Personalized
Horoscope

মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

এই প্ৰৱন্ধটোত, আমি মকৰ ৰাশিৰ 2024 বাৰ্ষিক ৰাশিফল আৰু তাৰ প্ৰভাৱসমূহৰ ওপৰত আলোকপাত কৰিছোঁ। মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে এই ৰাশিৰ জাতকসকলৰ জীৱনৰ বিভিন্ন দিশ যেনে কেৰিয়াৰ, বিত্ত, সম্পৰ্ক, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদিৰ ক্ষেত্ৰত তেওঁলোকৰ ভাগ্য কেনে হ’ব সেয়া প্ৰকাশ কৰিছে। বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, মকৰ হৈছে ৰাশিচক্ৰৰ দশম গ্ৰহ আৰু ই পৃথিৱী তত্ত্বৰ অধীনৰ।

Read in English : Capricorn Yearly Horoscope 2024 

মকৰ ৰাশি শণি গ্ৰহৰদ্বাৰা শাসিত যি উদাৰতা আৰু কাৰ্য্যক প্ৰতিনিধিত্ব কৰে। আগন্তুক 2024 বৰ্ষটোৱে মে’ 2024 ৰপৰা কেৰিয়াৰ, অৰ্থ, সম্পৰ্ক আদিৰ ক্ষেত্ৰত ভাল ফলাফল প্ৰদান কৰিব কাৰণ বৃহস্পতি পঞ্চম গৃহত স্থিত হ’ব।

মে’ 2024 ৰ পূৰ্বে, বৃহস্পতি তৃতীয় আৰু দ্বাদশ গৃহৰ অধিপতি হিচাপে মেষ ৰাশিৰ চতুৰ্থ গৃহত স্থিত হ’ব বুলি মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে প্ৰকাশ কৰিছে। 2024 বৰ্ষৰ বাবে শণি দ্বিতীয় গৃহত স্থিত হ’ব আৰু ই সাড়ে সাতীৰ অন্তিম আঢ়ৈ বছৰক সূচিত কৰে যি পুণৰূত্থান আৰু সফলতাৰ পথলৈ পুণৰ্গমনৰ সংকেত দিয়ে। দ্বিতীয় গৃহত শণিৰ উপস্থিতিয়ে পাৰিবাৰিক প্ৰতিশ্ৰুতি আৰু দায়িত্ব বৃদ্ধি কৰিব পাৰে। ৰাহু অনুকূল হৈ থাকিব আৰু ই তৃতীয় গৃহ দখল কৰিব আৰু কেতুৱে নৱম গৃহ দখল কৰিব। ৰাহু আৰু কেতুৰ অৱস্থানে আপোনাৰ বাবে অতি ভাল সফলতাৰ ইংগিত দিয়ে।

লগতে পঢ়ক: দৈনিক ৰাশিফল

বছৰটোৰ দ্বিতীয়াৰ্দ্ধ এপ্ৰিল 2024 ৰপৰা যথেষ্ট মসৃণ হ’ব কাৰণ বৃহস্পতিয়ে মে’ 2024 ৰপৰা পঞ্চম গৃহ দখল কৰিব, ইয়াৰ ফলত, আপুনি নিজৰ জীৱন, কেৰিয়াৰৰ সুস্থিৰতা, আৰু আৰ্থিক দিশত যথেষ্ট ভাল ফল প্ৰাপ্ত কৰিব, মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে এইদৰে কয়। মে’ 2024 ৰপৰা পঞ্চম গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাক সফলতা লাভৰ ক্ষেত্ৰত ভাল সংকেত প্ৰদান কৰিব আৰু আধ্যাত্মিক পথ, কেৰিয়াৰত পদোন্নতি লাভ, অধিক অৰ্থ লাভ, ব্যক্তিগত জীৱনত সুখ প্ৰাপ্তি আদিৰ ক্ষেত্ৰত লাভাম্বিত হ’ব। 

পঞ্চম গৃহত বৃহস্পতিৰ অনুকূল পৰিবহনৰ বাবে মে’2024 ৰ পিছত আপুনি যথেষ্ট সুখ-সুবিধা প্ৰাপ্ত কৰিব পাৰে। এই বছৰ মে’ 2024 -ৰপৰা পঞ্চম গৃহত বৃহস্পতিৰ পৰিবহনৰ বাবে, আপুনি যথেষ্ট পৰিমাণৰ ধন লাভ, সঞ্চয় আদিৰ ক্ষেত্ৰত ভাল ফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব বুলি মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে প্ৰকাশ কৰে। 

যদিহে আপুনি ব্যৱসায়ত আছে, তেনেহ’লে আপুনি এই সময়ছোৱাত লাভাম্বিত হ’ব পাৰিব আৰু লাভালাভ বৃদ্ধি কৰিব পাৰিব। মে’ 2024 ৰ পিছত পঞ্চম গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাক কেৰিয়াৰ, অৰ্থ লাভ, সম্পৰ্কত সুখ প্ৰাপ্তি আদিৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰাত সহায় কৰিব। বৃহস্পতিয়ে পঞ্চম গৃহ দখল কৰাৰ পৰা উপাসনা, আৰু ধৰ্মীয় কাৰ্য্যত জড়িত হোৱাৰদ্বাৰা আপুনি ওপৰলৈ আগবাঢ়ি যাব পাৰিব আৰু যথেষ্ট ভাল ফলাফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। তৃতীয় গৃহত ৰাহু আৰু নৱম গৃহত কেতুৰ উপস্থিতিৰ বাবে পৰিয়াল, সম্পৰ্ক, আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। 

Read in Hindi : मकर वार्षिक राशिफल 2024

ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি ল’ব বিচৰা যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত মে’ 2024 ৰ পিছত ল’ব পাৰে কাৰণ বৃহস্পতি পঞ্চম গৃহত স্থিত হ’ব আৰু চন্দ্ৰ ৰাশিক প্ৰভাৱিত কৰিব।

সেয়েহে সংক্ষিপ্ত ৰূপত ক’বলৈ গ’লে, মে’ 2024 ৰ পিছৰ সময়ছোৱা কেৰিয়াৰ, অৰ্থ, আধ্যাত্মিক দিশ, সম্পৰ্ক, আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ বাবে যথেষ্ট ভাল হ’ব। তৃতীয় গৃহত ৰাহু আৰু নৱম গৃহত কেতুৰ উপস্থিতি আপোনাৰ বাবে শুভ প্ৰমাণিত হ’ব, আপুনি যথেষ্ট আনন্দিত হোৱাৰ লগতে শুভ ফলাফল প্ৰাপ্ত কৰিব। 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 লৈ সময়ছোৱাত শণিৰ পশ্চাদগমন হ’ব আৰু ইয়াৰ ফলত, কেৰিয়াৰ বিত্ত আদিৰ ক্ষেত্ৰত ভাল ফল হ্ৰাস পাব পাৰে। 

এই সকলোবোৰ ফলাফল সাধাৰণ প্ৰকৃতিৰ আৰু ব্যক্তিগত ৰাশিফল অনুযায়ী আপোনাৰ বাবে অধিক উপযুক্ত ফলাফল সম্ভৱ হ’ব পাৰে |

আপোনাৰ শুভ সংখ্যা জানক: সাংখ্যিক কেলকুলেটৰ

মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 : কেৰিয়াৰ

মকৰ ৰাশিৰ ৰাশিফল 2024 অনুসৰি, কেৰিয়াৰৰ গ্ৰহ শণিয়ে দ্বিতীয় গৃহ দখল কৰিব। কেৰিয়াৰৰ মুখ্য গ্ৰহ শণিৰ মধ্যমীয়া অৱস্থানৰ বাবে, কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি কিছুমান পৰিৱৰ্তনৰ সম্মুখীন হ’ব পাৰে যেনে-বিভিন্ন স্থানলৈ স্থানান্তৰ অথবা চাকৰিৰ পৰিৱৰ্তন। কেৰিয়াৰত সন্তুষ্টিৰো অভাৱ হ’ব পাৰে আৰু মে’ 2024 ৰ পূৰ্বে চতুৰ্থ গৃহত বৃহস্পতিৰ অৱস্থানৰ বাবে এনে হ’ব পাৰে।

দ্বিতীয় গৃহত শণিৰ অৱস্থানৰ বাবে, আপুনি নিজৰ কামবোৰ সময়মতে কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব পাৰে। লগতে আপুনি এই 2024 বৰ্ষত কেৰিয়াৰৰ লগত জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰাটো ভাল।

এই 2024 বৰ্ষটোৱে আপোনাক কেৰিয়াৰৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল প্ৰদান কৰিব। কেৰিয়াৰত উচ্চস্তৰলৈ আগুৱাই যোৱাটো সিমান সহজে সম্ভৱপৰ নহ’ব। কিন্তু মে’ 2024 ৰপৰা, আপুনি সফলতা লাভ কৰিব পাৰিব কিয়নো বৃহস্পতিয়ে পঞ্চম গৃহ দখল কৰিব আৰু ই কেৰিয়াৰৰ সফলতা, সমৃদ্ধি আদিৰ লগতে সুস্থিৰতাক সূচিত কৰে। মে’ 2024 ৰপৰা পঞ্চম গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাৰ নতুন কেৰিয়াৰৰ সম্ভাৱনা, অন-চাইট সুযোগ আদি প্ৰদান কৰিব, এইদৰে প্ৰকাশ কৰে মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে। 

তৃতীয় গৃহত ৰাহু আৰু নৱম গৃহত কেতুৰ স্থিতিয়ে আপোনাক কেৰিয়াৰত অধিক বিকাশ লাভ কৰাত সহায় কৰিব যদিহে আপুনি বিদেশলৈ নিজকে স্থানান্তৰ কৰে। তদুপৰি, আপুনি 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 লৈ শণিৰ পশ্চাদগামী গতিৰ বাবে কামত অধিক মনোনিৱেশ কৰিব লাগিব।

মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: আৰ্থিক জীৱন

মকৰ ৰাশিৰ ৰাশিফল 2024 য়ে প্ৰকাশ কৰে যে বছৰটোৰ প্ৰথমাৰ্দ্ধ মে’ 2024 ৰ পূৰ্বৰ সময়খিনি আপোনাৰ আৰ্থিক বিকাশৰ বাবে সিমান ভাল নহ’ব কিয়নোবৃহস্পতি চন্দ্ৰ ৰাশিৰ চতুৰ্থ গৃহত স্থিত হ’ব। শণি দ্বিতীয় গৃহ গৃহৰ অধিপতি হিচাপে দ্বিতীয় গৃহত স্থিত হ’ব। ইয়াৰ ফলত, এই বছৰ আপোনাৰ উপাৰ্জনৰ ক্ষমতা মধ্য়মীয়া হ’ব আৰু আপোনাৰ সঞ্চয়ৰ সম্ভাৱনা হ্ৰাস পাব।

তৃতীয় আৰু দ্বাদশ গৃহৰ অধিপতি হিচাপে চতুৰ্থ গৃহত বৃহস্পতিৰ অৱস্থানৰ বাবে মে’ 2024 ৰ পূৰ্বে আপুনি আইনী সমস্য়াৰ লগতে আৰ্থিক সমস্যাৰ সম্মিুখীন হ’ব পাৰে। মে’ 2024 ৰ পূৰ্বে চতুৰ্থ গৃত বৃহস্পতিৰ অৱস্থানৰ বাবে আপুনি নিজৰ পৰিয়ালৰ বাবে অধিক ব্যয় কৰিবলগীয়া হ’ব পাৰে। পৰিয়ালৰ বাবে অধিক ব্যয় কৰিবলগীয়া হোৱাৰ বাবে ধাৰ ল’বলগীয়াও হ’ব পাৰে। অধিক ব্যয়ৰ ফলস্বৰূপে, ঋণ ল’বলগীয়া হ’ব পাৰে যি আপোনাৰ জীৱনত অধিক চাপ প্ৰদান কৰিব বুলি মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 ৰপৰা জনা গৈছে। 

মে’ 2024 ৰ পিছত, পঞ্চম গৃহত বৃহস্পতিৰ পৰিবহনে আপোনাৰ আৰ্থিক পৰিস্থিতি, সঞ্চয়ৰ সম্ভাৱনা আদি উন্নত কৰিব পাৰে। মে’ 2024 ৰ পিছত আপুনি শ্যেয়াৰত বিনিোগ কৰিব পাৰে আৰু লগতে ভালদৰে লাভাম্বিত হ’বও পাৰিব। দ্বিতীয় গৃহত শণিৰ অৱস্থানৰ বাবে অৰ্থ উপাৰ্জনৰ বিলম্ব হ’ব পাৰে আৰু আপোনাৰ অৰ্থ উপাৰ্জনৰ পৰিসৰো সীমিত হৈ পৰিব পাৰে।

মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: শিক্ষা

মকৰ ৰাশিৰ ৰাশিফল 2024 -য়ে প্ৰকাশ কৰে যে শৈক্ষিক দিশটো আপোনাৰ বাবে সিমান প্ৰত্যাশাজনক নহয় কিয়নো বৃহস্পতি মে’ 2024 ৰ পূৰ্বে বৃহস্পতি চন্দ্ৰ ৰাশিৰ চতুৰ্থ গৃহত স্থিত হ’ব। বৃহস্পতি হৈছে তৃতীয় আৰু দ্বাদশ গৃহৰ অধিপতি আৰু মে’ 2024 ৰ পূৰ্বে চতুৰ্থ গৃহত ইয়াৰ উপস্থিতিৰ বাবে আপুনি অধ্যয়নত মনোযোগ হেৰুওৱাৰ লগতে সমস্যাৰ সম্মুখীন হ’ব পাৰে। বৃহস্পতিৰ এনে অৱস্থানৰ বাবে, আপুনি অধ্যয়নত মনোনিৱেশ কৰাত গুৰুত্ব দিব লাগিব আৰু অধিক কষ্ট কৰিব লাগিব।

এপ্ৰিল 2024 ৰ পূৰ্বে, চতুৰ্থ গৃহত বৃহস্পতি আৰু দ্বিতীয় গৃহত শণিৰ অৱস্থিতিৰ বাবে অধ্যয়নত সিমান আগুৱাব নোৱাৰিব পাৰে। এই দুটা গ্ৰহৰ অৱস্থানৰ বাবে আপুনি অধ্যয়নত সফলতা লাভ কৰাত ব্যৰ্থ হ’ব পাৰে। এই বছৰ তৃতীয় গৃহত ৰাহু আৰু নৱম গৃহত কেতুৰ অৱস্থানে আপোনাৰ বৃত্তিগত অধ্যয়ন আৰু সাধাৰণ অধ্যয়নত সহায় কৰিব।

শিক্ষাৰ গ্ৰহ বুধে 7 জানুৱাৰী, 2024 ৰপৰা 8 এপ্ৰিল, 2024 পৰ্য্যন্ত এক অনুকূল অৱস্থান দখল কৰিব আৰু উপৰোক্ত সময়ছোৱাত, আপুনি অধ্যয়নত আগুৱাই যোৱাৰ লগতে উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰিব। তৃতীয় গৃহত স্থিত ৰাহু আৰু নৱম গৃহত স্থিত কেতুৱে আপোনাক অধ্যয়নত অধিক সন্তুষ্টি তথা উন্নতি প্ৰদান কৰিব। মকৰ ৰাশিৰ ৰাশিফল 2024 য়ে প্ৰকাশ কৰে যে তৃতীয় আৰু নৱম গৃহত ৰাহু-কেতুৰ উপস্থিতিয়ে অধ্যয়নৰ সকলোবোৰ সমস্যা নাইকিয়া কৰিব আৰু আপোনাক অধ্যয়নৰ ক্ষেত্ৰখনত আগবঢ়াই নিব। 

সামগ্ৰিকভাৱে, 2024 বৰ্ষটোৱে আপোনাক মে’ 2024 পৰ্য্যন্ত মধ্যমীয়া ফলাফল প্ৰদান কৰিব আৰু এই বৰ্ষটোক সম্পূৰ্ণ সফল কৰি তুলিবৰ বাবে আপুনি শক্তিশালী প্ৰচেষ্টা আগবঢ়াব লাগিব।  লগতে, ধ্যান আৰু যোগাভ্যাস কৰাটো ভাল আৰু ই আপোনাক অধ্যয়নৰ দিশতো সফলতা প্ৰাপ্ত কৰাত সহায় কৰিব। 

মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: পাৰিবাৰিক জীৱন

মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024-এ প্ৰকাশ কৰিছে যে মে’ 2024-ৰ পূৰ্বে মকৰ ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন অত্যাধিক উৎসাহজনক নহ'বও পাৰে কিয়নো চন্দ্ৰ চিহ্নৰ সন্দৰ্ভত বৃহস্পতি চতুৰ্থ গৃহত স্থিত হ'ব। সম্পত্তি আৰু অন্যান্য আইনী বিষয়ক লৈ পৰিয়ালত সমস্যাৰ সৃষ্টি হ’ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্কত ইয়াৰ প্ৰভাৱ পৰিব পাৰে আৰু সম্পৰ্কৰ বান্ধোন আৰু সম্প্ৰীতি হ্ৰাস পাব পাৰে। আপুনি সাড়ে সতীৰ অন্তিম পৰ্যায়ত থাকিব।

সাড়ে সতীৰ এই অন্তিম পৰ্য্যায় আৰু দ্বিতীয় গৃহত শনিৰ অৱস্থানৰ বাবে পৰিয়ালত যুক্তি-তৰ্কৰ উদ্ভৱ হ’ব পাৰে আৰু শান্তি-শৃংখলা হ্ৰাস পাব পাৰে। কিন্তু, অষ্টম গৃহত বৃহস্পতিৰ প্ৰভাৱে অশুভ প্ৰভাৱ হ্ৰাস কৰিব আৰু এয়া এপ্ৰিল 2024 লৈকে সম্ভৱপৰ হ'ব। মে’ 2024-ৰ পিছত, পঞ্চম গৃহত বৃহস্পতিৰ পৰিবহনে পৰিয়াল তথা পাৰিবাৰিক জীৱনত সুখ প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনাক সহায় কৰিব। 2024 চনৰ মে’ মাহৰ পিছত পঞ্চম গৃহত বৃহস্পতিৰ অৱস্থানৰ বাবে পৰিয়ালত শুভ অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু পৰিয়ালত সুখ বিৰাজমান হ’ব।

ৰাহু তৃতীয় গৃহত আৰু কেতু নৱম গৃহত স্থিত হ'ব আৰু আপোনাক পাৰিবাৰিক সুখ প্ৰদান কৰিব। চমু কথাত ক’বলৈ গ’লে, মে’ 2024 ৰপৰা পঞ্চম গৃহত বৃহস্পতিৰ পৰিবহনৰ বাবে পৰিয়ালৰ সদস্যসকলৰ সৈতে সাধাৰণ ফুৰা-চকা আৰু ভ্ৰমণলৈ যাব পাৰিব। সম্পৰ্ক মসৃণভাৱে আগবঢ়াই নিবৰ বাবে আৰু সুখ লাভৰ বাবে এপ্ৰিল 2024 পৰ্য্যন্ত পৰিয়ালৰ সদস্যসকলৰ সৈতে পৰিয়ালত মোকা-বিলা কৰি চলিব লাগিব।

বিবাহৰ বাবে ৰাহি-যোৰা মিলন:বিবাহৰ বাবে সোঁৱৰণি মিলোৱা

মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰেম আৰু বিবাহ

মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024-অনুসৰি মে’ 2024-ৰ পূৰ্বৰ সময়ছোৱা প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত সিমান ভাল নহ'ব কিয়নো 2024 বৰ্ষত শুভ গ্ৰহ বৃহস্পতি চতুৰ্থ গৃহত, শনি দ্বিতীয় গৃহত স্থিত হ'ব আৰু আপোনাক নিজৰ প্ৰচেষ্টাৰদ্বাৰা প্ৰেম আৰু বিবাহত সফল হোৱাৰ ক্ষেত্ৰত পথ দেখুৱাব।

তাৰপিছত মে’ 2024 ৰপৰা বৃহস্পতি পঞ্চম গৃহত স্থিত হ'ব আৰু প্ৰেম তথা বিবাহৰ ক্ষেত্ৰত আপোনাক শুভ ফলাফল প্ৰদান কৰিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেনেহ'লে মে’ 2024-ৰ পিছত এই সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত হ'ব পাৰে কিয়নো বৃহস্পতি পঞ্চম গৃহত স্থিত হ'ব। পঞ্চম গৃহত বৃহস্পতিৰ স্থিতিৰ বাবে আপুনি 2024 চনৰ মে’ মাহৰ পিছতহে বিবাহৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাটো ভাল হ'ব। সেয়েহে, আপোনাৰ ব্যক্তিগত জীৱনৰ লগত জড়িত যিকোনো ভাল পদক্ষেপ, আপুনি মে' 2024-ৰ পিছত ল'ব পাৰে। প্ৰেম আৰু বিবাহৰ গ্ৰহ শুক্ৰই 12 জুন, 2024 ৰ পৰা 24 আগষ্ট, 2024 লৈকে প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত আপোনাক অনুগ্ৰহ প্ৰদান কৰিব।

মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: স্বাস্থ্য

মকৰ বাৰ্ষিক ৰাশিফল 2024-এ প্ৰকাশ কৰিছে যে এপ্ৰিল 2024-ৰ পূৰ্বে আপোনাৰ স্বাস্থ্য মধ্যমীয়া ধৰণে থাকিব কিয়নো বৃহস্পতি চন্দ্ৰ চিহ্নৰ সন্দৰ্ভত চতুৰ্থ গৃহত স্থিত হ'ব আৰু আপোনাৰ সুখ-সুবিধা হ্ৰাস কৰি আপোনাৰ চাপ বৃদ্ধি কৰিব পাৰে। দ্বিতীয় গৃহত শনিৰ অৱস্থানৰ বাবে আপোনাৰ ভৰি, আঁঠু আৰু গাঁঠিৰ বিষ হ’ব পাৰে। তৃতীয় আৰু দ্বাদশ গৃহৰ অধিপতি হিচাপে চতুৰ্থ গৃহত স্থিত বৃহস্পতিৰ বাবে আপুনি কিছু নিস্তেজ অনুভৱ কৰিব পাৰে। সেয়েহে, আপোনাৰ সম্ভাৱনা বৃদ্ধি কৰিবৰ বাবে, ধ্যান/যোগ কৰাটো ভাল হ'ব যি আপোনাক সুস্বাস্থ্য ধৰি ৰখাত সহায় কৰিব পাৰে।

মে’ 2024-ৰপৰা বৃহস্পতি চন্দ্ৰ ৰাশিৰ পঞ্চম গৃহত স্থিত হ'ব আৰু আপোনাৰ শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ স্তৰ বৃদ্ধি কৰি শৰীৰ ভালে ৰখাত সহায় কৰিব। এই ক্ষেত্ৰত, 2024 চনৰ মে’ মাহৰ পৰা পঞ্চম গৃহত বৃহস্পতিৰ অৱস্থানে অধিক আধ্যাত্মিক শক্তি আৰু আধ্যাত্মিক বিষয়ৰ প্ৰতি আগ্ৰহৰ ক্ষেত্ৰত ভাল সংকেত প্ৰেৰণ কৰিব। আধ্যাত্মিক কাৰ্য্য আৰু প্ৰগতিৰ প্ৰতি এনে আগ্ৰহে আপোনাক সু-স্বাস্থ্য অটুত ৰখাটো সহায় কৰিব। মে’ 2024-ৰ পূৰ্বে, আপোনাৰ স্বাস্থ্য ভাল অৱস্থাত নাথাকিব পাৰে কিয়নো বৃহস্পতিক চতুৰ্থ গৃহত স্থিত হ'ব আৰু আপোনাক স্বাস্থ্যজনিত সমস্যা প্ৰদান কৰিব।

2024 বৰ্ষত তৃতীয় গৃহত স্থিত ৰাহু, আৰু নৱম গৃহত স্থিত কেতুৱে, আপোনাক সুস্বাস্থ্য ধৰি ৰখাত সহায় কৰিব। কামৰ সন্দৰ্ভত অধিক ভ্ৰমণ কৰিবলগীয়া হোৱাৰ বাবে আপুনি চাপৰ সন্মুখীন হ'ব পাৰে। এই বছৰটোত আপোনাৰ ভৰি, উৰু আদিত বিষ হ'ব পাৰে। সেয়েহে নিজকে শান্ত কৰি ৰাখিবলৈ আৰু চাপমুক্ত হ’বলৈ ধ্যান/যোগাভ্যাসৰ আশ্ৰয় ল'ব পাৰে।

মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰতিকাৰসমূহ

  • দৈনিক হনুমান চালিশা পাঠ কৰক।
  • বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
  • শণিবাৰে শণি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
  • দৈনিক 21 বাৰ “ওম হ্ৰীম কালভৈৰৱ নমঃ” জপ কৰক

আপুনি প্ৰৱন্ধটো ভাল পাইছে বুলি আশা কৰিছোঁ। MyKundali-ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ থকাৰ বাবে অশেষ ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে সংযোজিত হৈ থাকক।

সঘনাই সোধা প্ৰশ্ন

মকৰ ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো সৌভাগ্যৱান হয় নে?

হয়, 2024বৰ্ষটো মকৰ ৰাশিৰ জাতকসকলৰ বাবে সৌভাগ্যশালী হ’ব।

মকৰ ৰাশিৰ জাতকসকলে সফলতা লাভ কৰিবনে?

আপুনি 2024 বৰ্ষত অলপমান কষ্ট আৰু একাগ্ৰতাৰদ্বাৰা যথেষ্ট সফলতা প্ৰাপ্ত কৰিব পাৰিব।

মকৰ ৰাশিৰ জাতকসকল কি বয়সত সফল হ’ব?

মকৰ ৰাশিৰ জাতকসকল 25, 33, 35 আৰু 36 বয়সত সফল হ’ব।

মকৰ ৰাশি কিয় শক্তিশালী হয়?

এই ৰাশিৰ জাতকসকলৰ এক অতুলনীয় শক্তিশালী আভা থাকে।

মকৰ ৰাশিৰ জাতকসকল প্ৰকৃত প্ৰেমিক/প্ৰেমিকা হয় নে?

হয়, তেওঁলোক এবাৰ প্ৰেমত পৰিলে ভালকৈ পৰে।

মকৰ ৰাশিৰ শত্ৰু কোন?

মিথুন, সিংহ আৰু কুম্ভ ৰাশিৰ জাতকসকল মকৰ ৰাশিৰ শত্ৰু।