Personalized
Horoscope

কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

এই প্ৰৱন্ধটোত, আমি কুম্ভ ৰাশিৰ 2024 বাৰ্ষিক ৰাশিফল আৰু তাৰ প্ৰভাৱসমূহৰ ওপৰত আলোকপাত কৰিছোঁ। কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে এই ৰাশিৰ জাতকসকলৰ জীৱনৰ বিভিন্ন দিশ যেনে কেৰিয়াৰ, বিত্ত, সম্পৰ্ক, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদিৰ ক্ষেত্ৰত তেওঁলোকৰ ভাগ্য কেনে হ’ব সেয়া প্ৰকাশ কৰিছে। বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, কুম্ভ হৈছে ৰাশিচক্ৰৰ একাদশ গ্ৰহ আৰু ই বায়ু তত্ত্বৰ লগত জড়িত।

Read in English : Aquarius Yearly Horoscope 2024

কুম্ভ ৰাশি শণি গ্ৰহৰদ্বাৰা শাসিত, যি আকাংক্ষা পূৰণ আৰু সন্তুষ্টিকো প্ৰতিনিধিত্ব কৰে। মে’2024 ৰপৰা, চতুৰ্থ গৃহত বৃহস্পতিৰ পৰিবহনে বৃত্তি, অৰ্থ, আৰু সম্পৰ্কৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল প্ৰদান কৰিব, কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে এইদৰে প্ৰকাশ কৰে। মে’ 2024 ৰ পূৰ্বে বৃহস্পতি দ্বিতীয় আৰু একাদ গৃহৰ অধিপতি হিচাপে মেষ ৰাশিত স্থিত হ’ব। 2024 চনত শণি প্ৰথম গৃহত স্থিত হ’ব আৰু ই সাড়ে সতী মাজৰ পৰ্য্য়ায়ক সূচিত কৰে, যি জটিলতা আৰু বাধা বুজায়।

Read in Hindi : कुम्भ वार्षिक राशिफल 2024

প্ৰথম গৃহত শণিৰ উপস্থিতিয়ে পাৰিবাৰিক প্ৰতিশ্ৰুতি আৰু দায়িত্ব বৃদ্ধি কৰিব পাৰে। প্ৰথম গৃহত শণিৰ উপস্থিতিৰ ফলস্বৰূপে আপোনাৰ জিৰণিৰ সময় নাপাব পাৰে আৰু সদায় যাত্ৰা কৰি থাকিবলগীয়া হ’ব পাৰে। সপ্তম গৃহত শণিৰ প্ৰভাৱৰ বাবে আপোনাৰ জীৱনসঙ্গী আৰু পৰিয়ালৰ সৈতে সম্পৰ্কত সমস্যাৰ উদ্ভৱ হ’ব পাৰে বুলি কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে প্ৰকাশ কৰে। যদিহে আপুনি ব্যৱসায়ত আছে, তেনেহ’লে অংশীদাৰিত্ব আৰু ব্যৱসায়ৰ আন আন দিশত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰৰ ক্ষেত্ৰত আপুনি অত্যন্ত সাৱধান হোৱা উচিত।

সপ্তম গৃহত শণিৰ প্ৰভাৱৰ ফলত, আপুনি আনকি নিজৰ ঘনিষ্ঠ বন্ধু-বান্ধৱীৰপৰাও বাধা, সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু ই আপোনাক চিন্তিত কৰি তুলিব। প্ৰথম গৃহত শণিৰ উপস্থিতিৰ বাবে আপুনি নিজৰ কান্ধত এটা ডাঙৰ বোজা লৈ থকা যেন অনুভৱ কৰিব পাৰে।

ৰাহু অনুকূল অৱস্থানত থাকিব আৰু দ্বিতীয় গৃহ দখল কৰিব আৰু কেতুৱে অষ্টম গৃহ দখল কৰিব। এই বছৰ ৰাহু আৰু কেতুৰ অৱস্থান আপোনাৰ বাবে ভাল নোহোৱাৰ সম্ভাৱনা আছে। দ্বিতীয় আৰু অষ্টম গৃহত ৰাহু-কেতুৰ উপৰোক্ত অৱস্থানে আপোনাক ভৱিষ্যতৰ বাবে কিছু অপ্ৰত্যাশিত চিন্তা প্ৰদান কৰিব পাৰে। ৰাহু-কেতুৱে আপোনাৰ চিন্তা বৃদ্ধি কৰিব পাৰে আৰু অসুৰক্ষিত মনোভাৱৰ জন্ম দিব পাৰে।

বছৰটোৰ দ্বিতীয়াৰ্দ্ধ এপ্ৰিল 2024 ৰ পিছৰ সময়ছোৱা অধিক ভাল হ’ব কিয়নো বৃহস্পতিয়ে চতুৰ্থ গৃহ দখল কৰিব। মে’2024 ৰ পূৰ্বে, চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত তৃতীয় গৃহত বৃহস্পতিৰ পৰিবহন হ’ব আৰু এই পৰিবহন কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে ভাল নহ’বও পাৰে। মে’ 2024 ৰ পূৰ্বে চতুৰ্থ গৃহত বৃহস্পতিৰ উপস্থিতি আপোনাৰ বাবে সিমান উৎসাহজনক নহ’ব আৰু পৰিয়ালৰ সৈতে সম্পত্তি সম্পৰ্কীয় বিষয়ক লৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে। চতুৰ্থ গৃহত বৃহস্পতিৰ অৱস্থানৰ ফলস্বৰূপে, ঘৰুৱা সমস্যাৰ বাবে আপোনাৰ বাসস্থানৰ সলনি হ’ব পাৰে। চতুৰ্থ গৃহত বৃহস্পতিৰ অৱস্থানে পৰিয়ালত চাপৰ সৃষ্টি কৰাৰ লগতে সুখ-শান্তি হ্ৰাস কৰিব পাৰে পাৰে যাৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যত পৰাৰ সম্ভাৱনা আছে।

1 মে’, 2024 ৰপৰা, বৃহস্পতিয়ে পৰিবহনৰ সময়ত চন্দ্ৰ ৰাশিৰ চতুৰ্থ গৃহলৈ যাত্ৰা কৰিব আৰু শুভ ফলাফলপ্ৰদান কৰিব। ইয়াৰ ফলত, আপুনি পাৰিবাৰিক সমস্যাসমূহ দূৰ কৰিব পাৰিব তথা পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্কত থকা সমস্যাবোৰ আঁতৰাব পাৰিব।

লগতে পঢ়ক: দৈনিক ৰাশিফল

যি কি নহওক, মে’ 2024 ৰ পিছত চতুৰ্থ গৃহত বৃহস্পতিৰ প্ৰতিকূল অৱস্থানৰ ফলস্বৰূপে সুখ-শান্তি হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। এই বছৰ মে’ 2024 ৰ পিছত চতুৰ্থ গৃহত বৃহস্পতিৰ পৰিবহনৰ বাবে, আৰ্থিক দিশত উত্থান-পতন আহিব পাৰে তথা লাভ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। আপুনি কিবা হেৰুওৱাৰ দৰে অনুভৱ কৰিব।

যদিহে আপুনি কোনো ব্যৱসায়ৰ গৰাকী তেনেহ’লে এই সময়ছোৱাত লাভ প্ৰাপ্ত কৰাৰ আৰু উপাৰ্জন বৃদ্ধি কৰাৰ ভাল সুযোগ পাব। মে’ 2024 ৰ পিছত চতুৰ্থ গৃহত বৃহস্পতিৰ অৱস্থানে চাকৰি, অৰ্থ, আৰু সম্পৰ্কৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল প্ৰদান কৰিব। চতুৰ্থ গৃহত বৃহস্পতিৰ অৱস্থানৰদ্বাৰা আপুনি উপাসনা আৰু আধ্যাত্মিক কাৰ্য্য়ৰদ্বাৰা উপশম লাভ কৰিবলৈ সক্ষম হ’ব, আৰু ওপৰলৈ আগবাঢ়ি যোৱাৰ লগতে চূড়ান্ত সফলতা লাব কৰিব পাৰিব।

মে’ 2024 ৰ পিছত ব্যৱসায়ৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব, যেতিয়া বৃহস্পতি চতুৰ্থ গৃহত থাকিব আৰু আপোনা সা-সম্পত্তি বৃদ্ধি কৰিব। মে’ 2024 ৰ পিছৰ সময়ছোৱা হৈছে ব্যৱসায়ত লাভ প্ৰাপ্ত কৰাৰ আটাইতকৈ ভাল সময়, আৰু একে সময়তে চতুৰ্থ গৃহত বৃহস্পতিৰ উপস্থিতিৰ বাবে আপুনি ভাল লাভ প্ৰাপ্ত কৰিব নোৱাৰিব পাৰে আৰু মে’ 2024 ৰ পূৰ্বৰ সময়ৰ তুলনাত এই সময়ছোৱা ভাল হ’ব।

সেয়েহে,কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি চমুকৈ ক’বলৈ গ’লে, মে’ 2024 ৰ পিছৰ সময়খিনি আপোনাৰ বাবে অধিক ভাল হ’ব আৰু চাকৰি, অৰ্থ, আধ্যাত্মিক দিশ, সম্পৰ্ক, আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাক ভাল ফল প্ৰদান কৰিব। 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 লৈ শণিৰ পশ্চদগমন হ’ব, আৰু ইয়াৰ ফলস্বৰূপে, চাকৰিত প্ৰদৰ্শন, আৰ্থিক দিশ, আৰু অন্যান্য ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে।

এই সকলোবোৰ ফলাফল সাধাৰণ প্ৰকৃতিৰ আৰু ব্যক্তিগত ৰাশিফল অনুযায়ী আপোনাৰ বাবে অধিক উপযুক্ত ফলাফল সম্ভৱ হ’ব পাৰে |

আপোনাৰ শুভ সংখ্য়া জানক: সাংখ্যিক কেলকুলেটৰ

কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 : কেৰিয়াৰ

কেৰিয়াৰৰ গ্ৰহ শণিয়ে প্ৰথম গৃহ দখল কৰিব আৰু আপুনি সাড়ে সতীৰ মধ্যম পৰ্য্যায়ত থাকিব। কেৰিয়াৰৰ মুখ্য গ্ৰহ হিচাপে শণিৰ মধ্যমীয়া অৱস্থানৰ বাবে, আপোনাৰ বৃত্তিৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব পাৰে যেনে চাকৰি হেৰুওৱা অথবা ভাল সুযোগৰ স্বাৰ্থত চাকৰি সলনি। মে’ 2024 ৰ পূৰ্বে তৃতীয় গৃহত বৃহস্পতিৰ অৱস্থানৰ বাবে বৃত্তিৰ ক্ষেত্ৰত সন্তুষ্টি হ্ৰাস পাব পাৰে।

কুম্ভ ৰাশিৰ ৰাশিফল 2024 য়ে প্ৰকাশ কৰে যে প্ৰথম গৃহত শণিৰ অৱস্থানৰ বাবে, আপুনি সমমতে নিজৰ কামসমূহ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সম্মুখীন হ’ব। যদিহে আপুনি কোনো নতুন অথবা ডাঙৰ প্ৰকল্পৰ দায়িত্বত আছে, তেনেহ’লে আপুনি কামটো সম্পূৰ্ণ কৰাত জটিলতা বা বিলম্বৰ সম্মুখীন হ’ব। 2024 বৰ্ষত, আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাটো ভাল। মে’ 2024 ৰ পূৰ্বে, বৃহস্পতি তৃতীয় গৃহত স্থিত হ’ব আৰু কেৰিয়াৰৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল প্ৰদান কৰিব, কিন্তু 1 মে’, 2024 ৰপৰা, বৃহস্পতি চতুৰ্থ গৃহলৈ গমন কৰিব আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ভাল ফলাফল প্ৰদান কৰিব।

কেৰিয়াৰত উচ্চ স্থান লাভ কৰাৰ প্ৰতি আপোনাৰ যি ইচ্ছা সেয়া পূৰণ হোৱাটো কিছু টান হ’ব। অৱশ্যে, মে’ 2024ৰপৰা, আপুনি বৃত্তিৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিব পাৰিব কাৰণ বৃস্পতি চতুৰ্থ গৃহত থাকিব, যি কেৰিয়াৰৰ ক্ষেত্ৰত ভাল সফলতা আৰু সমৃদ্ধিক সূচিত কৰে।

দ্বিতীয় গৃহত ৰাহু আৰু অষ্টম গৃহত কেতুৰ অৱস্থানে আপোনাক কেৰিয়াৰৰ ক্ষেত্ৰত ভাল সফলতা লাভ কৰাত মজলীয়া সুযোগ প্ৰদান কৰিব। তাৰোপৰি, 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 পৰ্য্যন্ত, শণিৰ পশ্চাদগামী গতিৰ বাবে আপুনি কামত অধিক মনোনিৱেশ কৰিব লাগিব। 

কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: আৰ্থিক জীৱন

বছৰটোৰ প্ৰথমাৰ্দ্ধ মে’ 2024 ৰ পূৰ্বৰ সময়খিনি আৰ্থিক সফলতাৰ বাবে সিমান ভাল নহ’বও পাৰে বৃহস্পতি চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত তৃতীয় গৃহত স্থিত হ’ব। তৃতীয় গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাক উপাৰ্জনতকৈ অধিক ব্যয় কৰিবলৈ বাধ্য কৰিব পাৰে। শণি প্ৰথম গৃহত থাকিব আৰু ই হৈছে দ্বাদশ গৃহৰ শাসক। ইয়াৰ ফলস্বৰূপে, এই বছৰ আপোনাৰ উপাৰ্জনৰ ক্ষমা সীমিত হ’ব, আৰু আপোনাৰ সঞ্চয়ৰ সম্ভাৱনাও হ্ৰাস পাব। 

মে’ 2024 ৰপৰা চতুৰ্থ গৃহত বৃহস্পতিৰ অৱস্থান আপোনাৰ আৰ্থিক বিকাশৰ বাবে অধিক ভাল হ’ব, কিন্তু ইয়াৰ বাবে আপোনাৰ ব্যয়বদ্ধি হ’ব পাৰে। মে’ 2024 ৰ পিছত, চতুৰ্থ গৃহত বৃহস্পতিৰ অৱস্থানৰ বাবে, আপুনি নিজৰ পৰিয়ালৰ বাবে অধিক ব্যয় কৰিবলগীয়া হ’ব। কুম্ভ ৰাশিৰ ৰাশিফল 2024 য়ে প্ৰকাশ কৰিছে যে নিজৰ পৰিয়ালৰ বাবে আপুনি ঋণ ল’বলগীয়া হ’ব পাৰে।

মে’ 2024 ৰ পূৰ্বে ধন সঞ্চয় কৰাৰ কোনো পথ নাথাকিব পাৰে। বৃহৎ ব্যয়ৰ বাবে, আপুনি ঋণ আদি ল’বলগীয়া হ’ব পাৰে, যি আপোনাৰ জীৱনশৈলীত অতিৰিক্ত আৰ্থিক বোজা সংযোগ কৰিব। মে’ 2024 ৰ পিছত চতুৰ্থ গৃহত বৃহস্পতিৰ অৱস্থানে আপোনাৰ ব্যয় বৃদ্ধি কৰাৰ লগতে অতিৰিক্ত ধন উপাৰ্জন কৰাৰ ক্ষমতা সীমিত কৰাৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: শিক্ষা

আপোনাৰ শৈক্ষিক সম্ভাৱনা হ্ৰাস পাব কিয়নো বৃহস্পতি মে’ 2024 ৰপৰা চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত চতুৰ্থ গৃহত স্থিত হ’ব। বৃহস্পতি হৈছে দ্বিতীয় আৰু একাদশ গৃহৰ অধিপতি, আৰু মে’ 2024 ৰ পূৰ্বে তৃতীয় গৃহত ইয়াৰ স্থিতিৰ বাবে আপোনাৰ মনোনিৱেশ ভংগ হোৱাৰ লগতে শৈক্ষক ক্ষেত্ৰত জটিলতা আহিব পাৰে। বৃহস্পতিৰ উপৰোক্ত অৱস্থানৰ বাবে, আপুনি অধ্যয়ন অধিক মনোযোগিতা প্ৰদান কৰিব লাগিব। 

কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰিছে যে চতুৰ্থ গৃহত বৃহস্পতিৰ উপস্থিতিৰ বাবে অধ্যয়নত ভাল বিকাশ লাভ কৰাৰ যোগ আছে। শণি প্ৰথম গৃহত থাকিব। উপৰোক্ত দুটা গ্ৰহীয় অৱস্থানৰ বাবে আপোনাৰ শৈক্ষিক বিকাশ ব্যাহত হ’ব পাৰে। চতুৰ্থ গৃহত স্থিত বৃহস্পতিয়ে আপোনাক অধ্যয়নৰ ক্ষেত্ৰত অধিক বোধ শক্তি প্ৰদান কৰিব আৰু অধিক জ্ঞান লাভৰ বাবে যথেষ্ট প্ৰচেষ্টা কৰিব পাৰিব। একে সময়তে, চতুৰ্থ গৃহত বৃহস্পতিৰ উপস্থিতিয়ে অধ্যয়নত আপোনাক অধিক উন্নতি প্ৰদান কৰিব।

এই বৰ্ষটোত দ্বিতীয় গৃহত ৰাহু, অষ্টম গৃহত কেতুৰ উপস্থিতিয়ে আপোনাক অধ্যয়নৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰে। শিক্ষাৰ গ্ৰহ বুধ 7 জানুৱাৰী, 2024 ৰপৰা 8 এপ্ৰিল, 2024 লৈকে, এক অনুকূল অৱস্থানত থাকিব আৰু আপুনি এই সময়ছোৱাত অধ্যয়নত যথেষ্ট আগুৱাই যোৱাৰ লগতে সফলতা প্ৰাপ্ত কৰিব পাৰিব। সামগ্ৰিকভাৱে, 2024 বৰ্ষটোৱে মে’ 2024 পৰ্য্যন্ত অধ্যয়নৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল প্ৰদান কৰিব, আৰু এইক্ষেত্ৰত সফলতা লাভ কৰিবৰ বাবে আপুনি যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। মে’ 2024 ৰ পিছত অধ্যয়নত সফলতা প্ৰাপ্ত কৰিবৰ বাবে ধ্যান আৰু যোগাভ্য়াস কৰাটো লাভজনক হ’ব।

কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: পাৰিবাৰিক জীৱন

কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি কুম্ভ ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন মে’ 2024 ৰ পূৰ্বে অতিশয় ইতিবাচক নহ’ব কাৰণ বৃহস্পতি চন্দ্ৰ ৰাশিৰ তৃতীয় গৃহত স্থিত হ’ব। পৰিয়ালৰ ভিতৰত সদস্যসকলৰ সৈতে ভুল বুজাবজিৰ বাবে মনোমালিন্য হ’ব পাৰে। বুজাবুজিৰ অভাৱৰ বাবে আপোনাক পৰিয়ালৰ সদস্যসকলে আপোনাক বেয়া পাব পাৰে আৰু এপ্ৰিল 2024 ৰ পূৰ্বে এনেবোৰ হ’ব পাৰে।

কুম্ভ ৰাশিৰ ৰাশিফল 2024 অনুসৰি, মে’ 2024 ৰপৰা, বৃহস্পতি চতুৰ্থ গৃহত স্থিত হ’ব। চতুৰ্থ গৃহত বৃহস্পতিৰ স্থিতিৰ বাবে, পৰিয়ালত কিছু সমস্যাৰ উদ্ভৱ হ’ব পাৰে। ইতিমধ্যে আপোনাৰ সাড়ে সতী চলি আছে আৰু আপুনি সাড়ে সতীৰ জটিল মাজৰ পৰ্য্যায়ত আছে বাবে পৰিয়ালত সুখ-শান্তি বিৰাজমান কৰি ৰখাৰ ক্ষেত্ৰত অধিক সতৰ্কৱান হ’ব লাগিব কিয়নো পৰিয়ালৰ কোনো সৰু যুক্তি-তৰ্কই ডাঙৰ সমস্যাৰ ৰূপ ল’ব পাৰে। 

পৰিয়ালত লৈ সম্পত্তি আৰু আন আইনী বিষয়ক লৈ সমস্যাৰ সৃষ্টি হ’ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক প্ৰভাৱিত হ’ব পাৰে আৰু বান্ধোন তথা শান্তি-শৃংখলা হ্ৰাস পাব পাৰে। কিন্তু সপ্তম গৃহত বৃহস্পতিৰ প্ৰভাৱে কুপ্ৰভাৱ দূৰ কৰিব আৰু ই এপ্ৰিল 2024 পৰ্য্যন্ত সম্ভৱ হ’ব পাৰে।

মে’ 2024 ৰ পিছত, চতুৰ্থ গৃহত বৃহস্পতিৰ পৰিবহনে আপোনাক পাৰিবাৰিক জীৱনত সুখ প্ৰাপ্তিৰ ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব। সম্পৰ্ক ভালদৰে চলাই নিবৰ বাবে আপুনি পৰৰিয়ালৰ সদস্যসকলৰ সৈতে মোকাবিলা কৰিবলগীয়া হ’ব পাৰে আৰু তাৰদ্বাৰা 2024 বৰ্ষত সুখ প্ৰাপ্ত কৰিব পাৰিব কিয়নো ৰাহু দ্বিতীয় গৃহত আৰু কেতু অষ্টম গৃহত স্থিত হ’ব। 

বিবাহৰ বাবে ৰাহি-যোৰা মিলন: বিবাহৰ বাবে সোঁৱৰণি মিলোৱা

কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰেম আৰু বিবাহ

কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, মে’ 2024 ৰ পূৰ্বে প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত সিমান ভাল ফল প্ৰাপ্ত নকৰিব পাৰে কাৰণ শুভ গ্ৰহ বৃহস্পতি তৃতীয় গৃহত, শণি প্ৰথম গৃহত স্থিত হ’ব আৰু আপুনি নিজৰ প্ৰচেষ্টাৰদ্বাৰাহে প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত সফলতা প্ৰাপ্ত কৰিব পাৰিব। তাৰপিছত, মে’ 2024 ৰপৰা, বৃহস্পতি আপোনাৰ চতুৰ্থ গৃহত থাকিব আৰু প্ৰেম তথা বিবাহৰ ক্ষেত্ৰত সৌভাগ্য প্ৰদান কৰিব। 

যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে, মে’ 2024 ৰ পিছত বৃহস্পতি আপোনাৰ চতুৰ্থ গৃহত স্থিত হ’ব, যাৰ ফলস্বৰূপে বিবাহ হ’ব পাৰে। চতুৰ্থ গৃহত বৃহস্পতিৰ অৱস্থানৰ বাবে মে’ 2024 ৰ পিছত বিবাহৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তসমূহ শুভ প্ৰমাণিত হ’ব। মে 2024 ৰ পূৰ্বে, তৃতীয় গৃৃহত বৃহস্পতিৰ অৱস্থানৰ বাবে প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত আপুনি অনুকূল ফলাফল লাভ নকৰিব পাৰে। যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেনেহ’লে প্ৰেমাষ্পদৰ সৈতে যোগাযোগৰ অভাৱ হ’ব পাৰে আৰু ইয়াৰ ফলত বিভেদ আহিব পাৰে।

যদিহে আপুনি মে’ 2024 ৰ পূৰ্বে বিয়াত বহাৰ কথা ভাবিছে, তেনেহ’লে আপুনি কিছুদিনলৈ বিয়া পিছুওৱা উচিত কিয়নো এপ্ৰিল 2024 ৰ পূৰ্বে বিবাহ-পাশত আৱদ্ধ হোৱাটো সঠিক নহ’ব। সেয়েহে আপুনি মে’ 20024 ৰ পিছত নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কোনো পদক্ষেপ ল’ব পাৰে। প্ৰেম আৰু বিবাহৰ গ্ৰহ শুক্ৰই আপোনাক 12 জুন, 2024 ৰপৰা 24 আগষ্ট, 2024 লৈ এইক্ষেত্ৰত অনুকূল ফল প্ৰদান কৰিব।

কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: স্বাস্থ্য

এপ্ৰিল 2024 পৰ্য্যন্ত আপোনাৰ স্বাস্থ্য মধ্যমীয়া ধৰণে থাকিব। চন্দ্ৰ ৰাশিৰ সম্পৰ্কত তৃতীয় গৃহত বৃহস্পতিৰ অৱস্থানে আপোনাৰ সুখ-শান্তি হ্ৰাস কৰিব পাৰে আৰু চাপ বৃদ্ধি কৰিব পাৰে। তদুপৰি, প্ৰথম গৃহত শণিৰ অৱস্থানৰ বাবে ভৰিৰ বিষ, আঁঠুৰ বিষ আৰু গাঁঠিৰ বিষ হ’ব পাৰে। এপ্ৰিল 2024 পৰ্য্যন্ত তৃতীয় গৃহত বৃহস্পতিৰ অৱস্থানৰ বাবে আপুনি কিছু আলস্যৰ সম্মুখীন হ’ব পাৰে, কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে এইদৰে প্ৰকাশ কৰে।

আপোনাৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰি ৰাখিবৰ বাবে, ধ্যান বা যোগাভ্যাস কৰাটো ভাল, কিয়নো ই আপোনাক শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্যৱান হৈ থকাত সহায় কৰিব। মে’ 2024 ৰপৰা বৃহস্পতি চন্দ্ৰ ৰাশিৰ চতুৰ্থ গৃহত স্থিত হ’ব আৰু ই আপোনাক স্বাস্থ্য ভালে ৰখাত সহায় কৰিব। কিন্তু এই সময়ছোৱাত চতুৰ্থ গৃহত বৃহস্পতিৰ উপস্থিতিৰ বাবে, মে’ 2024 ৰ পিছত মাতৃৰ স্বাস্থ্যৰ বাবে ধন ব্যয় কৰিবলগীয়া হ’ব পাৰে। যদিহে আধ্যাত্মিক কাৰ্য্যৰ প্ৰতি একাগ্ৰচিত্তে আগ্ৰহী হৈ পৰে তেতিয়া এনে আগ্ৰহে আপোনাৰ সুস্বাস্থ্য ধৰি ৰখাৰ ক্ষেত্ৰত অৰিহণা যোগাব।

মে’ 2024 ৰ পূৰ্বে, আপোনাৰ স্বাস্থ্য ভালে নাথাকিব পাৰে কিয়নো বৃহস্পতি তৃতীয় গৃহত থাকিব আৰু ইয়াৰ বাবে আপুনি অধিক ধন ব্যয় কৰিবলগীয়া হ’ব। 2024 বৰ্ষত দ্বিতীয় গৃহত স্থিত ৰাহু আৰু অষ্টম গৃহত স্থিত কেতুৰ বাবে আপোনাৰ স্বাস্থ্য মধ্যমীয়া অৱস্থাত থাকিব। কামৰ সন্দৰ্ভত অধিক যাত্ৰা কৰিবলগীয়া হোৱাৰ বাবে, আপুনি অধিক চাপৰ সম্মুখীন হ’ব পাৰে। তদুপৰি, ভৰি, কলাফুল, আৰু অন্যান্য অংশত অসুবিধাৰ সম্মুখীন হ’ব পাৰে। এই চাপ সম্পৰ্কীয় সমস্যাসমূহ চম্ভালিবৰ বাবে, যোগ আৰু ধ্যান কৰিব পাৰে। এই কাৰ্য্যসমূহত জড়িত হৈ থকাৰ ফলত শান্তি লাভ কৰিব আৰু চাপমুক্ত হ’ব পাৰিব।

কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰতিকাৰসমূহ

  • দৈনিক হনুমান চালিশা পাঠ কৰক।
  • শণিবাৰে শণি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
  • মঙ্গলবাৰে ৰাহু/কেতুৰ বাবে যজ্ঞ-হোম সম্পন্ন কৰক।

আপুনি প্ৰৱন্ধটো ভাল পাইছে বুলি আশা কৰিছোঁ। MyKundali-ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ থকাৰ বাবে অশেষ ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে সংযোজিত হৈ থাকক।

সঘনাই সোধা প্ৰশ্ন

কুম্ভ ৰাশিৰ জাতকসকলৰ দুৰ্বলতা কি?

কুম্ভ ৰাশিৰ প্ৰায়বাগ লোকেই জেদী স্বভাৱৰ হয়।

কুম্ভ ৰাশিৰ জাতকসকলে কাৰ সৈতে বিবাহ-পাশত আৱদ্ধ হোৱা উচিত?

কুম্ভ ৰাশিৰ জাতকসকলৰ মিথুন, তুলা, ধনু আৰু কুম্ভ ৰাশিৰ জাতকসকলৰ সৈতে ভালদৰে ৰাহি-যোৰা মিলিব।

কুম্ভ ৰাশিৰ জাতকসকল সোনকালে প্ৰেমত পৰে নেকি?

নহয়, কুম্ভ ৰাশিৰ জাতকসকলে প্ৰেমৰ সম্পৰ্কত সোমাবৰ বাবে সময় লয়।

কুম্ভ ৰাশিৰ জাতকসকলৰ জীৱনসঙ্গী কোন?

মিথুন ৰাশিৰ জাতকসকল হৈছে কুম্ভ ৰাশিৰ জাতকৰ জীৱনসঙ্গী।

কুম্ভ ৰাশিৰ জাতকসকলে সহজে ক্ষমা কৰি দিয়ে নে?

নাই, কুম্ভ ৰাশিৰ জাতকসকলে ক্ষমা কৰি দিয়াতকৈ সম্পৰ্ক ছেদ কৰি দিয়াতহে গুৰুত্ব দিয়ে।

কুম্ভ ৰাশিৰ জাতকসকল প্ৰেমৰ ক্ষেত্ৰত সৌভাগ্যৱান হয় নে?

হয়, কুম্ভ ৰাশিৰ জাতকসকল প্ৰেমৰ ক্ষেত্ৰত আটাইতকৈ সৌভাগ্যৱান আৰু তেওঁলোকে সহজেই জীৱনসঙ্গী বিচাৰি পায়।