Personalized
Horoscope

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

এই প্ৰৱন্ধটোত, আমি বৃশ্চিক ৰাশিৰ 2024 বাৰ্ষিক ৰাশিফল আৰু তাৰ প্ৰভাৱসমূহৰ ওপৰত আলোকপাত কৰিছোঁ। বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে এই ৰাশিৰ জাতকসকলৰ জীৱনৰ বিভিন্ন দিশ যেনে কেৰিয়াৰ, বিত্ত, সম্পৰ্ক, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদিৰ ক্ষেত্ৰত তেওঁলোকৰ ভাগ্য কেনে হ’ব সেয়া প্ৰকাশ কৰিছে। বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, বৃশ্চিক হৈছে ৰাশিচক্ৰৰ অষ্টম গ্ৰহ আৰু ই জল তত্ত্বৰ অধীনৰ। বৃশ্চিক ৰাশি যোদ্ধা গ্ৰহ মঙ্গলৰদ্বাৰা শাসিত যি আদেশ, প্ৰতিভা, আৰু প্ৰশাসন আদিক প্ৰতিনিধিত্ব কৰে। আগন্তুক 2024 বৰ্ষটোৱে মে’ 2024 ৰ পূৰ্বে কেৰিয়াৰ, অৰ্থ, সম্পৰ্ক আদিৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল প্ৰদান কৰিব যিহেতু বৃহস্পতিৰ পৰিবহন ষষ্ঠ গৃহত হ’ব। মে’ 2024 ৰপৰা বৃহস্পতি দ্বিতীয় আৰু পঞ্চম গৃহৰ অধিপতি হিচাপে সপ্তম গৃহত স্থিত হ’ব।

Read in English : Scorpio Yearly Horoscope 2024

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: 2024 বৰ্ষৰ বাবে ভাগ্যৰ গ্ৰহ হিচাপে শণি পঞ্চম গৃহত স্থিত হ’ব আৰু কেতু অনুকূল অৱস্থানত নাথাকিব আৰু দ্বাদশ গৃহ দখল কৰিব, লগতে ৰাহু ষষ্ঠ গৃহত স্থিত হ’ব। 2024 বৰ্ষৰ প্ৰথমাৰ্দ্ধ এপ্ৰিল 2024 ৰ শেষলৈকে পৰিস্থিতি মসৃণ হ’ব কাৰণ বৃহস্পতিয়ে সপ্তম গৃহ দখল কৰিব আৰু আপোনাৰ অৰ্থ লাভৰ ক্ষেত্ৰত এয়া অনুকূল প্ৰমাণিত হ’ব। 2024 বৰ্ষৰ বাবে শণি চতুৰ্থ গৃহত স্থিত হ’ব আৰু ই ধাইয়া শণিৰ দশা সূচিত কৰে। ৰাহু অনুকূল অৱস্থানত নাথাকিব আৰু ই পঞ্চম গৃহ দখল কৰিব আৰু কেতুৱে একাদশ গৃহ দখল কৰিব। একাদশ গৃহত কেতুৰ স্থিতিয়ে ধৰ্মীয় উদ্দেশ্যৰ জৰিয়তে উপকৃত হোৱাটোক সূচিত কৰে। বছৰটোৰ প্ৰথমাৰ্দ্ধ এপ্ৰিল 2024 পৰ্য্যন্ত সিমান মসৃণ নহ’ব কাৰণ বৃহস্পতিয়ে ষষ্ঠ গৃহ দখল কৰিব আৰু মে’2024 ৰপৰা,বৃহস্পতিয়ে সপ্তম গৃহ দখল কৰিব আৰু আপোনাক মসৃণ ফলাফল প্ৰদান কৰিব। সপ্তম গৃহত বৃহস্পতিৰ অনুকূল পৰিবহনৰ ফলস্বৰূপে আপুনি মে’ 2024ৰপৰা আপুনি বহুতো সা-সুবিধা লাভ কৰিব। কিন্তু চতুৰ্থ গৃহলৈ শণিৰ গমনৰ ফলস্বৰূপে আপুনি পৰিয়ালৰ লগত কম সময়হে কটাব পাৰিব। মে’ 2024ৰ পিছত, সপ্তম গৃহত বৃহস্পতিৰ পৰিবহনৰ ফলস্বৰূপে আপুনি অৰ্থ লাভ, সঞ্চয় আদিৰ ক্ষেত্ৰত যথেষ্ট লাভাম্বিত হ’ব। যদিহে আপুনি ব্যৱসায়ত আছে, তেনেহ’লে আপুনি এই সময়ছোৱাত লাভাম্বিত হ’ব পাৰিব আৰু লাভালাভ বৃদ্ধি কৰিব পাৰিব। এপ্ৰিল 2024 ৰ পিছত সপ্তম গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাক জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত, নতুন বন্ধু-বৰ্গ আৰু সহযোগী গঢ় দিয়াত সহায় কৰিব।

Read in Hindi: वृश्चिक वार्षिक राशिफल 2024

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: মে’ 2024 ৰপৰা বৃহস্পতিয়ে বৃষ ৰাশিৰ সপ্তম গৃহ দখল কৰাৰ পৰা উপাসনা, আৰু ধৰ্মীয় কাৰ্য্যত জড়িত হোৱাৰদ্বাৰা আপুনি ওপৰলৈ আগবাঢ়ি যাব পাৰিব আৰু যথেষ্ট ভাল ফলাফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। সেয়েহে সক্ৰিয় ধৰ্মীয় পথত জড়িত হৈ থাকি আপুনি 2024 বৰ্ষত যথেষ্ট ভাল ফলাফল প্ৰাপ্ত কৰিব পাৰিব কাৰণ বৃহস্পতি সপ্তম গৃহত স্থিত হ’ব। মে’ 2024 ৰপৰা সপ্তম গৃহত বৃহস্পতিৰ উপস্থিতিয়ে নতুন সম্পৰ্ক গঢ় দিয়া, প্ৰেমত সফলতা লাভ, বিবাহৰ যোগ আদিৰ ক্ষেত্ৰত সফলতা আনি দিব। যদিহে আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেনেহ’লে মে’ 2024 ৰ পিছত এই দিশত আগবাঢ়িব পাৰে আৰু যথেষ্ট লাব প্ৰাপ্ত কৰাৰ লগতে একাধিক ব্যৱসায় চলাবলৈ সক্ষম হ’ব। 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 পৰ্য্যন্ত শণিৰ পশ্চাদগমন হ’ব আৰু ইয়াৰ ফলত, কেৰিয়াৰ, অৰ্থ, ব্যৱসায় আদিৰ ক্ষেত্ৰত এই সময়ছোৱাত ভলা ফলাফল হ্ৰাস পাব পাৰে।

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 : কেৰিয়াৰ

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, কেৰিয়াৰৰ গ্ৰহ শণিয়ে চতুৰ্থ গৃহ দখল কৰিব, আৰু যিহেতু শণি হৈছে তৃতীয় আৰু চতুৰ্থ গৃহৰ অধিপতি আৰু সেয়েহে কামৰ বোজাৰ বাবে আপোনাৰ আৰাম হ্ৰাস পাব পাৰে। আপোনাৰ কেৰিয়াৰলৈ পৰিৱৰ্তন আহিব পাৰে আৰু কোনো কোনোৱে উন্নত সুযোগ লাভৰ বাবে চাকৰি সলনি কৰিব পাৰে আৰু কোনোৱে চাকৰিৰ বাবে নিজৰ স্থান সলনি কৰিব পাৰে। এই সকলোবোৰ আপোনাৰ ক্ষেত্ৰত হ’ব পাৰে।

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 - য়ে প্ৰকাশ কৰে যে যিহেতু বৃহস্পতিয়ে এপ্ৰিল 2024 পৰ্য্যন্ত অনুকূল ফল প্ৰদান নকৰে কাৰণ ই ষষ্ঠ গৃহত স্থিত হ’ব আৰু সেয়েহে আপুনি কামৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব লাগিব। মে’ 2024 ৰপৰা, বৃহস্পতি সপ্তম গৃহত স্থিত হ’ব আৰু চাকৰি, শান্তিপূৰ্ণ কামৰ পৰিৱেশ আদিৰ ক্ষেত্ৰত ভাল ফল প্ৰদান কৰিব। আপুনি জ্যেষ্ঠ্য কৰ্মচাৰীসকলৰ বিশ্বাস জয় কৰিব পাৰিব আৰু পদোন্নতিৰ ৰূপত স্বীকৃতি লাভ কৰিব আৰু ইয়াৰদ্বাৰা, কেৰিয়াৰত সহজেই সফলতা লাভ কৰিব পাৰিব।

ৰাহু পঞ্চম গৃহত আৰু কেতু একাদশ গৃহত স্থিত হ’ব। বৃষ ৰাশিত স্থিত বৃহস্পতিয়ে একাদশ গৃহ আৰু কেতুৰ ওপৰত দৃষ্টি পেলোৱাৰ লগে লগে আপুনি অধিক স্বৰ্গীয় লাভ প্ৰাপ্ত কৰিব। বৃহস্পতিৰ উপকাৰী প্ৰভাৱৰ ফলস্বৰূপে আপুনি কেৰিয়াৰত আগবাঢ়ি যোৱাৰ লগে লগে অধিক স্বীকৃৃতি লাভ কৰিব পাৰিব। মে’ 2024 ৰ পিছত নতুন চাকৰি আৰু অনচাইট সুযোগ প্ৰাপ্ত কৰাৰ যোগ আছে। 

যদিহে আপুনি ব্যৱসায়ৰ লগত জড়িত অথবা নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেনেহ’লে আপুনি মে’ 2024 ৰপৰা এইক্ষেত্ৰত সফলতা লাভ কৰিব। পঞ্চম গৃহত ৰাহুৰ পৰিবহনৰ ফলস্বৰূপে আপুনি বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে। যদিহে আপুনি ব্যৱসায়ী তেনেহ’লে এপ্ৰিল 2024 পৰ্য্যন্ত সতৰ্কৱান হৈ থকা উচিত। যদিহে আপুনি কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেনেহ’লে এপ্ৰিল 2024 ৰ পিছত এনে পদক্ষেপ ল’ব পাৰে। লগতে, এপ্ৰিল 2024 পৰ্য্যন্ত আপুনি কেৰিয়াৰৰ সম্পৰ্কত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰাটো ভাল হ’ব। 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 লৈ শণিৰ পশ্চাদগামী গতিৰ বাবে আপুনি কামত অধিক মনোনিৱেশ কৰিব লাগিব।

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: আৰ্থিক জীৱন

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 পৰ্য্যন্ত সময়ছোৱা আপোনাৰ আৰ্থিক বিকাশৰ বাবে ভাল নহ’ব কাৰণ বৃহস্পতি ষষ্ঠ গৃহত স্থিত হ’ব আৰু বৃহস্পতিৰ এই অৱস্থানৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক লাভতকৈ ব্যয় বৃদ্ধি হ’ব। এপ্ৰিল 2024 লৈকে সঞ্চয় পৰিমাণ সীমাৱদ্ধ থাকিব। আপোনাৰ আৰ্থিক দায়িত্ব আৰু প্ৰয়োজনীয়তাসমূহ পূৰ কৰিবৰ বাবে আপুনি ঋণ ল’বলগীয়া হ’ব পাৰে। 

শণি পঞ্চম গৃহৰ অধিপতি হিচাপে এক অনুকূল অৱস্তানত পঞ্চম গৃহত স্থিত হ’ব আৰু ই আপোনাৰ বাবে সৌভাগ্যশালী গ্ৰহ আৰু আপোনাক উপযুক্ত পৰিমাণৰ ধনৰ প্ৰৱাহ প্ৰদান কৰিব। আপুনি লাহে লাহে কিন্তু সহজেই ধন প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

যদিহে আপুনি অৰ্থৰ লগত জড়িত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰে তেনেহ’লে এপ্ৰিল 2024 পৰ্য্যন্ত এনে পদক্ষেপ লোৱাৰপৰা বিৰত থাকক।  মে’ 2024 ৰপৰা বৃহস্পতিয়ে চন্দ্ৰ ৰাশিৰ সপ্তম গৃহত দখল কৰিব আৰু আপোনাক অৰ্থ লাভৰ ক্ষেত্ৰত আশীৰ্বাদ প্ৰদান কৰিব। ইয়াৰ ফলত আপুনি অধিক অৰ্থ উপাৰ্জন কৰাৰ লগতে অৰ্থ সঞ্চয় কৰিব পাৰিব। এক কথাত ক’বলৈ গ’লে, মে’ 2024 ৰ পিছত অৰ্থ উপাৰ্জন আৰু সঞ্চয় সম্ভৱ হ’ব। আপুনি মে’ 2024 ৰ পিছত আৰ্থিক দিশৰ লগত জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব আৰু আগবাঢ়ি যাব পাৰিব।

বৃষ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰে যে ৰাহু পঞ্চম গৃহত আৰু কেতু একাদশ গৃহত স্থিত হ’ব আৰু আপোনাক আধ্যাত্মিক দিশৰপৰা ভাল ফলাফল প্ৰদান কৰিব যিহেতু কেতু এই বছৰ আকাংক্ষাৰ গৃহ একাদশ গৃহত স্থিত হ’ব। একাদশ গৃহত স্থিত কেতুৱে আপোনাক অধিক জ্ঞান প্ৰাপ্ত কৰাত সহায় কৰিব আৰু লগতে আৰ্থিক দিশৰ ক্ষেত্ৰ স্থিৰতা ৰক্ষা কৰিবৰ বাবে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰিব। চতুৰ্থ গৃহত শণিৰ উপস্থিতিয়ে শণিৰ ধাইয়াক সূচিত কৰে আৰু আপুনি তাৰ ফলত অধিক ঘৰুৱা দায়িত্ব ল’বলগীয়া হ’ব পাৰে। আপুনি পৰিয়ালৰ বাবে অধিক অৰ্থ ব্যয় কৰিবলগীয়া হ’ব আৰু ইয়াৰ ফলত আপুনি ঋণ ল’বলগীয়া হ’ব পাৰে আৰু তাৰ বাবে আৰ্থিক দিশত প্ৰয়োজনীয়তা বৃদ্ধি পাব পাৰে।

চতুৰ্থ গৃহত শণিৰ উপস্থিতিৰ বাবে পাৰিবাৰিক জীৱনত সুস্থিৰতা লাভ কৰিব পাৰিব আৰু যদিহে আপুনি বিবাহত নহয় তেনেহ’লে আপুনি বিবাহ-পাশত আৱদ্ধ হ’ব পাৰিব, বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে এইদৰে প্ৰকাশ কৰে। আপোনাৰ বাসস্থানৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত, আপোনাৰ অধিক ব্যয় হ’ব পাৰে। এই বছৰ পুৰণা সম্পত্তি বিক্ৰী কৰি আপুনি অধিক সঞ্চয় কৰিব পাৰে অথবা গাড়ী আদৰ দৰে বস্তু ক্ৰয় কৰাত বিনিয়োগ কৰিব পাৰে। এই 2024 বৰ্ষত বিশেষকৈ মে’ 2024 ৰ পিছত গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত গ্ৰৰহণ কৰিব পাৰিব আৰু এনে কৰাৰদ্বাৰা, আপুনি উন্নত আৰ্থিক সুস্থিৰতাৰ বাবে ভৱিষ্যত জীৱনটো আগুৱাই লৈ যাব পাৰিব। সামগ্ৰিকভাৱে এই 2024 বৰ্ষটোৱে আপোনাক আৰ্থিক দিশত আয় আৰু ব্যয় দুয়োটাৰে ৰূপত মিশ্ৰিত ফলাফল প্ৰদান কৰিব কাৰণ শণি চতুৰ্থ গৃহত স্থিত হ’ব।

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: শিক্ষা

শিক্ষাৰ ক্ষেত্ৰত এপ্ৰিল 2024 ৰ সময়ছোৱা সিমান ভাল নহ’ব কাৰণ বৃহস্পতি চন্দ্ৰ ৰাশিৰ ষষ্ঠ গহত স্থিত হ’ব। এই 2024 বৰ্ষটোত শণি চতুৰ্থ গৃহত থাকিব। মে’ 2024 ৰপৰা, বৃহস্পতি সপ্তম গৃহত স্থিত হ’ব আৰু আপোনাক অধ্যয়নৰ ক্ষেত্ৰত শুভ ফলাফল প্ৰদান কৰিব। মে’ 2024 ৰপৰা সপ্তম গৃহত বৃহস্পতিৰ অৱস্থানে আপোনাক উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল সুযোগ প্ৰদান কৰিব।

2024 বৰ্ষত চতুৰ্থ গৃহত শণিৰ উপস্থিতিৰ বাবে আপুনি অধ্যয়নৰ ক্ষেত্ৰত মজলীয়া ফলাফল প্ৰাপ্ত কৰিব, বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে এইদৰে প্ৰকাশ কৰিছে। এই গোটেই বছৰটোত অধ্যয়নৰ ক্ষেত্ৰত কিছু আলস্যতা আহি পৰাৰ সম্ভাৱনা আছে। চতুৰ্থ গৃহটো হৈছে অধ্যয়নৰ গ্ৰহ। অধ্যয়নৰ গ্ৰহ বুধে 7 জানুৱাৰী, 2024, ৰপৰা 8 এপ্ৰিল, 2024 লৈএক অনুকূল অৱস্তান দখল কৰিব আৰু এই সময়ছোৱাত, আপুনি অধ্যয়নত ভালদৰে আগুৱাই যাব আৰু উৎকৃষ্ট প্ৰদৰ্শন কৰিব। কিন্তু বৃত্তিগত উচ্চশিক্ষাৰ ক্ষেত্ৰত এই বছৰটো অনুকূল নহ’বও পাৰে। 2024 বৰ্ষত সপ্তম গৃহত বৃহস্পতিৰ উপস্থিতি আৰু একাদশ গৃহত কেতুৰ উপস্থিতিয়ে আধ্যাত্মিক ক্ষেত্ৰত আপোনাক অধিক ভাল ফলাফল প্ৰদান কৰিব আৰু এনে আধ্যত্মিক উন্নতিৰ বাবে আপুনি 2024 বৰ্ষত অধিক সফলতা প্ৰাপ্ত কৰিবলৈ সমৰ্থ হ’ব।

আপোনাৰ শুভ সংখ্যা জানক: সাংখ্যিক কেলকুলেট

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: পাৰিবাৰিক জীৱন

বৃশ্চিক ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন মে’2024 ৰ পূৰ্বে সিমান উৎসাহজনক নহ’ব যিহেতু বৃহস্পতি চন্দ্ৰ ৰাশিৰ ষষ্ঠ গৃহত স্থিত হ’ব বুলি বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে প্ৰকাশ কৰিছে। আন এটা গ্ৰহ শণি চতুৰ্থ গৃহত স্থিত হ’ব আৰু ইাৰ ফলত পাৰিবাৰিক জীৱনত সমস্যা অহাৰ লগতে সম্পত্তিক লৈ বিবাদ হ’ব পাৰে। হানিকাৰক গ্ৰহ ৰাহু পঞ্চম গৃহত আৰু শণি চতুৰ্থ গৃহত স্থিত হোৱাৰ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজত ভাল সম্পৰ্ক নাথাকিব পাৰে। পৰিয়ালত অবাঞ্চিত ঘটনাৰ উদ্ভৱ হ’ব পাৰে আৰু ইয়াৰ ফলত শান্তি বিঘ্ন হ’ব পাৰে, এইদৰে প্ৰকাশ কৰে বৃশ্চিক ৰাশিৰ ৰাশিফল 2024-য়ে।

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 ৰ মতে, পৰিয়ালত সুখ-শান্তি বজাই ৰাখিবৰ বাবে আপুনি অধিক মোকাবিলা কৰি চলিব লাগিব আৰু এই সকলোবোৰ আপুনি নিজে কৰিব লাগিব। মে’2024ৰপৰা, সপ্তম গৃহত বৃহস্পতিৰ পৰিবহনৰ ফলত পৰিয়ালত অধিক সুখ-শান্তি বিৰাজমান হ’ব আৰু পৰিয়ালৰ সদস্যসকলৰ মনত সন্তুষ্টি বৰ্তি থাকিব। চতুৰ্থ গৃহত শণিৰ উপস্থিতিৰ বাবে আপুনি পৰিয়ালৰ অধিক প্ৰতিশ্ৰুতি পালন কৰিবলগীয়া হ’ব পাৰে। মে’ 2024 ৰ পিছত আপুনি পৰিয়ালত সকলো ভাল পৰিস্থিতি উপভোগ কৰিব পাৰিব। ষষ্ঠ গৃহত বৃহস্পতিৰ প্ৰতিকূল অৱস্থানৰ বাবে, আপুনি মে’ 2024 ৰ পূৰ্বে পৰিয়ালত সুখ-শান্তি হেৰুৱাব পাৰে।

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰেম আৰু বিবাহ

মে’ 2024 ৰ পূৰ্বে সমছোৱা প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত সিমান ভাল নহয় কাৰণ 2024 বৰ্ষত শুভ গ্ৰহ বৃহস্পতি ষষ্ঠ গৃহত, শণি চতুৰ্থ গৃহত স্থিত হ’ব আৰু প্ৰেম আৰুি বিবাহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব বুলি বৃশ্চিক ৰাশিৰ ৰাশিফল 2024 ৰপৰা জনা গৈছে। মে’ 2024 ৰপৰা, বৃহস্পতি সপ্তম গৃহত স্থিত হ’ব আৰু প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত অনুকূল ফলাফল প্ৰদান কৰিব। এই বছৰটোত শুভ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ যোগ আছে আৰু আপুনি এনে মুহুৰ্তবোৰ উপভোগ কৰিব পাৰিব। 

যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেনেহ’লে মে’ 2024 ৰ পিছত আপুনি এইক্ষেত্ৰত অনুকূল ফল প্ৰাপ্ত কৰিব পাৰিব আৰু প্ৰেমে আপোনাক ভাল ফল প্ৰদান কৰিব। যদিহে আপুনি বিয়াত বহিবলৈ এলাইছে, তেনহ’লে মে’ 2024 ৰ পিছৰ সময়ছোৱা ইয়াৰ বাবে উত্তম সময় হ’ব। মে’ 2024 ৰ পিছত সুখ প্ৰাপ্ত কৰিব কাৰণ শুভ গ্ৰহ বৃহস্পতিয়ে এক অনুকূল অৱস্থান দখল কৰিব। মে’ 2024 ৰ পিছত জীৱনসঙ্গীৰ সৈতে ভাল বুজাবুজি সম্ভৱপৰ হ’ব। প্ৰেম আৰু বিবাহৰ গ্ৰহ শুক্ৰই আপোনাক 12 জুন, 2024, ৰপৰা 24 আগষ্ট, 2024 পৰ্য্যন্ত প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত ভাল ফলাফল প্ৰদান কৰিব।

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: স্বাস্থ্য

মে’ 2024 ৰ পিছত আপোনাৰ স্বাস্থ্য যথেষ্ট ভালেৰে থাকিব কাৰণ বৃহস্পতি চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত সপ্তম গৃহত স্থিত হ’ব আৰু চন্দ্ৰ ৰাশিক প্ৰভাৱিত কৰিব, ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ লগতে শক্তিৰ স্তৰো বৃদ্ধি পাব। বৃহস্পতি চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত সপ্তম গৃহত স্থিত হ’ব আৰু ই আপোনাৰ শক্তি আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি সুস্বাস্থ্য অটুত ৰখাত সহায় কৰিব।

বৃশ্চিক ৰাশিৰ ৰাশিফল 2024-য়ে প্ৰকাশ কৰিছে যে ৰাহু পঞ্চম গৃহত আৰু কেতু একাদশ গৃহত স্থিত হ’ব। একাদশ গৃহত কেতুৰ উপস্থিতি সুস্বাস্থ্যৰ বাবে এক আশীৰ্বাদস্বৰূপ। কিন্তু যিহেতু শণি 2024 বৰ্ষৰ বাবে চতুৰ্থ গৃহত স্থিত হ’ব, তাৰ ফলত আপুনি পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ বাবে ধন ব্য়য় কৰিবলগীয়া হ’ব পাৰে। আপোনাৰ ভৰিৰ বিষ, কলাফুলৰ বিষ আদিও হ’ব পাৰে। সেয়েহে নিজকে শান্ত আৰু চাপমুক্ত কৰি ৰাখিবৰ বাবে ধ্যান/যোগ কৰাটো আপোনাৰ বাবে ভাল হ’ব। 

বিবাহৰ বাবে ৰাহি-যোৰা মিলন:বিবাহৰ বাবে সোঁৱৰণি মিলোৱা

বৃশ্চিক ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰতিকাৰসমূহ

  • দৈনিক দুৰ্গা চালিশা পাঠ কৰক।
  • শণিবাৰে শণি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
  • বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
  • দৈনিক 21 “ওম গুৰৱে নমঃ” জপ কৰক।

আপুনি প্ৰৱন্ধটো ভাল পাইছে বুলি আশা কৰিছোঁ। MyKundali-ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ থকাৰ বাবে অশেষ ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে সংযোজিত হৈ থাকক।

সঘনাই সোধা প্ৰশ্ন

বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো সৌভাগ্যৱান হয় নে?

2024বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে কিছু পৰিমাণে সৌভাগ্যশালী হ’ব।

2024 বৰ্ষত কোনকেইটা ৰাশি অধিক সৌভাগ্যৱান হ’ব?

2024 চনত বৃষ, সিংহ, আৰু মীন ৰাশিকেইটা অধিক সৌভাগ্যৱান হ’ব।

2024 বৰ্ষৰ বাবে শুভ ৰং কি?

বিভিন্ন ধৰণৰ কমলা ৰং, বিশেষকৈ এপ্ৰিকট ৰংটো 2024 বৰ্ষৰ বাবে শুভ ৰং।

2024 বৰ্ষত কোনকেইটা ৰাশি ধনী হ’ব?

2024 বৰ্ষত মিথুন, কৰ্কট, কুম্ভ, আৰু মীন ৰাশিৰ জাতকসকলে ধনী হোৱাৰ যোগ আছে।