Personalized
Horoscope

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

এই প্ৰৱন্ধটোত, আমি তুলা ৰাশিৰ 2024 বাৰ্ষিক ৰাশিফল আৰু তাৰ প্ৰভাৱসমূহৰ ওপৰত আলোকপাত কৰিছোঁ। তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে তুলা ৰাশিৰ জাতকসকলৰ জীৱনৰ বিভিন্ন দিশ যেনে কেৰিয়াৰ, বিত্ত, সম্পৰ্ক, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদিৰ ক্ষেত্ৰত তেওঁলোকৰ ভাগ্য কেনে হ’ব সেয়া প্ৰকাশ কৰিছে।

Read in English : Libra Yearly Horoscope 2024

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, তুলা হৈছে ৰাশিচক্ৰৰ সপ্তম গ্ৰহ আৰু ই বায়ু তত্ত্বৰ অধীনৰ। তুলা ৰাশি প্ৰেমৰ গ্ৰহ শুক্ৰৰদ্বাৰা শাসিত যি অনুৰাগ, প্ৰেম, আৰু বিবাহক প্ৰতিনিধিত্ব কৰে। আগন্তুক 2024 বৰ্ষটোৱে মে’ 2024 ৰ পূৰ্বে কেৰিয়াৰ, অৰ্থ, সম্পৰ্ক আদিৰ ক্ষেত্ৰত নমনীয় ফলাফল প্ৰদান কৰিব যিহেতু মে’ 2024 -ত, বৃহস্পতিৰ পৰিবহন হ’ব আৰু এপ্ৰিল 2024 পৰ্য্যন্ত বৃহস্পতি সপ্তম গৃহত স্থিত হ’ব। 2024 বৰ্ষৰ বাবে ভাগ্যৰ গ্ৰহ হিচাপে শণি পঞ্চম গৃহত স্থিত হ’ব আৰু কেতু অনুকূল অৱস্থানত নাথাকিব আৰু দ্বাদশ গৃহ দখল কৰিব, লগতে ৰাহু ষষ্ঠ গৃহত স্থিত হ’ব। 2024 বৰ্ষৰ প্ৰথমাৰ্দ্ধ এপ্ৰিল 2024 ৰ শেষলৈকে পৰিস্থিতি মসৃণ হ’ব কাৰণ বৃহস্পতিয়ে সপ্তম গৃহ দখল কৰিব আৰু আপোনাৰ অৰ্থ লাভৰ ক্ষেত্ৰত এয়া অনুকূল প্ৰমাণিত হ’ব।

Read in Hindi: तुला वार्षिक राशिफल 2024

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি মে’ 2024 ৰ পূৰ্বে সপ্তম গৃহত বৃহস্পতিৰ পৰিবহনৰ বাবে অৰ্থ লাভ, সঞ্চয়, আদিৰ ক্ষেত্ৰত আপুনি অধিক লাভাম্বিত হ’ব। যদিহে আপুনি ব্যৱসায়ৰ লগত জড়িত তেনেহ’লে এই সময়ছোৱাত আপুনি ভাল লাভ প্ৰাপ্ত কৰিব পাৰিব। এই বছৰটোত শণি পঞ্চম গৃহত স্থিত হ’ব আৰু যিহেতু শণি হৈছে এটৈ লাভজনক সৌভাগ্যৰ গ্ৰহ সেয়েহে ই আপোনাক সুখ আৰু অৰ্থৰ ক্ষেত্ৰত সফলতা প্ৰদান কৰিব। এপ্ৰিল 2024 পৰ্য্যন্ত সপ্তম গৃহত বৃহস্পতিৰ উপস্থিতিয়ে জীৱনসঙ্গীৰ সৈতে সম্পৰ্ক, নতুন বন্ধু-বৰ্গ আৰু সহযোগী গঢ় দিয়া আদিৰ ক্ষেত্ৰত আপোনাক সহায় কৰিব। 

মে’ 2024 ৰপৰা বৃহস্পতিয়ে অষ্টম গৃহ দখল কৰিব আৰু ই আপোনাৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে আৰু একে সময়তে আপোনাক উত্তৰাধিকাৰ আৰু অনুমান সূত্ৰে অপ্ৰত্যাশিতভাৱে লাভাম্বিত কৰি তুলিব পাৰে। কিন্তু মে’ 2024 ৰপৰা অষ্টম গৃহত বৃহস্পতিৰ এই পৰিবহন সন্তোষজনক নহব’ও পাৰে আৰু আপুনি যি উপাৰ্জন কৰে সেয়া সঞ্চয় কৰিব নোৱাৰিব পাৰে।

মে’ 2024 ৰপৰা বৃহস্পতিয়ে বৃষ ৰাশিৰ অষ্টম গৃহ দখল কৰাৰ লগে লগে উপাসনা, আৰু ধৰ্মীয় কাৰ্য্যত জড়িত হোৱাৰদ্বাৰা আপুনি ওপৰলৈ আগবাঢ়ি যাব পাৰিব আৰু যথেষ্ট ভাল ফলাফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। অষ্টম গৃহটো হৈছে বাধাৰ গৃহ। সেয়েহে এক সক্ৰিয় ধৰ্মীয় পথত প্ৰৱেশ কৰি আপুনি এই বাধাসমূহ অতিক্ৰম কৰিব পাৰিব আৰু কেৰিয়াৰ. অৰ্থ, সম্পৰ্কত সুখ লাভ, আদিৰ ক্ষেত্ৰত আপুনি যথেষ্ট উপকৃত হ’ব পাৰিব। 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 লৈ- শণিৰ পশ্চাদগমন হ’ব আৰু ইয়াৰ ফলত, কেৰিয়াৰ, অৰ্থ আদিৰ ক্ষেত্ৰত এই সময়ছোৱাত ভাল ফলাফল হ্ৰাস পাব পাৰে।

লগতে পঢ়ক: দৈনিক ৰাশিফল

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 : কেৰিয়াৰ

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, কেৰিয়াৰৰ গ্ৰহ শণিয়ে পঞ্চম গৃহ দখল কৰিব, আৰু যিহেতু শণি হৈছে ভাগ্যৰ গ্ৰহ আৰু সেয়েহে পঞ্চম গৃহত ইয়াৰ অৱস্থানে চাকৰিৰ ক্ষেত্ৰত সফলতা প্ৰদান কৰিব পাৰে। পঞ্চম গৃহত শণিৰ অনুকূল অৱস্থানৰ বাবে আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব আৰু এনে সুযোগৰদ্বাৰা আপুনি নিজ লক্ষ্যত উপনীত হ’ব পাৰিব। আপুনি চাকৰিৰ ক্ষেত্ৰত ভালদৰে উজ্বলি উঠিব পাৰিব আৰু আনৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিব। আপুনি পদোন্নতিৰ সুযোগো লাভ কৰিবলৈ সক্ষম হ’ব যাৰদ্বাৰা আপুনি আগবাঢ়ি যোৱাৰ লগতে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব।

যদিহে আপুনি ব্যৱসায়ৰ লগত জড়িত অথবা নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেনেহ’লে আপুনি এপ্ৰিল 2024 ৰপৰা এইক্ষেত্ৰত সফলতা লাভ কৰিব। মে’2024 ৰপৰা, বৃহস্পতিয়ে চন্দ্ৰ ৰাশিৰ অষ্টম গৃহলৈ যাত্ৰা কৰিব, আৰু আপুনি আৰম্ভ কৰিব বিচৰা নতুন ব্যৱসায়ত আপুনি মে’ 2024 ৰ পিছত ভাল লাভ প্ৰাপ্ত কৰিব নোৱাৰিব কাৰণ বৃহস্পতি তেতিয়া এক অনুকূল অৱস্থানত নাথাকিব। কিন্তু 2024 বৰ্ষৰ বাবে ৰাহু ষষ্ঠ গৃহত আৰু কেতু দ্বাদশ গৃহত স্থিত হ’ব আৰু এই গ্ৰহকেইটাৰ অৱস্থান অনুকূল হ’ব, সেয়েহে ইয়াৰ ফলস্বৰূপে কেৰিয়াৰৰ ক্ষেত্ৰত সৌভাগ্য লাভৰ যোগ আছে। ষষ্ঠ গৃহলৈ ৰাহুৰ গমনৰ ফলস্বৰূপে আপুনি বিদেশ যাত্ৰাৰ সুযোগ লাভ কৰিব পাৰে। 

যদিহে আপুনি ব্যৱসায়ৰ লগত জড়িত, তেনেহ’লে 2024 বৰ্ষটো এপ্ৰিল 2024 ৰ পিছত অত্যন্ত সফল নহ’ব যিহেতু বৃহস্পতি অষ্টম গৃহত থাকিব। আপুনি আৰম্ভ কৰিব বিচৰা যিকোনো নতুন ব্যৱসায় এপ্ৰিল 2024 ৰ পূৰ্বে কৰিব পাৰে আৰু ই লাভ প্ৰদানকাৰী হ’ব কিয়নো বৃহস্পতি সপ্তম গৃহত থাকিব। তদুপৰি, 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 লৈ শণিৰ পশ্চাদগামী গতিৰ বাবে আপুনি কামৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব লাগিব। 

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: আৰ্থিক জীৱন

বছৰটোৰ প্ৰথমাৰ্দ্ধ এপ্ৰিল 2024 পৰ্য্যন্ত সময়ছোৱা আপোনাৰ আৰ্থিক বিকাশৰ বাবে ভাল হ’ব কাৰণ বৃহস্পতি সপ্তম গৃহত স্থিত হ’ব আৰু চন্দ্ৰ ৰাশিক প্ৰভাৱিত কৰিব। শণি পঞ্চম গৃহৰ অধিপতি হিচাপে এক অনুকূল অৱস্থানত পঞ্চম গৃহত স্থিত হ’ব আৰু ই আপোনাৰ বাবে সৌভাগ্যশালী গ্ৰহ আৰু আপোনাক উপযুক্ত পৰিমাণৰ ধনৰ প্ৰৱাহ প্ৰদান কৰিব। আপুনি লাহে লাহে কিন্তু সহজেই ধন প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

তুলা ৰাশিৰ সাপ্তাহিক ৰাশিফল 2024 অনুসৰি 2023 বৰ্ষৰ তুলনাত, য’ত ৰাহু সপ্তম গৃহত আৰু কেতু প্ৰথম গৃহত স্থিত হৈছিল আৰু আপোনাৰ বাবে যথেষ্ট আৰ্থিক সমস্যাৰ সৃষ্টি কৰিছিল, কিন্তু এই বছৰ ৰাহু ষষ্ঠ গৃহত আৰু কেতু দ্বাদশ গৃহত স্থিত হোৱাৰ বাবে আপুনি অধিক ভাল পৰিমাণৰ ধন লাভ কৰিব পাৰিব।

যদিহে আপুনি বিনিয়োগ, নতুন সম্পত্তি ক্ৰয় কৰা আদিৰ ক্ষেত্ৰত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰে তেনেহ’লে এপ্ৰিল 2024 ৰ পিছত এনে পদক্ষেপ ল’ব পাৰে কাৰণ বৃহস্পতিয়ে সপ্তম গৃহত স্থিত হৈ আপোনাক আশীৰ্বাদ প্ৰদান কৰিব। আপুনি আৰ্থিক দিশত গ্ৰহণ কৰা ইতিবাচক সিদ্ধান্তবোৰ মে’ 2024 ৰ পূৰ্বে বাস্তৱায়িত হোৱাৰ সম্ভাৱনা আছে।

2024 বৰ্ষটোৰ দ্বিতীয়াৰ্দ্ধত মে’ 2024 ৰপৰা, আপুনি অৰ্থ লাভৰ ক্ষেত্ৰত মধ্যমীয়া ফল প্ৰাপ্ত কৰিব যিহেতু বৃহস্পতিয়ে অষ্টম গৃহ দখল কৰিব। কিন্তু ষষ্ঠ গৃহৰ অধিপতি হিচাপে অষ্টম গৃহত স্থিত বৃহস্পতিয়ে আপোনাক অপ্ৰত্যাশিতভাৱে যেনে উত্তৰাধিকাৰ সূত্ৰ আদিৰ দৰে উপায়েৰে ধন লাভৰ সুযোগ প্ৰান কৰিব। মে’ 2024 ৰ পূৰ্বে ভাল পৰিমাণৰ অৰ্থ সঞ্চয় কৰাত আপুনি সফল হ’ব পাৰিব।

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: শিক্ষা

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰিছে যে আপোনাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত এই সময়ছোৱা বৰ অনুকূল নহ’ব কাৰণ এপ্ৰিল 2024 পৰ্য্যন্ত বৃহস্পতি চন্দ্ৰ ৰাশিৰ অষ্টম গৃহত স্থিত হ’ব। এপ্ৰিল 2024 ৰ পূৰ্বে, বৃহস্পতি সপ্তম গৃহত স্থিত হ’ব আৰু আপোনাক অধ্যয়নৰ ক্ষেত্ৰত অনুকূল ফলাফল প্ৰদান কৰাৰ লগতে উচ্চশিক্ষাৰ ক্ষেত্ৰতো সহায় কৰিব।এপ্ৰিল 2024 ৰ পিছত, বৃহস্পতি চন্দ্ৰ ৰাশিৰ অষ্টম গৃহত স্থিত হ’ব যি আপোনাক শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল প্ৰদান নকৰিবও পাৰে আৰু কিছুমান প্ৰতিকূল ফলাফলৰ আপুনি সম্মুখীন হ’ব পাৰে।

অধ্যয়নৰ গ্ৰহ বুধ 7 জানুৱাৰী, 2024 ৰপৰা 8 এপ্ৰিল, 2024 লৈ এক অনুকূল অৱস্থানত স্থিত হ’ব আৰু এই সময়ছোৱাত, আপুনি অধ্যয়নৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ লগতে সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। কিন্তু এই বছৰো উচ্চ বৃত্তিগত শিক্ষা লাভৰ বাবে অনুকূল নহয়।

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে প্ৰকাশ কৰিছে যে 2024 বৰ্ষটোত অধ্যয়নৰ লগত জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটো আপোনাৰ বাবে সিমান অনুকূল নহ’ব। ষষ্ঠ গৃহত ৰাহু আৰু দ্বাদশ গৃহত কেতুৰ উপস্থিতি আপোনাৰ অধ্যয়নৰ ক্ষেত্ৰত অনুকূল হোৱাৰ সম্ভাৱনা আছে আৰু এই অৱস্থানে আপোনাক অধ্যয়নত আগবাঢ়ি যোৱাত সহায় কৰিব। 2024 বৰ্ষত পঞ্চম গৃহত শণিৰ অৱস্থানৰ বাবে আপুনি অধ্যয়নত ভাল ফল দেখুৱাব পাৰিব আৰু লগতে বৃত্তিগত দিশত আপোনাক একাগ্ৰতাৰে আগবাঢ়ি যোৱাত সহায় কৰিব। 

আপোনাৰ শুভ সংখ্য়া জানক: সাংখ্যিক কেলকুলেটৰ

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: পাৰিবাৰিক জীৱন

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰে যে তুলা ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন 1 মে’, 2024ৰ পূৰ্বে সিমান উৎসাহজনক নহ’ব কাৰণ বৃহস্পতি চন্দ্ৰ ৰাশিৰ অষ্টম গৃহত স্থিত হ’ব। মে’ 2024 ৰ পূৰ্বে বৃহস্পতি সপ্তম গৃহত স্থিত হ’ব আৰু পৰিয়ালত সুখ-শান্তি বৰ্দ্ধন কৰাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ মাজত বুজাবুজি বৃদ্ধি কৰিব।

এই পৰিবহন ফলস্বৰূপে পৰিয়ালত শুভ অনুষ্ঠান অনুষ্ঠিত হ’ব। আপুনি সম্পৰ্কৰ গুৰুত্ব উপলব্ধি কৰিব আৰু তাৰ ফলত পৰিয়ালৰ সদস্যসকলৰ মাজত একতা স্থাপন হ’ব। এই বছৰ এপ্ৰিল 2024 ৰ পূৰ্বে আপুনি শুভ অনুষ্ঠান উপভোগ কৰিব পাৰিব যিহেতু বৃহস্পতিয়ে সপ্তম গৃহত স্থিত হৈ চন্দ্ৰ ৰাশিক প্ৰভাৱিত কৰিব আৰু পৰিয়ালত সুখ-শান্তি বৃদ্ধি কৰিব। মে’ 2024 ৰ পূৰ্বে আপুনি পৰিয়ালত সকলো ভাল সময় উপভোগ কৰিব পাৰিব।

অষ্টম গৃহত বৃহস্পতিৰ প্ৰতিকূল অৱস্থানৰ ফলস্বৰূপে মে’ 2024 ৰ পিছত আপুনি পাৰিবাৰিক জীৱন সুখ-শান্তি হেৰুৱাব পাৰে। অষ্টম গৃহত বৃহস্পতিৰ প্ৰভাৱৰ ফলস্বৰূপে, মে’ 2024 ৰ পিছত পৰিয়াল ভুল বুজাবুজি বশতঃ যুক্তি-তৰ্ক হ’ব পাৰে। পৰিয়ালত এনে কিছুমান অপ্ৰত্যাশিত বিবাদ হ’ব যিবোৰ আপুনি 2024 বৰ্ষত এৰাই চলিব পাৰিব আৰু ইয়াৰ বাবে অধিক মোকাবিলা কৰি চিব লাগিব।

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰেম আৰু বিবাহ

এপ্ৰিল 2024 ৰ পিছৰ সময়খিনি প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত সিমান ভাল নহয় কাৰণ অষ্টম গৃহত স্থিত বৃহস্পতি, দ্বাদশ গৃহত স্থিত কেতুৱে প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাৰ লগতে বিবাহ আৰু দাম্পত্য জীৱনত অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে। যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেনেহ’লে প্ৰেমৰ ক্ষেত্ৰত আপুনি সুখী হ’ব আৰু ইয়াত সফলতা লাভ কৰিব।

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -ৰ মতে যদিহে আপুনি বিবাহত সোমোৱাৰ কথা ভাবিছে, তেনেহ’লে এপ্ৰিল 2024 ৰ পূৰ্বেই বিবাহ-পাশত আৱদ্ধ হোৱাটো ভাল হ’ব কাৰণ বৃহস্পতিয়ে চন্দ্ৰ ৰাশিৰ সপ্তম গৃহ দখল কৰিব আৰু যদিহে আপুনি ইতিমধ্যে বিবাহিত, তেনেহ’লে মে’ 2024 ৰ পূৰ্বে আপোনাৰ বিবাহিত জীৱন ভালেৰে যাব। যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেনেহ’লে এপ্ৰিল 2024 ৰ পিছত জীৱনসঙ্গীৰ সৈতে মতানৈক্য ঘটিব পাৰে আৰু যদিহে আপুনি বিয়াত বহিবলৈ ওলাইছে তেনেহ’লে বিবাহক মে’ 2024 ৰ পিছলৈ পিছুৱাই দিয়া উচিত।

দ্বাদশ গৃহত কেতুৰ স্থিতিয়ে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। 2024 ত আপুনি প্ৰেম আৰু বিবাহক লৈ আশাবাদী হৈ থকা উচিত। প্ৰেম আৰু বিবাহৰ গ্ৰহ শুক্ৰই আপোনাক 12 জুন, 2024,ৰপৰা 24 আগষ্ট, 2024 লৈ অনুকূল ফলাফল প্ৰদান কৰিব।

বিবাহৰ বাবে ৰাহি-যোৰা মিলন: বিবাহৰ বাবে সোঁৱৰণি মিলোৱা

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: স্বাস্থ্য

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰে যে মে’ 2024 ৰ পূৰ্বে আপোনাৰ স্বাস্থ্য ভালে থাকিব বৃহস্পতি চন্দ্ৰ ৰাশিৰ সপ্তম গৃহত স্থিত হ’ব আৰু চন্দ্ৰ ৰাশিক প্ৰভাৱিত কৰিব যাৰ ফলস্বৰূপে আপোনাৰ উদ্যম তথা আত্মবিশ্বাস বৃদ্ধি পাব। বৃহস্পতি চন্দ্ৰ ৰাশিৰ সপ্তম গৃহত স্থিত হ’ব আৰু এই অস্থানে আপোনাৰ শক্তি তথা প্ৰতিৰোধ ক্ষমতাৰ স্তৰ বৃদ্ধি কৰি আপোনাক এক সুন্দৰ স্বাস্থ্য অটুত ৰখাৰ ক্ষেত্ৰত সহায় কৰিব।

ষষ্ঠ গৃহত স্থিত ৰাহুৱে আপোনাক ভাল স্বাস্থ্য লাভ আৰু ভাল স্বাস্থ্য অটুত ৰখাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰাত সহায় কৰিব আৰু আপোনাৰ স্বাস্থ্য ভালে ৰাখিব। মে’ 2024 ৰ পিছত, অষ্টম গৃহত বৃহস্পতিৰ উপস্থিতিৰ বাবে আপোনাৰ স্বাস্থ্য মধ্যমীয়া ধৰণে থাকিব, আৰু ইয়াৰ ফলত, আপোনাৰ চকুৰ খচখচনি হোৱাৰ লগতে মূৰৰ বিষ হ’ব পাৰে। যোগাভ্যাস/ধ্যান কৰাৰ লগতে নিজকে প্ৰাণোচ্ছল কৰি ৰখাটো আপোনাৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ’ব। ভৰিৰ বিষ, কলাফুলৰ বিষ আদিৰ সম্মুখীন হ’ব পাৰে। কিন্তু বৃহস্পতিৰ দৃষ্টিয়ে আপোনাক চাপৰপৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব।

কেতুৰ প্ৰতিকূল অৱস্থানৰ বাবে, আপুনি কোনো ধৰণৰ মানসিক সমস্যাত ভূগিব পাৰে আৰু ইয়াৰ পৰা উপশম পাবৰ বাবে, আপুনি ধ্যান কৰা উচিত। 2024 বৰ্ষত ষষ্ঠ গৃহত শণিৰ অৱস্থানৰদ্বাৰা আপুনি স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰেহাই পাব পাৰিব।

তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰতিকাৰসমূহ

  • দৈনিক দুৰ্গা চালিশা পাঠ কৰক।
  • মঙলবাৰে কেতুৰ বাবে যজ্ঞ-হোম কৰক।
  • দৈনিক 21 বাৰ “ওম ৰাহাৱে নমঃ” জপ কৰক।
  • দৈনিক 21 “ওম কেথাৱে নমঃ” জপ কৰক।

আপুনি প্ৰৱন্ধটো ভাল পাইছে বুলি আশা কৰিছোঁ। MyKundali-ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ থকাৰ বাবে অশেষ ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে সংযোজিত হৈ থাকক।