Personalized
Horoscope

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

এই প্ৰৱন্ধটোত, আমি কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 আৰু ইয়াৰ প্ৰভাৱসমূহৰ ওপৰত আলোকপাত কৰিম:

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে কৰ্কট ৰাশিৰ জাতকসকলৰ জীৱনৰ কেৰিয়াৰ, বিত্ত, সম্পৰ্ক, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদি বিভিন্ন ক্ষেত্ৰত লাভ কৰিবলগীয়া ফলসমূহৰ বিষয়ে প্ৰকাশ কৰে। বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, কৰ্কট হৈছে প্ৰাকৃতিক ৰাশিচক্ৰৰ চতুৰ্থ ৰাশি আৰু ই জল তত্ত্বৰ অধীনৰ। কৰ্কট ৰাশি চন্দ্ৰৰদ্বাৰা শাসিত। এই 2024 বৰ্ষটোৱে কৰ্কট ৰাশিৰ জাতকসকলক মিশ্ৰিত ফলাফল প্ৰদান কৰিব কাৰণ বৃহস্পতিয়ে এপ্ৰিল 2024ৰপৰা চন্দ্ৰ ৰাশিৰপৰা দশম গৃহ দখল কৰিব, আৰু সপ্তম আৰু অষ্টম গৃহৰ অধিপতি হিচাপে অষ্টম গৃহত স্থিত শণিয়ে শণি পৰ্য্যায়ৰ ধাইয়া সূচিত কৰে যি বিকাশৰ ক্ষেত্ৰত বাধা আৰু বিলম্বৰ সৃষ্টি কৰিব পাৰে।

Read in English : Cancer Yearly Horoscope 2024

এপ্ৰিল 2024ৰপৰা সময়ছোৱাত এই লোকসকলে নিজৰ পৰিকল্পনাসমূহ ভালদৰে আগবঢ়াই নিব পাৰিব, অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব, কেৰিয়াৰত বিকাশ লাভ কৰিব, সম্পৰ্কত সুখ-আনন্দ বৰ্ত্তি থাকিব আৰু সুস্বাস্থ্য অটুত থাকিব। আধ্যাত্মিক কাৰ্য্যত ব্ৰতী হোৱাৰ লগতে ইয়াৰদ্বাৰা উপশম লাভৰ বাবে এই সময়ছোৱা সঠিক সময়। আধ্যাত্মিক কাৰ্য্যত জড়িত হৈ থাকি, এই লোকসকলে উচ্চ শিখৰত আৰোহণ কৰিব পাৰিব আৰু যথেষ্ট সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। এই লোকসকলৰ বাবে বৃহস্পতিয়ে মেষ ৰাশি দখল কৰাৰ ফলত এপ্ৰিল 2024 লৈকে মধ্যমীয়া ফলাফল প্ৰাপ্ত কৰিব।

Read in Hindi : कर्क वार्षिक राशिफल 2024

ৰাহু নৱম গৃহত আৰু কেতু তৃতীয় গৃহত স্থিত হ’ব আৰু ই সূচিত কৰে যে এই লোকসকলে ধৰ্মীয় উদ্দেশ্যৰ বাবে এই সময়ছোৱাত অধিক ভ্ৰমণ কৰিব। এপ্ৰিল 2024 ৰ শেষলৈকে বৃহস্পতি দশম গৃহত থাকিব আৰু এই লোকসকলক অৰ্থ, কেৰিয়াৰৰ বিকাশ আৰু সম্পৰ্কত সুখ লাভৰ ক্ষেত্ৰত মধ্যমীয়া ফল প্ৰদান কৰিব। এই বছৰ, লাভ প্ৰদানকাৰী গ্ৰহ বৃহস্পতিয়ে 1মে’ 2024 ত মেষ ৰাশিৰপৰা বৃষ ৰাশিত প্ৰৱেশ কৰিব আৰু এই পৰিবহনে কৰ্কট ৰাশিৰ জাতকসকলক লাভাম্বিত কৰিব কিয়নো বৃহস্পতিয়ে চন্দ্ৰ ৰাশিৰ একাদশ গৃহলৈ যাত্ৰা কৰিব আৰু একাদশ গৃহটো হৈছে লাভৰ গৃহ। এই লোকসকলৰ বাবে পৰিবহনৰ সময়ত শণি অনুকূল নহ’বও পাৰে কিয়নো শণি চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত কুম্ভ ৰাশিৰ অষ্টম গৃহত স্থিত হ’ব।

লগতে পঢ়ক: দৈনিক ৰাশিফল

ইয়াৰ ফলত, এই লোকসকলৰ ভাগ্য সিমান ভাল নহব’ও পাৰে আৰু এই লোকসকলে যদিও নতুন নতুন কামৰ সুযোগ লাভ কৰিব তথাপি তেওঁলোকে কামৰ ক্ষেত্ৰত অধিক পৰিশ্ৰম কৰিব লাগিব। 29 জুন 2024ৰপৰা 15 নৱেম্বৰ 2024 পৰ্য্যন্ত, শণিৰ পশ্চাদগমন হ’ব আৰু ইয়াৰ ফলত, এই লোকসকলৰ কেৰিয়াৰ, অৰ্থলাভ আদি ক্ষেত্ৰত এই সময়ছোৱাত ভাল ফল হ্ৰাস পাব পাৰে। লাভ প্ৰদানকাৰী গ্ৰহ বৃহস্পতিয়ে 2024 -ত এই লোকসকলৰ মনত আধ্যাত্মিক আস্থা পুণৰ্স্থাপন কৰিব আৰু ইয়াৰদ্বাৰা তেওঁলোকে এপ্ৰিল 2024 ৰ পিছৰপৰা ইতিবাচক ফল লাভ কৰিব পাৰিব।

মে’ 2024ৰ পূৰ্বে, কৰ্কট ৰাশিৰ জাতকসকলে অৰ্থ পৰিচালনাৰ ক্ষেত্ৰত নিজৰ জীৱনটোৰ শৃংখলাৱদ্ধভাৱে পৰিকল্পনা কৰিব লাগিব কিয়নো অৰ্থ হেৰুওৱাৰ সম্ভাৱনা আছে আৰু লগতে এই লোকসকলে এপ্ৰিল 2024লৈকে নিজৰ কেৰিয়াৰতো অধিক মনোনিৱেশ কৰিব লাগিব কাৰণ লাভ প্ৰদানকাৰী গ্ৰহ বৃহস্পতিয়ে দশম গৃহ দখল কৰিব। চাকৰিৰ ক্ষেত্ৰত সমস্যা হ’ব পাৰে আৰু লগতে চাকৰিৰ পৰিৱৰ্তনো হ’ব পাৰে।

আগন্তুক 2024 -ত কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে কি আছে জনাটো দৰকাৰী। সেয়েহে আগবাঢ়ি যাওঁ আৰু এতিয়াই কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 পঢ়োঁ আহক!

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: কেৰিয়াৰ

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, এই লোকসকলে চাকৰিৰ ক্ষেত্ৰত মধ্যমীয়া ফল প্ৰাপ্ত কৰিব কিয়নো শণি গোটেই বছৰটোত অষ্টম গৃহত স্থিত হ’ব। অষ্টম গৃহত স্থিত শণিয়ে চাকৰিৰ ক্ষেত্ৰত বাধা আৰু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ আকস্মিক স্থানান্তৰ হ’ব পাৰে আৰু লগতে চাকৰি হেৰুৱাবলগীয়াও হ’ব পাৰে। এপ্ৰিল 2024 লৈকে চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত দশম গৃহত বৃহস্পতিৰ পৰিবহনৰ ফলত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত অতি ভাল ফল প্ৰাপ্ত নকৰিবও পাৰে।

2024ৰ প্ৰথমাৰ্দ্ধত পদোন্নতি আৰু নতুন চাকৰিৰ সুযোগৰ সম্ভাৱনা মজলীয়া হ’ব। এই বছৰটোত বৃহস্পতিৰ পৰিবহনে আপোনাক কেৰিয়াৰৰ ক্ষেত্ৰত অধিক নমনীয়তা প্ৰদান কৰিব। এপ্ৰিল 2024 ৰ পিছত অনুকূলভাৱে পৰিবহনত থকা বৃহস্পতিৰ বাবে আপুনি কেৰিয়াৰত অনুকূল সুযোগ আৰু ভাল বিকাশ প্ৰাপ্ত কৰিব। কিন্তু, অষ্টম গৃহত শণিৰ উপস্থিতিৰ বাবে, আপুনি নিজৰ কামৰ প্ৰক্ৰিয়াসমূহ ভালদৰে পৰিকল্পনা কৰিব লাগিব কিয়নো চাকৰিৰ ক্ষেত্ৰত আপুনি কিছু জটিল পৰিস্থিতিৰ সম্মুখীন হ’ব পাৰে।

লগতে, 29 জুন, 2024 ৰপৰা 15 নৱেম্বৰ, 2024 লৈ শণিৰ পশ্চাদগামী গতিৰ বাবে আপুনি কামত অধিক মনোনিৱেশ কৰিব লাগিব আৰু এই সময়ছোৱাত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত অধিক প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব পাৰে আৰু ইয়াৰ ফলত, আপুনি কামৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব লাগিব কিয়নো কামত আঁসোৱাহ থাকি যাব পাৰে।

আপোনাৰ শুভ সংখ্যা জানক: সাংখ্যিক কেলকুলেটৰ

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: আৰ্থিক জীৱন

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰিছে যে বৰ্দ্ধিত ব্য়য়ৰ তুলনাত উপাৰ্জিত ধমৰ প্ৰৱাহ সিমান মসৃণ নহ’ব পাৰে কিয়নো বৃহস্পতি চন্দ্ৰ ৰাশিৰ দশম গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলত আয় তথা ব্যয় দুয়োটাই থাকিব কাৰণ বৃহস্পতি হৈছে ষষ্ঠ আৰু নৱম গৃহৰ অধিপতি।

1 মে’, 2024ৰপৰা, বৃহস্পতিয়ে চন্দ্ৰ ৰাশিৰপৰা একাদশ গৃহ দখল কৰিব আৰু ই সূচিত কৰে যে অৰ্থ লাভ ভাল হ’ব আৰু অৰ্থ লাভৰ বাবে ভালদৰে সঞ্চয় কৰিবও পাৰিব। লগতে, এপ্ৰিল 2024 পৰ্য্যন্ত দশম গৃহত বৃহস্পতিৰ অৱস্থানৰ বাবে অৰ্থ হেৰুৱাব পাৰে। দ্বিতীয় গৃহৰ অধিপতি সূৰ্য্যই 2024 বৰ্ষত 13 এপ্ৰিল, 2024 ৰপৰা 14 মে’, 2024 লৈকে সময়ছোৱাত এক অনুকূল অৱস্থান দখল কৰিব আৰু এই সময়ছোৱাত, আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নত হোৱাৰ লগতে সঞ্চয়ৰ পৰিসৰো বৃদ্ধি পাব।

2024 বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত আপোনাৰ আৰ্থিক জীৱনৰ বিকাশ ঘটিব আৰু আপুনি ভালদৰে সঞ্চয় কৰিবও পাৰিব। শণি আপোনাৰ বাবে অষ্টম গৃহত থাকিব আৰু আৰ্থিক দিশত আপোনাক মধ্যমীয়া ফলাফল প্ৰদান কৰিব আৰু নৱম গৃহত স্থিত ৰাহু আৰু তৃতীয় গৃহত স্থিত কেতুৱে আপোনাক আয় তথা ব্যয়ৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফ প্ৰদান কৰিব। অষ্টম গৃহত স্থিত শণিৰ বাবে আপুনি গুৰুত্বহীনতাৰ ফলস্বৰূপে অৰ্থ হেৰুৱাব পাৰে আৰু ই যাত্ৰাৰ আনকি যাত্ৰাৰ সময়তো হ’ব পাৰে। শণিৰ এই অৱস্থানে আপোনাক অপ্ৰত্য়াশিত ব্যয় প্ৰদান কৰিব যাৰ বাবে আপুনি যথেষ্ট চিন্তাত পৰিব পাৰে।

লগতে, নৱম গৃহত ৰাহুৰ উপস্থিতিৰ বাবে আপুনি যথেষ্ট ব্যয়ৰ সম্মুখীন হ’ব পাৰে আৰু ইয়াৰ বাবে আপুনি অৰ্থ পৰিচালনাৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব। ৰাহুৰ এই অৱস্থিতিৰ বাবে আপুনি পিতৃ আৰু পৰিয়ালৰ আন জ্যেষ্ঠ্য সদস্যৰ বাবে অধিক ব্যয় কৰিবলগীয়া হ’ব পাৰে আৰু এই অৱস্থানৰ ফলত আপোৱাৰ মনত ধন উপাৰ্জনৰ অসীমিত আকাংক্ষা জাগ্ৰত হ’ব আৰু সেয়েহে যিয়েই উপাৰ্জন নকৰক কিয় এই বছৰটোত সেয়া পৰ্যাপ্ত নহ’ব। তৃতীয় গৃহত কেতুৰ উপস্থিতিৰ বাবে আপুনি ধৰ্মীয় উদ্দেশ্যৰ হেতু ভ্ৰমণ কৰিব পাৰে। লগতে, বিলাসিতা আৰু আৰামৰ গ্ৰহ শুক্ৰ 31 মাৰ্চ, 2024 ৰপৰা 11জুন, 2024 লৈ অনুকূল অৱস্থানত স্থিত হ’ব আৰু এই সময়ছোৱা আপোনাৰ বাবে অৰ্থ উপাৰ্জন, সুখ-সুবিধা বৃদ্ধি তথা সঞ্চয়ৰ ক্ষেত্ৰত এক ভাল সময়।

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: শিক্ষা

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, শিক্ষাৰ দিশত আপোনাৰ সম্ভাৱনা সিমান প্ৰত্যয়জনক নহ’ব কাৰণ বৃহস্পতি চন্দ্ৰ ৰাশিৰ দশম গৃহত স্থিত হ’ব আৰু আপুনি এপ্ৰিল 2024 লৈকে কিছুমান ব্যৰ্থ সময়ৰ সম্মুখীন হ’ব পাৰে। এপ্ৰিল, 2024 ৰ পিছত, শিক্ষাক লৈ আপুনি চিন্তি হ’বলগীয়া নহয় কাৰণ বৃহস্পতিৰ আশীৰ্বাদ আপোনাৰ লগত থাকিব আৰু একাদশ গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাক বৃত্তিগত পাঠ্যক্ৰমতো উত্তীৰ্ণ হোৱাত সহায় কৰিব কাৰণ বৃহস্পতি হৈছে নৱম গৃহৰ অধিপতি।

এপ্ৰিল 2024 পৰ্য্যন্ত হৈ থকা বৃহস্পতিৰ পৰিবহনৰ বাবে, আপুনি অধ্য়য়নত মনোনিৱেশ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হ’ব পাৰে আৰু সেইকাৰণে আপুনি অধ্যয়নত অধিক মনোনিৱেশ কৰাত চেষ্টা কৰাৰ লগতে ব্যাঘাত জন্মোৱা কাৰকবোৰ এৰাই চলিব লাগিব। 2024 -বৰ্ষত অষ্টম গৃহত শণিৰ উপস্থিতিৰ বাবে আপুনিঅধ্যয়ন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আলস্য আৰু একাগ্ৰতাৰ অভাৱৰ সম্মুখীন হ’ব পাৰে।

অধ্যয়নৰ গ্ৰহ বুধ 7জানুৱাৰী, 2024 ৰপৰা 8 এপ্ৰিল, 2024 লৈকে এক অনুকূল অৱস্থানত থাকিব আৰু এই সময়ছোৱাত, আপুনি অধ্যয়নত ক্ষেত্ৰত ভাল বিকাশ প্ৰাপ্ত কৰাৰ লগতে ভাল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা থাকিব। এই সময়খিনিত আপুনি বৃত্তিগত অধ্যয়নতো উপকৃত হ’ব। তদুপৰি, 10 মে’, 2024 ৰপৰা 14 জুন, 2024 পৰ্য্যন্ত বুধৰ অৱস্থান আপোনাৰ অধ্যয়নৰ বাবে অনুকূল হ’ব আৰু আপুনি সফলতা প্ৰাপ্ত কৰিব পাৰিব। এই বছৰটোত বৃহস্পতিৰদ্বাৰা শাসিত ৰাশিত নৱম গৃহত ৰাহুৰ অৱস্থানৰ বাবে আপুনি অধ্যয়নত কিছু মনোযোগ হেৰুৱাব পাৰে লগতে পঢ়া-শুনাত আপোনাৰ উদ্যম হ্ৰাস পাব পাৰে।

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: পাৰিবাৰিক জীৱন

পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে প্ৰকাশ কৰে যে কৰ্কট ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন 1মে’, 2024 ৰপৰা অত্যন্ত উৎসাহজনক নহ’বও পাৰে কিয়নো বৃহস্পতি চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত দশম গৃহত স্থিত হ’ব। মে’ 2024ৰপৰা বৃহস্পতিৰ পৰিবহন আপোনাৰ বাবে অনুকূল হ’ব কিয়নো বৃহস্পতি একাদশ গৃহত স্থিত হ’ব আৰু ই পৰিয়ালত সুখ-শান্তি বৃদ্ধি কৰিব।

এই বছৰ পৰিয়ালত কোনো শুভ অনুষ্ঠান হ’ব পাৰে য’ত আপুনি যথেষ্ট আনন্দ উপভোগ কৰিব। 1মে’, 2024 ৰ পিছত, বৃহস্পতি চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত একাদশ গৃহত স্থিত হ’ব আৰু ই পৰিয়াললৈ কোনো সুখ-শান্তি কঢ়িয়াই আনিব পাৰে। মে’ 2024ৰ পূৰ্বে বৃহস্পতিৰ প্ৰতিকূল অৱস্থানৰ বাবে, পৰিয়ালত সুখ-শান্তিৰ অভাৱ হ’ব পাৰে। অষ্টম গৃহত শণিৰ আৰু দশম গৃহত বৃহস্পতিৰ প্ৰতিকূল অৱস্থান ৰ বাবে, মে’ 2024 -ৰ পূৰ্বে পৰিয়ালত ভুল বুজাবুজিৰ ফলস্বৰূপে যুক্তি-তৰ্ক হ’ব পাৰে।

পৰিয়ালত কোনো ধৰণৰ সম্পত্তিৰ লগত জড়িত সমস্যাৰো উদ্ভৱ হ’ব পাৰে যাৰ বাবে অশান্তিৰ সৃষ্টি হ’ব। এই বছৰ তৃতীয় গৃহত কেতুৰ উপস্থিতিয়ে পৰিয়ালত সুখ-শান্তি বৃদ্ধি কৰিব। কিন্তু, এই বছৰটোত অষ্টম গৃহত শণিৰ প্ৰতিকূল অৱস্থানৰ বাবে আপুনি পাৰিবাৰিক জীৱনত সুখ-শান্তি লাভ কৰিবলৈ ধৈৰ্য্য ধৰিব লাগিব। কিন্তু কোনো ধৰণৰ গুৰুতৰ সমস্যা নহয়। আপুনি ভাল পৰিস্থিতিৰ বাবে বাট চাব লাগিব আৰু পৰিয়ালত এনে ভাল পৰিস্থিতি মে’ 2024 -ৰপৰাহে আহিব কাৰণ বৃহস্পতিয়ে আপোনাৰ বাবে একাদশ গৃহ দখল কৰিব আৰু এই সময়ছোৱা পাৰিবাৰিক সুখ-শান্তি প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত লাভজনক হ’ব।

বিবাহৰ ৰাহি-যোৰা মিলন: বিবাহৰ বাবে সোঁৱৰণি মিলোৱা

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰেম আৰু বিবাহ

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰিছে যে মে’ 2024 ৰ পূৰ্বে প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত সময়ছোৱা সিমান ভাল নহয় কিয়নো প্ৰেমৰ ক্ষেত্ৰত বাধাৰ সম্মুখীন হোৱাৰ সম্ভাৱনা আছে কাৰণ প্ৰেমত সন্তুষ্টি নাহিব পাৰে আৰু এইক্ষেত্ৰত সেয়েহে আপুনি ভালদৰে সফল নোহোৱাৰ সম্ভাৱনা অধিক। এই বছৰ অষ্টম গৃহত শণিৰ অৱস্থানৰ বাবে এনে হ’ব পাৰে আৰু ইয়াৰ প্ৰতিকূল অৱস্থানৰ বাবে আপুনি প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত ব্যৰ্থ হ’ব পাৰে।

প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত আপুনি আশা কৰি থকা যিকোনো ভাল ফল লাভ মে’ 2024ৰ পিছতহে সম্ভৱ কিয়নো বৃহস্পতি চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত একাদশ গৃহত স্থিত হ’ব। সেয়েহে ক’ব পাৰি যে এপ্ৰিল 2024 ৰ পিছতহে প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত যিকোনো ভাল পৰিস্থিতি অহাটো সম্ভৱ আৰু এই সময়খিনি হৈছে আপোনাৰ বাবে অতিশয় অনুকূল হ’ব কিয়নো বৃহস্পতিয়ে একাদশ গৃহ দখল কৰিব।।

মে’ 2024 ৰ পূৰ্বে, বৃহস্পতি মেষ ৰাশিত উপস্থিত থাকিব আৰু মেষ ৰাশিত বৃহস্পতিৰ এই স্থান বিবাহ আদি শুভ অনুষ্ঠানৰ বাবে অনুকূল নহয়। চন্দ্ৰ ৰাশিৰ অষ্টম গৃহত পৰিবহনৰ সময়ত শণিৰ অৱস্থানৰ বাবে আপুনি প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত মোকাবিলা কৰিবলগীয়া হ’ব পাৰে। তৃতীয় গৃহত কেতু আৰু নৱম গৃহত ৰাহুৰ উপস্থিতিয়ে প্ৰেমৰ ক্ষেত্ৰত অশান্তিৰ সৃষ্টি কৰাৰ লগতে সুখ হ্ৰাস কৰিব পাৰে। লগতে, অষ্টম গৃহত শণি উপস্থিতি প্ৰেম আৰু বিবাহৰ বাবে ভাল নহয় আৰু এই অৱস্থানে প্ৰেম তথা বিবাহত অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: স্বাস্থ্য

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে সূচিত কৰে যে এপ্ৰিল 2024 পৰ্য়্যন্ত অষ্টম গৃহত শণি আৰু দশম গৃহত বৃহস্পতিৰ প্ৰতিকূল অৱস্থানৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল প্ৰাপ্ত কৰিব। এপ্ৰিল 2024 লৈকে বৃহস্পতি দশম গৃহত স্থিত হ’ব আৰু বৃহস্পতি আৰু শণিৰ এই দ্বৈত গ্ৰহীয় প্ৰতিকূল অৱস্থানে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে, কিন্তু এই স্বাস্থ্যজনিত সমস্যাবোৰ সিমান গুৰুতৰ নহ’ব। 

অষ্টম গৃহত শণিৰ উপস্থিতিৰ বাবে, আপুনি চকুৰ বিষ, চকুৰ খচখচনি, ভৰিৰ বিষ আদিৰ সম্মুখীন হ’ব পাৰে। অষ্টম গৃহত শণিৰ প্ৰতিকূল অৱস্থানৰ বাবে আপুনি স্বাস্থ্যক লৈ অসুৰক্ষিত অনুভৱ কৰাৰ লগতে চিন্তিত হ’ব পাৰে। মে’ 2024 ৰপৰা বৃহস্পতি একাদশ গৃহত স্থিত হ’ব যি হৈছে লাভজনক সংকেত, ই আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক সংকেত প্ৰেৰণ কৰিব আৰু আগৰ উদ্যম ঘূৰাই অনাত আপোনাক সহায় কৰিব।

অষ্টম গৃহত শণিৰ প্ৰতিকূল অৱস্থানৰ বাবে, আপুনি এক শৃংখলিত খাদ্যাভ্যাস কঠোৰভাৱে মানি চলাৰ লগতে, সময়মতে খোৱা-বোৱা কৰা আৰু অত্যাধিক কষ্টকৰ কাম-কাজ এৰাই চলা উচিত। খাদ্যাভ্যাস মানি চলা আৰু ধ্যান কৰাৰ ফলত আপুনি শৰীৰত অধিক শক্তি লাভ কৰিব পাৰিব। মে’ 2024 -ৰ পিছত একাদশ গৃহত বৃহস্পতিৰ অনুকূল অৱস্থানৰ বাবে এয়া সম্ভৱ হ’ব।

কৰ্কট ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰতিকাৰসমূহ

  • দৈনিক, বিশেষকৈ মঙলবাৰে দুৰ্গা চালিশা পাঠ কৰাটো আপোনাৰ বাবে লাভজনক হ’ব।
  • শণিবাৰে শণি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
  • দৈনিক 21 বাৰ “ওম মাণ্ডায়া নমঃ” জপ কৰক।
  • দৈনক 11 বাৰ “ওম গুৰৱে নমঃ” জপ কৰক।

আপুনি প্ৰৱন্ধটো ভাল পাইছে বুলি আশা কৰিছোঁ। MyKundali-ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ থকাৰ বাবে অশেষ ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে সংযোজিত হৈ থাকক।

সঘনাই সোধা প্ৰশ্ন

কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে 2024 এটা সৌভাগ্যৱান বৰ্ষ হয় নে?

স্বাস্থ্যক বাদ দি, আন ক্ষেত্ৰবোৰত কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো এটা প্ৰায় অনুকূল বৰ্ষ হ’ব।

কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটো ভালেৰে যাব নে?

কৰ্কট ৰাশিৰ জাতকসকলে 2024 বৰ্ষত সৰ্বশ্ৰেষ্ট ফল প্ৰাপ্ত নকৰিব পাৰে।

2024 চনত কোনকেইটা ৰাশি অধিক সৌভাগ্যৱান হ’ব?

2024 চনত বৃষ, সিংহ আৰু মীন ৰাশিকেইটা অধিক সৌভাগ্যৱান হ’ব

2024 বৰ্ষই কৰ্কট ৰাশিৰ জাতকসকলক কি দিব?

2024 বৰ্ষত, কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে ধনৰ মধ্যমীয়া প্ৰৱাহ, স্থিৰ কৰ্মসংস্থান, আৰু বছৰটোৰ দ্বিতীয়াৰ্দ্ধত বিবাহ-পাশত সোমোৱাৰ সম্ভাৱনা আছে।