Personalized
Horoscope

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: এই প্ৰৱন্ধটোত, আমি কন্যা ৰাশিৰ 2024 বাৰ্ষিক ৰাশিফল আৰু তাৰ প্ৰভাৱসমূহৰ ওপৰত আলোকপাত কৰিছোঁ। কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে কন্যা ৰাশিৰ জাতকসকলৰ জীৱনৰ বিভিন্ন দিশ যেনে কেৰিয়াৰ, বিত্ত, সম্পৰ্ক, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদিৰ ক্ষেত্ৰত তেওঁলোকৰ ভাগ্য কেনে হ’ব সেয়া প্ৰকাশ কৰিছে।

Read in English : Virgo Yearly Horoscope 2024 

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, কন্যা হৈছে ৰাশিচক্ৰৰ ষষ্ঠ গ্ৰহ আৰু ই পৃথিৱী তত্ত্বৰ অধীনৰ। কন্যা ৰাশি বুদ্ধিমান গ্ৰহ বুধৰদ্বাৰা শাসিত যি বিশ্লেষণাত্মক দক্ষতা, যুক্তি আদিক প্ৰতিনিধিত্ব কৰে। আগন্তুক 2024 বৰ্ষটোৱে মে’ 2024ৰপৰা কেৰিয়াৰ, অৰ্থ, সম্পৰ্ক আদিৰ ক্ষেত্ৰত নমনীয় ফলাফল প্ৰদান কৰিব যিহেতু মে’ 2024 -ত, বৃহস্পতিৰ পৰিবহন হ’ব আৰু বৃহস্পতি দশম গৃহত স্থিত হ’ব। 

Read in Hindi: कन्या वार्षिक राशिफल 2024

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: 2024 -ৰ পিছত শণি ষষ্ঠ গৃহত স্থিত হ’ব আৰু ৰাহু-কেতু আপোনাৰ বাবে অনুকূল অৱস্থান নাথাকিব আৰু 2024 বৰ্ষত প্ৰথম, সপ্তম গৃহ দখল কৰিব, য’ত ৰাহু সপ্তম গৃহত আৰু কেতু প্ৰথম গৃহত স্থিত হ’ব। 2024 -ৰ প্ৰথমাৰ্দ্ধ এপ্ৰিলৰ শেষ পৰ্য্যন্ত আপোনাৰ বাবে মসৃণ হ’ব কাৰণ বৃহস্পতিয়ে অষ্টম গৃহ দখল কৰিব আৰু ই আপোনাৰ ভাল পৰিমাণৰ অৰ্থ লাভৰ ক্ষেত্ৰত অনুকূল নহয়।

মে’ 2024 -ৰ পূৰ্বে অষ্টম গৃহত বৃহস্পতিৰ পৰিবহনৰ বাবে, অধিক ব্যয় আৰু উপাৰ্জনৰ ক্ষেত্ৰত উত্থান-পতন আহিব পাৰে। আনকি যদি আপুনি অৰ্থ উপাৰ্জন কৰেও তথাপি সঞ্চয় কৰিহ নোৱাৰিব। 2024 -বৰ্ষত ষষ্ঠ গৃহত শণিৰ অৱস্থানে আপোনাৰ মনত পুণৰ আশাৰ সঞ্চাৰ কৰিব আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি যথেষ্ট সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। 2024 বৰ্ষটোত পদোন্নতি, দৰমহা বৃদ্ধি, নতুন চাকৰিৰ সুযোগ আদিৰ দৰে কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা অহাৰ সম্ভাৱনা আছে যি আপোনাক আনন্দিত কৰি তুলিব আৰু আপোনাক সফলতাৰ বাট দেখুৱাব।

লগতে পঢ়ক: দৈনিক ৰাশিফল

জানুৱাৰীৰপৰা এপ্ৰিল 2024 লৈ সময়ছোৱা আপোনাৰ কেৰিয়াৰ, অৰ্থ আৰু সম্পৰ্কৰ ক্ষেত্ৰত মসৃণ নহ’বও পাৰে কাৰণ বৃহস্পতি অষ্টম গৃহত স্থিত হ’ব যি এক ভাল সংকেত নহয়। অষ্টম গৃহত বৃহস্পতিৰ অৱস্থানৰ বাবে আপুনি কিছুমান স্বাস্থ্যজনিত সমস্যাৰো মুখামুখী হ’ব পাৰে যেনে- মূৰৰ বিষ আৰু পাচনৰ সমস্যা আদি। অষ্টম গৃহত বৃহস্পতিৰ উপস্থিতিৰ বাবে চাকৰিৰ আকস্মিক পৰিৱৰ্তন, চাকৰিত সন্তুষ্টিৰ অভাৱ আদিৰ সম্মুখীন হ’ব পাৰে। এপ্ৰিল 2024 -ৰ শেষ পৰ্য্যন্ত এনেবোৰ পৰিস্থিতি বাহাল থাকিব পাৰে।

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: মে’ 2024 -ৰপৰা বৃহস্পতিয়ে বৃষ ৰাশিৰ নৱম গৃহ অধিকাৰ কৰাৰ লগে লগে প্ৰাৰ্থনা, ধৰ্মীয় কাৰ্য্য আদিত জড়িত হোৱাৰদ্বাৰা আপুনি ওপৰলৈ আগুৱাই যাব পাৰিব আৰু যথেষ্ট ভাল ফলাফল প্ৰাপ্ত কৰিব পাৰিব। নৱম গৃহটো হৈছে ধৰ্মীয় কাৰ্য্য, ধৰ্মীয় অগ্ৰগতিৰ গৃহ। সেয়েহে, সক্ৰিয় ধৰ্মীয় পথত জড়িত হৈ থাকি আপুনি নিজৰ কেৰিয়াৰ, আৰ্থিক দিশ আৰু সম্পৰ্কত সুখ লাভ আদিৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ’ব।

29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 লৈ সময়খিনিত শণিৰ পশ্চাদগমন হ’ব আৰু ইয়াৰ ফলত, এই লোকসকলৰ কেৰিয়াৰ, অৰ্থ আদিৰ ক্ষেত্ৰত ভাল ফল হ্ৰাস পাব পাৰে। লাভ প্ৰদানকাৰী গ্ৰহ বৃহস্পতিয়ে 2024-ত এই লোকসকলৰ মনত ধৰ্মীয় বিশ্বাস পুণৰ স্থাপন কৰিব আৰু ইয়াৰ ফলত মে’ 2024 -ৰ পিছত এইসকল লোকে ইতিবাচক ফল লাভ কৰিব। 

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: কেৰিয়াৰ

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, 1মে’2024 -ৰপৰা কেৰিয়াৰৰ গ্ৰহ শণিয়ে ষষ্ঠ গৃহ আৰু বৃহস্পতিয়ে নৱম গৃহত দখল কৰিব আৰু কেৰিয়াৰৰ স্থিৰতাৰ ক্ষেত্ৰত এই ৰাশিৰ জাতকসকলক আশীৰ্বাদ প্ৰদান কৰিব। এই সময়তে ৰাহু সপ্তম গৃহত আৰু কেতু প্ৰথম গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলত, আপুনি নিজৰ কামসমূহ কৰোঁতে সাৱধান হোৱা উচিত কাৰণ কামৰ বোজা থাকিব আৰু কামত মনোযোগিতাও হ্ৰাস পাব পাৰে।

প্ৰথম গৃহত কেতুৰ উপস্থিতিয়ে আপোনাক জ্ঞান লাভৰ ক্ষেত্ৰত আৰু নিজৰ কাম কৰোঁতে এই জ্ঞানৰ প্ৰয়োগ কৰি সফল হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। যদিহে আপুনি ব্যৱসায় কৰে, অথবা নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ ওলাইছে তেনেহ’লে এই বছৰ এপ্ৰিল 2024 -ৰ পিছত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। তদুপৰি, যদিহে আপুনি নতুন অংশীদাৰিত্ব কৰাৰ কথা ভাবিছে তেনেহ’লে মে’2024 ৰ পিছত এইক্ষেত্ৰত আগবাঢ়িব পাৰে।

নৱম গৃহত বৃহস্পতিৰ অনুকূল অৱস্থানৰ বাবে, আপুনি নতুন চাকৰি, কৰ্মক্ষেত্ৰত পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। লগতে আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে জ্যেষ্ঠ সহকৰ্মীৰপৰা স্বীকৃতি লাভৰ যোগ আছে। মে’ 2024 ৰ পিছত বৃহস্পতিয়ে চন্দ্ৰ ৰাশিৰ নৱম গৃহলৈ যাত্ৰা কৰাৰ ফলতহে এই সকলোবোৰ সম্ভৱ হ’ব। পৰৱৰ্তী সময়ত 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 ৰ সময়ছোৱাত শণিৰ পশ্চাদগামী গতিৰ বাবে আপুনি কামত অধিক মনোনিৱেশ কৰিব লাগিব। সপ্তম গৃহত ৰাহুৰ উপস্থিতিৰ বাবে কেৰিয়াৰৰ সন্দৰ্ভত বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে আৰু এনে সুযোগ আপোনাৰ বাবে শুভ প্ৰমাণিত হ’ব আৰু মে’ 2024 ৰ পিছত নৱম গৃহত সপ্তম গৃহৰ অধিপতি বৃহস্পতিৰ উপস্থিতিয়ে আপোনাক বিদেশত ভাল সুযোগ প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত পথ দেখুৱাব।

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: আৰ্থিক জীৱন

কন্যা ৰাশিৰ ৰাশিফল 2024 -য়ে প্ৰকাশ কৰিছে যে অষ্টম গৃহত বৃহস্পতিৰ উপস্থিতি, সপ্তম গৃহত ৰাহু আৰু প্ৰথম গৃহত কেতুৰ উপস্থিতিৰ হেতু এপ্ৰিল 2024 পৰ্য্যন্ত সময়ছোৱা আপোনাৰ আৰ্থিক দিশৰ বাবে ভাল নহ’ব।

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি বছৰটোৰ দ্বিতীয়াৰ্দ্ধ এপ্ৰিল 2024 ৰ পিছৰ সময়ছোৱা আপোনাৰ আৰ্থিক দিশৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে কাৰণ লাভ প্ৰদানকাৰী গ্ৰহ বৃহস্পতিয়ে চন্দ্ৰ ৰাশিৰ নৱম গৃহ দখল কৰিব আৰু ইয়াৰ ফলত, অৰ্থ লাভৰ যোগ আছে। যদিহে আপুনি বিনিয়োগ, নতুন সম্পত্তি ক্ৰয় কৰা আদিৰ ক্ষেত্ৰত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰে তেনেহ’লে মে’ 2024 ৰ পিছত এনে পদক্ষেপ ল’ব পাৰে কাৰণ বৃহস্পতিয়ে নৱম গৃহত ইয়াৰ স্থিতিৰদ্বাৰা আপোনাক আশীৰ্বাদ প্ৰদান কৰিব।

আপুনি আৰ্থিক দিশত গ্ৰহণ কৰা ইতিবাচক সিদ্ধান্তবোৰ মে’ 2024 ৰ পিছত বাস্তৱায়িত হোৱাৰ সম্ভাৱনা আছে। 2024 বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত মে’ 2024 ৰপৰা, আপুনি অধিক অৰ্থ লাভ কৰিব পাৰে যিহেতু বৃহস্পতিয়ে নৱম গৃহ দখল কৰিব। সপ্তম গৃহত ৰাহু, প্ৰথম গৃহত কেতুৰ উপস্থিতিৰ বাবে আপুনি অপ্ৰত্যাশিত ব্য়য়ৰ সম্মুখীন হ’ব পাৰে, যাৰ বাবে যথেষ্ট অশান্তি আৰু সমস্যাৰ সৃষ্টি হ’ব পাৰে। প্ৰথম গৃহত কেতুৰ অৱস্থানৰ বাবে আপুনি ধৰ্মীয় উদ্দেশ্যৰ স্বাৰ্থত অৰ্থ ব্যয় কৰিবলগীয়া হ’ব পাৰে।

আপোনাৰ শুভ সংখ্যা জানক: সাংখ্যিক কেলকুলেটৰ

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: শিক্ষা

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰিছে যে আপোনাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত এই সময়ছোৱা বৰ অনুকূল নহ’ব কাৰণ বৃহস্পতি চন্দ্ৰ ৰাশিৰ অষ্টম গৃহত স্থিত হ’ব আৰু আপোনাক এপ্ৰিল 2024 পৰ্য্যন্ত কিছু ব্যৰ্থ মুহুৰ্ত প্ৰদান কৰিব পাৰে। এপ্ৰিল 2024 ৰ পিছত, বৃহস্পতি চন্দ্ৰ ৰাশিৰ নৱম গৃহত স্থিত হ’ব আৰু আপোনাক অধ্যয়নৰ ক্ষেত্ৰত অনুকূল ফলাফল প্ৰদান কৰিব আৰু বৃহস্পতিৰ এই উপস্থিতিয়ে আপোনাক উচ্চশিক্ষাৰ ক্ষেত্ৰতো সহায় কৰিব পাৰে।

ষষ্ঠ গৃহত শণিৰ উপস্থিতিৰ ফলস্বৰূপে আপুনি অধ্যয়ন আৰু উচ্চ শিক্ষাত অধিক প্ৰচেষ্টা কৰাৰ ক্ষেত্ৰত সফল হ’ব। অধ্যয়নৰ গ্ৰহ বুধ 7 জানুৱাৰী, 2024 ৰপৰা 8 এপ্ৰিল, 2024 লৈ এক অনুকূল অৱস্থানত স্থিত হ’ব আৰু এই সময়ছোৱাত, আপুনি অধ্যয়নৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ লগতে সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

উপৰোক্ত সময়খিনিত বৃত্তিগত অধ্যয়নৰ ক্ষেত্ৰতো আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। চন্দ্ৰ ৰাশিৰ সপ্তম গৃহত ৰাহু আৰু প্ৰথম গৃহক কেতুৰ উপস্থিতি আপোনাৰ অধ্য়য়নৰ দিশত অগ্ৰগতি লাভৰ বাবে অনুকূল নহ’বও পাৰে। কিন্তু, প্ৰথম গৃহত কেতুৰ উপস্থিতিয়ে আপোনাক অধ্যয়নৰ ক্ষেত্ৰত জ্ঞান প্ৰাপ্ত কৰাত আৰু জ্ঞান বৃদ্ধি কৰাত সমৰ্থৱান কৰি তুলিব।

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: পাৰিবাৰিক জীৱন

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰে যে কন্যা ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন 1 মে’, 2024ৰ পূৰ্বে সিমান উৎসাহজনক নহ’ব কাৰণ বৃহস্পতি চন্দ্ৰ ৰাশিৰ অষ্টম গৃহত স্থিত হ’ব। মে’ 2024 ৰ পিছত বৃহস্পতিৰ পৰিবহন আপোনাৰ বাবে শুভ হ’ব কাৰণ বৃহস্পতি নৱম গৃহত স্থিত হ’ব আৰু পৰিয়ালত সুখ-শান্তি বৰ্দ্ধন কৰিব।

এপ্ৰিল 2024 ৰপৰা আপুনি পৰিয়ালত শুভ অনুষ্ঠান উপভোগ কৰাৰ যোগ আছে কাৰণ বৃহস্পতিয়ে নৱম গৃহত স্থিত হৈ চন্দ্ৰ ৰাশিক প্ৰবাৱ পেলাব আৰু আপোনাৰ পৰিয়ালত সুখ-শান্তিৰ বৃদ্ধি কৰিব। মে’ 2024 ৰ পিছত আপুনি পাৰিবাৰিক জীৱনত সকলো ভাল পৰিস্থিতি উপভোগ কৰিব পাৰিব। বৃহস্পতি চন্দ্ৰ ৰাশিৰ নৱম গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলত পৰিয়ালৰ শান্তি-সম্প্ৰীতি বিৰাজমান হ’ব। অষ্টম গৃহত বৃহস্পতিৰ প্ৰতিকূল অৱস্থানৰ বাবে মে’ 2024 ৰ পূৰ্বে পৰিয়ালত সুখ-শান্তি হ্ৰাস হ’ব পাৰে।

অষ্টম গৃহত বৃহস্পতিৰ প্ৰতিকূল অৱস্থানৰ ফলস্বৰূপে মে’ 2024 ৰ পূৰ্বে পৰিয়ালত ভুল বুজাবুজিৰ হেতু যুক্তি-তৰ্ক হ’ব পাৰে। চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত অষ্টম গৃহত শণিৰ প্ৰভাৱৰ ফলস্বৰূপে পৰিয়ালত আপোনাৰ সম্পত্তিৰ লগত জড়িত সমস্যা হ’ব পাৰে। 2024 বৰ্ষত পৰিয়ালত বিবাদ হোৱাৰ যোগ আছে। 

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰেম আৰু বিবাহ

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি এপ্ৰিল 2024 পৰ্য্যন্ত প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত সিমান ভাল নহয় কাৰণ বৃহস্পতি অষ্টম গৃহত, ৰাহু সপ্তম গৃহত আৰু কেতু প্ৰথম গৃহত স্থিত হ’ব যাৰ ফলত 2024 বৰ্ষত জীৱনসঙ্গীক বুজি পোৱাত সমস্যাৰ সৃষ্টি হ’ব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে অথবা যাৰ ইতিমধ্যে বিবাহ হৈছে তেওঁলোকৰ বাবে এইক্ষেত্ৰত সমস্যা আহিব পাৰে।

এপ্ৰিল 2024 ৰ শেষ পৰ্য্যন্ত প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত পৰিস্থিতি সিমান সফল নহ’ব। এপ্ৰিল 2024 ৰ পিছত আৰু মে’ 2024 ৰপৰা, নৱম গৃহত পৰিবহন কৰা বৃহস্পতিয়ে আপোনাৰ চন্দ্ৰ ৰাশিত প্ৰভাৱ পেলোৱাটো প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত সফলতা লাভৰ বাবে অনুকূল হ’ব। যদিহে আপুনি জীৱনসঙ্গীৰ সৈতে প্ৰেমত বান্ধ খাই আছে, তেনেহ’লে প্ৰেমৰ অন্তিম ফল প্ৰাপ্ত কৰিব আৰু বিবাহৃপাশত আৱদ্ধ হ’ব পাৰিব। ষষ্ঠ গৃহত শণিৰ উপস্থিতিয়ে প্ৰকাশ কৰে যে 2024 বৰ্ষত আপুনি প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত সফল হ’ব।

সেয়েহে, প্ৰেনৰ লগত জড়িত যিকোনো ভাল পৰিস্থিতি অহাটো আৰু বিবাহ হোৱাটো সম্ভৱ আৰু ইয়াৰ বাবে ভাল সময় হ’ব এপ্ৰিল 2024 ৰ পিছৰপৰা কাৰণ বৃহস্পতিয়ে বৃষ ৰাশিৰ নৱম গৃহ দখল কৰিব। মে’ 2024 ৰপৰা সময়ছোৱাত বিবাহৰ যোগ আছে আৰু লগতে প্ৰেমৰ লগত জড়িত ভাল পৰিস্থিতি এই সময়ছোৱাত আহিব। প্ৰথম গৃহত কেতু আৰু সপ্তম গৃহত ৰাহুৰ উপস্থিতিয়ে প্ৰেমৰ সমস্য়াৰ সৃষ্টি কৰাৰ লগতে সুখ-শান্তি হ্ৰাস কৰিব পাৰে। 2024 বৰ্ষত আপুনি প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত অধিক আশাবাদী হৈ থকা উচিত। প্ৰেম আৰু বিবাহৰ গ্ৰহ শুক্ৰই আপোনাক 12 জুন, 2024 ৰপৰা 24 আগষ্ট, 2024 পৰ্য্যন্ত প্ৰেন আৰু বিবাহৰ ক্ষেত্ৰত ভাল ফলাফল প্ৰদান কৰিব।

বিবাহৰ ৰাহি-যোৰা মিলন: বিবাহৰ বাবে সোঁৱৰণি মিলোৱা

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: স্বাস্থ্য

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰে যে অষ্টম গৃহত বৃহস্পতি, সপ্তম গৃহত ৰাহু আৰু প্ৰথম গৃহত কেতুৰ প্ৰতিকূল অৱস্থানৰ ফলস্বৰূপে এপ্ৰিল 2024 ৰ পূৰ্বে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল লাভ কৰিব। 2024 বৰ্ষত হানিকাৰক গ্ৰহ ৰাহু আৰু কেতু ক্ৰমে সপ্তম আৰু প্ৰথম গৃহত থাকিব আৰু ভৰিৰ বিষ, পাচনৰ সমস্যা আদিৰ দৰে সমস্যা প্ৰদান কৰিব পাৰে।

কিন্তু, ষষ্ঠ গৃহত শণিৰ উপস্থিতিয়ে আপোনাক এই স্বাস্থ্যজনিত সমস্যাবোৰৰ পৰা পৰিত্ৰাণ লাভ কৰাত সহায় কৰিব। মে’ 2024 ৰপৰা, বৃহস্পতি নৱম গৃহত স্থিত হ’ব আৰু আপোনাৰ চন্দ্ৰ ৰাশিক প্ৰভাৱিত কৰিব। বৃহস্পতিৰ প্ৰভাৱৰ বাবে আপোনাৰ স্বাস্থ্য ভাললৈ আহিব আৰু লগতে সুস্থিৰতা আহিব। ভৰিৰ বিষ, কলাফুলৰ বিষ আদিৰ সমস্যাই দেখা দিব পাৰে। কিন্তু, বৃহস্পতিৰ প্ৰভাৱে আপোনাক চাপ মুক্ত হোৱাত সহায় কৰিব। ৰাহু/কেতুৰ প্ৰতিকূল অৱস্থানৰ বাবে, আপুনি অধিক মানসিক চাপৰ সম্মুখীন হ’ব পাৰে আৰু ইয়াৰ পৰা ৰেহাই পাবৰ বাবে আপুনি ধ্যান কৰা উচিত।

মে’ 2024 ৰ পিছত নৱম গৃহত বৃহস্পতিৰ অৱস্থানৰ বাবে বৃহস্পতিৰ পৰিবহন অনুকূল হ’ব। 2024 বৰ্ষৰ বাবে ষষ্ঠ গৃহত শণিৰ উপস্থিতিয়ে আপোনাক স্বাস্থ্যজনিত সমস্যাৰপৰা ৰেহাই পোৱাত সহায় কৰিব। 2024 বৰ্ষত আপুনি কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন নহয় আৰু এই সময়ছোৱাত আপুনি ধ্যান/যোগাভ্য়াসৰদ্বাৰা নিজকে চাপমুক্ত কৰি ৰাখিব পাৰিব।

কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰতিকাৰসমূহ

  • দৈনিক, বিশেষকৈ মঙলবাৰে হনুমান চালিশা পাঠ কৰাটো আপোনাৰ বাবে যথেষ্ট লাভজনক প্ৰমাণিত হ’ব।
  • শণিবাৰে ৰাহুৰ বাবে যজ্ঞ-হোম কৰক।
  • দৈনিক 21 বাৰ “ওম ৰাহাৱে নমঃ” জপ কৰক।
  • দৈনিক 21 “ওম কেথাৱে নমঃ” জপ কৰক।

আপুনি প্ৰৱন্ধটো ভাল পাইছে বুলি আশা কৰিছোঁ। MyKundali-ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ থকাৰ বাবে অশেষ ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে সংযোজিত হৈ থাকক।

সঘনাই সোধা প্ৰশ্ন

কন্যা ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো সৌভাগ্যৱান হয় নে?

2024 বৰ্ষৰ দ্বিতীয়াৰ্দ্ধই কন্যা ৰাশিৰ জাতকসকলৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব।

কন্যা ৰাশি 2024 ৰ বাৰ্ষিক পূৰ্বানুমান কি?

বছৰটোৰ প্ৰথমাৰ্দ্ধ অনুকূল নহ’ব, কিন্তু মে’ 2024 ৰ পিছৰ সময়ছোৱাই ভাল ফল প্ৰদান কৰাৰ যোগ আছে।

কন্যা ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষৰ আৰ্থিক ৰাশিফল কেনে হ’ব?

2024 বৰ্ষৰ দ্বিতীয়াৰ্দ্ধত বৃহস্পতিয়ে কন্যা ৰাশিৰ নৱম গৃহ দখল কৰাটোৱে আৰ্থিক দিশত ভাল সময় প্ৰদান কৰিব।

কন্যা ৰাশি সৌভাগ্যশালী হয় নে নহয়?

কন্যা ৰাশিৰ জাতকসকলক উদ্ভাৱনী প্ৰতিভাৰ অধিকাৰী আৰু স্বাধীনচিতীয়া বুলি গণ্য কৰা হয়। তেওঁলোকে নিজেই নিজৰ ভাগ্য সলনি কৰি ল’ব পাৰে।