্ষ হয় নে?

হয়, বৃষ ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো এটা প্ৰায় অনুকূল বৰ্ষ হ’ব।

2024 বৰ্ষটো বৃষ ৰাশিৰ জাতকসকল প্ৰেম জীৱনৰ বাবে ভাল হ’ব নে?

2024ৰ দ্বিতীয়াৰ্দ্ধটো বৃষ ৰাশিৰ জাতকসকলৰ প্ৰেম জীৱনৰ বাবে অনুকূল হ’ব।

বৃষ ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো কেনে হ’ব?

2024ৰ প্ৰথমাৰ্দ্ধটো বৃষ ৰাশিৰ জাতকসকলৰ বাবে সিমান অনুকূল নহ’ব, কিন্তু দ্বিতীয়াৰ্দ্ধত তেওঁলোকে শুভ ফল প্ৰাপ্ত কৰিব পাৰিব।

2024 চনত কোনকেইটা ৰাশি অধিক সৌভাগ্যৱান হ’ব?

2024 চনত বৃষ, সিংহ, আৰু মীন ৰাশিকেইটা অধিক সৌভাগ্যৱান হ’ব।