Personalized
Horoscope

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

এই প্ৰৱন্ধটোত, আমি মীন ৰাশিৰ 2024 বাৰ্ষিক ৰাশিফল আৰু তাৰ প্ৰভাৱসমূহৰ ওপৰত আলোকপাত কৰিছোঁ। মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে এই ৰাশিৰ জাতকসকলৰ জীৱনৰ বিভিন্ন দিশ যেনে কেৰিয়াৰ, বিত্ত, সম্পৰ্ক, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদিৰ ক্ষেত্ৰত তেওঁলোকৰ ভাগ্য কেনে হ’ব সেয়া প্ৰকাশ কৰিছে। বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, মীন হৈছে ৰাশিচক্ৰৰ দ্বাদশ গ্ৰহ আৰু ই জল তত্ত্বৰ লগত জড়িত।

Read in English : Pisces Yearly Horoscope 2024 

মীন ৰাশি বৃহস্পতি গ্ৰহৰদ্বাৰা শাসিত যি আশীৰ্বাদ আৰু আধ্য়াত্মিকতাক সূচিত কৰে। এই 2024 বৰ্ষটোৱে কেৰিয়াৰ, অৰ্থ, সম্পৰ্ক আদিৰ ক্ষেত্ৰত মে’ 2024 ৰপৰা মধ্যমীয়া ফলাফল প্ৰদান কৰিব কিয়নো এই বৰ্ষটোত শণি গ্ৰহ আৰু ৰাহু-কেতুৰ পৰিবহন অনুকূল নহয়। মে’ 2024 ৰ পূৰ্বে, বৃহস্পতি প্ৰথম আৰু দশম গৃহৰ অধিপতি হিচাপে দ্বিতীয় গৃহত স্থিত হ’ব আৰু অনুকূল অৱস্থানত থাকিব। মে’ 2024 ৰপৰা, বৃহস্পতি তৃতীয় গৃহত স্থিত হ’ব আৰু আপোনাৰ বাবে অনুকূল নহ’ব পাৰে। 2024 বৰ্ষত শণি দ্বাদশ গৃহত স্থিত হ’ব আৰু ই বিলম্বক সূচিত কৰে। ৰাহু অনুকূল অৱস্থানত নাথাকে আৰু ই দ্বিতীয় গৃহ দখল কৰিব আৰু কেতুৱে অষ্টম গৃহ দখল কৰিব।

Read in Hindi : मीन वार्षिक राशिफल 2024

বছৰটোৰ দ্বিতীয়াৰ্দ্ধ এপ্ৰিল 2024 ৰ সময়খিনি সিমান মসৃণ নহ’ব বুলি মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে অনুমান কৰিছে কিয়নো মে’ 2024 ৰপৰা বৃহস্পতিয়ে তৃতীয় গৃহ দখল কৰিব আৰু ইয়াৰ ফলত, সুখ-শান্তি হ্ৰাস পাব পাৰে আৰু ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। শণি দ্বাদশ গৃহত স্থিত হ’ব আৰু কেৰিয়াৰ, অৰ্থ, স্বাস্থ্য আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপোনাক নিম্ন ফল প্ৰদান কৰিব। দ্বাদশ গৃহত শণিৰ অৱস্থানে সাড়ে সতীৰ আৰম্ভণিক সূচিত কৰে।

দ্বিতীয় গৃহত স্থিত ৰাহু আৰু অষ্টম গৃহত স্থিত কেতুৱে স্বাস্থ্য আৰু আৰ্থিক দিশৰ উত্থান-পতনৰ ক্ষেত্ৰত অশুভ সংকেত প্ৰদান কৰিব। 2024 বৰ্ষৰ দ্বিতীয়াৰ্দ্ধৰ তুলনাত, বছৰটোৰ প্ৰথমাৰ্দ্ধ মে’ 2024 ৰ পূৰ্বৰ সময়খিনি স্বাস্থ্য, কেৰিয়াৰ, অৰ্থ আৰু ব্যক্তিগত জীৱনৰ সুখৰ ক্ষেত্ৰত শুভ হ’ব কিয়নো এপ্ৰিল 2024 পৰ্য্যন্ত বৃহস্পতি দ্বিতীয় গৃহত স্থিত হ’ব, মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে এইদৰে প্ৰকাশ কৰিছে।

দ্বিতীয় গৃহত বৃহস্পতিৰ শুভ পৰিবহনৰ ফলস্বৰূপে, আপুনি মে’2024 ৰ পূৰ্বে যথেষ্ট সুখ-সুবিধা ভোগ কৰিব পাৰিব। মে’ 2024 ৰ পূৰ্বে দ্বিতীয় গৃহত বৃহস্পতিৰ পৰিবহনে সূচিত কৰে যে আপুনি সঠিক আৰ্থিক সিদ্ধান্ত ল’ব পাৰিব, বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিব পাৰিব, সঞ্চয় কৰিব পাৰিব আৰু পাৰিবাৰিক সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হ’ব।

মে’ 2024 ৰ পূৰ্বে দ্বিতীয় গৃহত বৃহস্পতিৰ পৰিবহনৰ ফলস্বৰূপে, আপুনি ভাল পৰিমাণৰ অৰ্থ লাভ, সঞ্চয় আদিৰ ৰূপত যথেষ্ট লাভাম্বিত হ’ৎব পাৰিব।

যদিহে আপুনি ব্যৱসায় কৰে, তেনেহ’লে লাভ প্ৰাপ্ত কৰাৰ আৰু উপাৰ্জন বৃদ্ধি কৰাৰ বাবে এয়াই আটাইতকৈ ভাল সময়। মে’ 2024 ৰ পূৰ্বে দ্বিতীয় গৃহত বৃহস্পতিৰ অৱস্থানে কৰ্ম, অৰ্থ, আৰু সম্পৰ্ক আদিৰ ক্ষেত্ৰত অত্যন্ত ভাল ফলাফল প্ৰদান কৰিব। দ্বিতীয় গৃহত বৃহস্পতিৰ উপস্থিতিৰ ফলত, আপুনি শীৰ্ষস্থানত উপনীত হ’ব পাৰিব আৰু উপাসনা তথা আধ্যাত্মিক কাৰ্য্যৰদ্বাৰা ভাল সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। সেয়েহে, সক্ৰিয় আধ্যাত্মিক পথৰ জৰিয়তে আপুনি 2024 বৰ্ষত যথেষ্ট ভাল ফলাফল লাভ কৰিব পাৰিব কিয়নো বৃহস্পতি মে’ 2024 ৰ পূৰ্বে দ্বিতীয় গৃহত উপস্থিত থাকিব।

লগতে পঢ়ক: দৈনিক ৰাশিফল

দ্বিতীয় গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাক ভৱিষ্যত সম্বন্ধীয় শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰিব আৰু আপুনি বিচাৰি থকা কোনো সিদ্ধান্ত গ্ৰহণ কৰাত সমৰ্থৱান হ’ব। মে’ 2024 ৰ পূৰ্বে, আপুনি সঠিকভাৱে আৰু যথেষ্ট ভাবি-চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। মে’ 2024 ৰ পূৰ্বে দ্বিতীয় গহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাক ভাৱ প্ৰকাশৰ ক্ষেত্ৰত সহায় কৰিব আৰু ইয়াৰ ফলত, আপুনি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। তদুপৰি, দ্বিতীয় গৃহত বৃহস্পতিৰ উপস্থিতিৰ বাবে, আপুনি জীৱনসঙ্গীৰ সৈতে সুখ প্ৰাপ্ত কৰিব পাৰিব আৰু আপোনাৰ মাজৰ বান্ধোন শক্তিশালী হ’ব।

দ্বিতীয় গৃহত ৰাহু আৰু অষ্টম গৃহত কেতুৰ স্থিতিয়ে পাৰিবাৰিক জীৱন, সম্পৰ্ক আৰু কেৰিয়াৰত আকস্মিক পৰিৱৰ্তন আনিব পাৰে। মে’ 2024 ৰপৰা, তৃতীয় গৃহত বৃহস্পতিৰ উপস্থিতিৰ বাবে চিন্তা, আৰ্থিক সমস্যা আহিব পাৰে আৰু আৰ্থিক সমস্যাৰ হেতু আপুনি বেংকৰপৰা ঋণ ল’বলগীয়া হ’ব পাৰে আৰু তাৰ ফলত আপোনাৰ ঋণৰ পৰিমাণ বাঢ়ি যাব পাৰে।

দ্বিতীয় গৃহত বৃহস্পতিৰ স্থিতিৰ বাবে, মে’ 2024 ৰ পূৰ্বে আপুনি গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। চমুকৈ ক’বলৈ গ’লে, মে’ 2024 ৰ পূৰ্বৰ সময়ছোৱা আপোনাৰ কেৰিয়াৰ, অৰ্থ, সম্পৰ্ক, আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ’ব। যি কি নহওক, 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 লৈ, শণিৰ পশ্চাদগমন হ’ব আৰু ইয়াৰ ফলত, আপুনি নমনীয় ফলাফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

এই সকলোবোৰ ফলাফল সাধাৰণ প্ৰকৃতিৰ আৰু ব্যক্তিগত ৰাশিফল অনুযায়ী আপোনাৰ বাবে অধিক উপযুক্ত ফলাফল সম্ভৱ হ’ব পাৰে |

আপোনাৰ শুভ সংখ্য়া জানক: সাংখ্যিক কেলকুলেটৰ

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 : কেৰিয়াৰ

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, কেৰিয়াৰৰ গ্ৰহ শণিয়ে দ্বাদশ গৃহ দখল কৰিব আৰু আপুনি 2024 ৰপৰা সাড়ে সতীত থাকিব। মে’ 2024 ৰ পূৰ্বে বৃহস্পতি দ্বিতীয় গৃহত স্থিত হ’ব আৰু মে’2024 ৰপৰা, বৃহস্পতি তৃতীয় গৃহলৈ যাত্ৰা কৰিব আৰু ই আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট মোকাবিলা কৰিবলগীয়া হ’ব কিয়নো 2024 বৰ্ষত আপোনাৰ কেৰিয়াৰৰ বিকাশৰ সম্ভাৱনা সীমিত হৈ থকাৰ যোগ আছে।

2024 বৰ্ষত কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি যথেষ্ট ধৈৰ্য্য ধৰিব লাগিব কিয়নো শণি দ্বাদশ গৃহত স্থিত হ’ব। আপোনাৰ কেৰিয়াৰ ভাললৈ অহাৰ বাবে আপুনি অপেক্ষা কৰিব লাগিব কিয়নোএই বৰ্ষত কেৰিয়াৰৰ ক্ষেত্ৰত অনুকূল সুযোগ লাভ নকৰিব পাৰে। মে’ 2024 ৰ পূৰ্বে, দ্বিতীয় গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাক কেৰিয়াৰৰ ক্ষেত্ৰত ভাল সুযোগ প্ৰাপ্ত কৰাত সহায় কৰিব। কিন্তু মে’ 2024 ৰ পিছত সেয়া সম্ভৱ নহ’ব পাৰে কিয়নো মে’ 2024 ৰপৰা বৃহস্পতি তৃতীয় গৃহত প্ৰতিকূল অৱস্থানত থাকিব।

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰিছে যে মে’2024 ৰ পিছত বৃহস্পতিৰ পৰিবহনৰ ফলস্বৰূপে, আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত স্থানৰ পৰিৱৰ্তন বা চাকৰিৰ পৰিৱৰ্তন হ’ব পাৰে। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ্য সহকৰ্মীৰপৰা প্ৰশংসা লাভ কৰাটো আপোনাৰ বাবে অনুকূল নহ’বও পাৰে আৰু ই আপোনাৰ সন্তুষ্টি হ্ৰাস কৰিব পাৰে। তদুপৰি, এপ্ৰিল 2024ৰ পিছত কেৰিয়াৰৰ সন্দৰ্ভত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো উচিত নহ’ব। 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 লৈ শণিৰ পশ্চাদগামী গতিৰ বাবে, আপুনি কামত অদিক মনোনিৱেশ কৰিব পাৰিব।

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: আৰ্থিক জীৱন

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, বছৰটোৰ দ্বিতীয়াৰ্দ্ধ মে’ 2024 ৰপৰা সময়ছোৱা আপোনাৰ আৰ্থিক বিকাশৰ বাবে অনুকূল নহ’ব কাৰণ বৃহস্পতি চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত তৃতীয় অৱ্থানত থাকিব। যদিহে বৃহস্পতি তৃতীয় গৃহত থাকে, তেতিয়া সাগৰো শুকাই যায় বুলি কোৱা হয়। সেয়েহে, যদিহে তৃতীয় গৃহত বৃহস্পতিৰ অৱস্থানৰ বাবে, আপোনাৰ ব্যয় যথেষ্ট বৃদ্ধি পাব আৰু আপোনাৰ সকলো সঞ্চয় শেষ হ’ব।

দ্বাদশ গৃহত শণি, দ্বিতীয় গৃহত ৰাহু আৰু অষ্টম গহত কেতুৰ উপস্থিতিৰ বাবে এই বছৰ অধিক প্ৰতিশ্ৰুতিয়ে আপোনাক চিন্তাত পেলাব পাৰে। 2024 বৰ্ষত আপোনাৰ সঞ্চয় বৃদ্ধি কৰাৰ সুযোগ সীমিত হৈ থাকিব। মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি আপুনি মে’ 2024 ৰ পূৰ্বে সফলতা প্ৰাপ্ত কৰাৰ লগতে ভাল পৰিমাণৰ উপাৰ্জন প্ৰাপ্ত কৰিব পাৰিব।

তদুপৰি, মে’ 2024 ৰ পূৰ্বৰ সময়ছোৱাত আপুনি নতুন বিনিয়োগ কৰিব পাৰে যি ভৱিষ্যতে কামত আহিব আৰু আপুনি লাভাম্বিত হ’ব। মে’ 2024 ত বৃহস্পতিৰ পৰিবহনৰ পিছত আপুনি উপাৰ্জন কৰা অৰ্থ ভাল আঁচনিত বিনিয়োগ কৰা উচিত আৰু এইটো আপুনি বৃহৎ পৰিমাণত কৰিব পাৰে। দ্বিতীয় গৃহত ৰাহু, অষ্টম গৃহত কেতুৰ উপস্থিতিৰ ফলত আপুনি পৰিয়ালৰ বাবে অধিন ব্যয় কৰিবলগীয়া হ’ব পাৰে আৰু আপোনাৰ উপাৰ্জনৰ ক্ষমতাও সীমাৱদ্ধ হ’ব। 2024 বৰ্ষৰ বাবে সাড়ে সতীৰ দশাই আপোনাৰ অধিক উপাৰ্জনৰ পৰিসৰ সীমিত কৰিব আৰু আপুনি কেৱল মধ্যমীয়া ধৰণৰহে উপাৰ্জন কৰিব পাৰিব।

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: শিক্ষা

মে’ 2024 ত চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত তৃতীয় গৃহত বৃহস্পতি স্থিত হোৱাৰ বাবে আপোনাৰ শিক্ষাৰ সম্ভাৱনীয়তা সীমাৱদ্ধ হ’ব। এপ্ৰিল 2024ৰ পূৰ্বে, উপকাৰী গ্ৰহ বৃহস্পতি দ্বিতীয় গৃহত স্থিত হ’ব আৰু আপোনাক যথেষ্ট সন্তোষজনক ফলাফল প্ৰদান কৰিব, মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে এইদৰে প্ৰকাশ কৰে। প্ৰধান গ্ৰহ শণিয়ে আপোনাক ভাল ফলাফল প্ৰদান নকৰিব পাৰে কিয়নো শণি দ্বাদশ গহত স্থিত হ’ব আৰু অধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ মনোযোগ হ্ৰাস কৰিব।

মে’ 2024 ৰপৰা, অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট মন্থৰ বিকাশ হ’ব কাৰণ বৃহস্পতি তৃতীয় গৃহত স্থিত হ’ব যি অধ্যয়নৰ ক্ষেত্ৰত আপোনাক কিছুমান প্ৰতিকূল ফলাফল প্ৰদান কৰিব। শিক্ষাৰ গ্ৰহ বুধে, 7 জানুৱাৰী, 2024 ৰপৰা 8 এপ্ৰিল, 2024 লৈ এক অনুকূল অৱ্থান দখল কৰিব আৰু এই সময়ছোৱাত, আপুনি অধ্যয়নৰ দিশত আগবাঢ়ি যোৱাৰ লগতে উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰিব। ৰাহু দ্বিতীয় গৃহত আৰু কেতু অষ্টম গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলত, আপুনি অধ্যয়নত অসুবিধাৰ সম্মুখীন হ’ব আৰু এইক্ষেত্ৰত সন্তুষ্টি হ্ৰাস হ’ব।

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে অনুমান কৰিছে যে আপুনি অধ্যয়ন কৰা সকলোবোৰ আপুনি ভালদৰে বুজিব বা মনত ৰাখিব নোৱাৰিব পাৰে। যদিহে আপুনি বৃত্তিগত অধ্যয়ন কৰাৰ কথা ভাবিছে, তেনেহ’লে ইয়াক মনৰপৰা আতৰাই দিয়া উচিত। দ্বিতীয় গৃহত স্থিত ৰাহুৱে মনোনিৱেশ হ্ৰাস কৰাৰ লগতে চঞ্চলতা প্ৰদান কৰিব পাৰে যাৰ বাবে আপুনি অধ্যয়নত উৎকৃষ্ট প্ৰদৰ্শন কৰিব নোৱাৰিব। মে’ 2024 ৰ পূৰ্বে পঞ্চম গৃহত স্থিত হোৱা উপকাৰী গ্ৰহ বৃহস্পতিয়ে আপোনাক অধ্যয়নৰ পথত ইতিবাচক ফল লাভ কৰাত আৰু আগুৱাই যোৱাত সহায় কৰিব। 

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: পাৰিবাৰিক জীৱন

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি মীন ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন মে’2024 ৰ পিছত সিমান ভাল নহ’ব, কাৰণ বৃহস্পতি চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত তৃতীয় গৃহত স্থিত হ’ব। বৃহস্পতি আৰু শণিৰ এই গ্ৰহীয় অৱস্থানে পাৰিবাৰিক জীৱনত কিছু বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। মে’2024 ৰ পূৰ্বে, পৰিয়ালত সকলোবোৰ ঠিকেই থাকিব কাৰণ বৃহস্পতি দ্বিতীয় গৃহত স্থিত হ’ব আৰু পাৰিবাৰিক জীৱনত আপোনাক সুখ-আনন্দ প্ৰদান কৰিব।

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, তৃতীয় গৃহত বৃহস্পতিৰ উপস্থিতিৰ বাবে মে’ 2024 ৰপৰা, পৰিয়ালত স্বাভিমানৰ লগত জড়িত সমস্যাৰ উদ্ভৱ হ’ব পাৰে। দ্বিতীয় গৃহত ৰাহু আৰু অষ্টম গৃহত কেতুৰ স্থিতিয়ে সমস্যাৰ সৃষ্টি কৰাৰ লগতে বৃদ্ধি কৰিব পাৰে। 2024 ত পৰিয়ালৰ পৰিৱেশ অনিয়ন্ত্ৰিত হৈ থাকিব পাৰে আৰু আপোনাৰ বাবে সুখ হ্ৰাস পাব পাৰে। ভুল বুজাবুজিৰ বাবে এনে হ’ব পাৰে যি পাৰিবাৰিক পৰিৱেশ আৰু সুখ-শান্তি বিনষ্ট কৰিব। পৰিয়ালৰ সদস্যসকলে আপোনাৰ পৰা সুবিধা লৈছে বুলি আপুনি মে’2024 ৰ পিছত জানিব পাৰে।

বিবাহৰ বাবে ৰাহি-যোৰা মিলন: বিবাহৰ বাবে সোঁৱৰণি মিলোৱা

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰেম আৰু বিবাহ

মে’ 2024 ৰ পিছৰ সময়খিনি প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত সিমান ভাল নহ’ব পাৰে কাৰণ 2024 বৰ্ষত শুভ গ্ৰহ বৃহস্পতি তৃতীয় গৃহত আৰু শণি দ্বাদশ গৃহত স্থিত হ’ব আৰু ই আপোনাৰ বিবাহৰ সম্ভাৱনা মন্থৰ কৰিব পাৰে। মে’ 2024 ৰপৰা বৃহস্পতিৰ পৰিবহন তৃতীয় গৃহত হ’ব আৰু ই প্ৰেম তথা বিবাহৰ ক্ষেত্ৰত আপোনাক ভাল ফলাফল প্ৰদান নকৰিব পাৰে। যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেনহ’লে মে’ 2024ৰ পিছত এই সম্পৰ্ক বিবাহত পৰিণত হোৱাৰ আশা নাই কিয়নো বৃহস্পতি তৃতীয় গৃহত স্থিত হ’ব।

মে’ 2024 ৰ পিছত, বৃহস্পতিৰ প্ৰতিকূল অৱস্থান, দ্বাদশ গৃহত শণিৰ স্থিতি আৰু দ্বিতীয় গৃহত ৰাহু আৰু অষ্টম গৃহত কেতুৰ প্ৰতিকূল অৱস্থানৰ বাবে ৰ বাবে, বিবাহৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত অনুকূল নহ’ব পাৰে আৰু মে’ 2024 ৰ পিছত আপুনি বিবাহ পিছুৱাই দিয়াটোৱেই ভাল হ’ব। মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি, যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেনেহ’লে মে’2024 ৰ পূৰ্বে ই বিবাহলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে আৰু ই অনুকূল হ’ব।সেয়েহে, আপোনাৰ ব্যক্তিগত জীৱনৰ যিকোনো ভাল সিদ্ধান্ত মে’ 2024 ৰ পূৰ্বে ল’ব পাৰে। প্ৰেম আৰু বিবাহৰ গ্ৰহ শুক্ৰই আপোনাক প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত 12 জুন, 2024 ৰপৰা 24 আগষ্ট, 2024 ৰ মাজৰ সময়ছোৱাত সহায় কৰিব।

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: স্বাস্থ্য

মে’ 2024 ৰ পূৰ্বে আপোনাৰ স্বাস্থ্য ভালে থকাৰ যোগ আছে কাৰণ বৃহস্পতি চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত দ্বিতীয় গৃহত থাকিব আৰু ইয়াৰ ফলত, আপোনাৰ আত্মবিশ্বাস থকাৰ লগতে শক্তিৰ স্তৰ উন্নত হৈ থাকিব। মে’ 2024 ৰ পূৰ্বে, আধ্যাত্মিক বিষয়ত আপোনাৰ যথেষ্ট বিশ্বাস থাকিব আৰু এই বিশ্বাসে আপোনাৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰিব। এই 2024 বৰ্ষটোত, আপুনি সাড়ে সতীৰ প্ৰথমাৰ্দ্ধত থাকিব আৰু ইয়াৰ ফলস্বৰূপে আপুনি স্বাস্থ্যৰ প্ৰতি কিছু চকু দিব লাগিব। এইক্ষেত্ৰত আপুনি চাপৰো সম্মুখীন হ’ব পাৰে।

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে প্ৰকাশ কৰিছে যে দ্বিতীয় গৃহত ৰাহু, অষ্টম গৃহত কেতুৰ স্থিতি আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয়। চকুৰ খচখচনি, দাঁতৰ বিষ আৰু পাচনৰ লগত জড়িত সমস্যাই দেখা দিব পাৰে। মে’ ৰ পিছত 2024, আপোনাৰ স্বাস্থ্য সুস্থিৰ অৱস্থাত নাথাকিব পাৰে কিয়নো বৃহস্পতি তৃতীয় গৃহত আৰু শণি দ্বাদশ গৃহত স্থিত হ’ব।

কামৰ সন্দৰ্ভত অধিক যাত্ৰা কৰিবলগীয়া হোৱাৰ বাবে আপোনাৰ চাপ বৃদ্ধি হ’ব পাৰে। ভৰিৰ বিষ, উৰুৰ বিষ আদি হ’ব পাৰে। নিজকে শান্ত আৰু চাপমুক্ত কৰি ৰাখিবৰ বাবে যোগাভ্যাস/ধ্যান কৰাটো ফলদায়ক হ’ব। অৱশ্যে আপোনাৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সমস্যা নহয়।

মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰতিকাৰসমূহ

  • দৈনিক দুৰ্গা চালিশা পাঠ কৰক।
  • শণিবাৰে শণি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
  • মঙ্গলবাৰে ৰাহু/কেতুৰ বাবে যজ্ঞ-হোম সম্পন্ন কৰক।
  • দৈনিক 21 বাৰ “ওম গুৰৱে নমঃ'' জপ কৰক।

আপুনি প্ৰৱন্ধটো ভাল পাইছে বুলি আশা কৰিছোঁ। MyKundali-ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ থকাৰ বাবে অশেষ ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে সংযোজিত হৈ থাকক।

সঘনাই সোধা প্ৰশ্ন

2024 বৰ্ষটো মীন ৰাশিৰ বাবে ভাল হয় নে?

হয়, এই বৰ্ষটো মীন ৰাশিৰ জাতকসকলৰ বাবে খুব ভাল হ’ব।

2024 বৰ্ষত মীন ৰাশিৰ জাতকসকল ধনী হ’ব নে?

হয়, যদিহে তেওঁলোকে নিজৰ দক্ষতা সঠিকভাৱে আৰু সুপৰিকল্পিতভাৱে প্ৰয়োগ কৰে তেনেহ’লে তেওঁলোক ধনী হ’ব।

মীন ৰাশিটো দুৰ্বল নেকি?

মীন ৰাশিৰ জাতকসকল সহজেই আনৰ আক্ৰমণৰ সম্মুখীন হয় যাৰ বাবে তেওঁলোকক দুৰ্বল বুলি ক’ব পৰা যায়।

মীন ৰাশিৰ জাতকসকল কি বিষয়ত ভাল?

সৃষ্টিশীল মীন ৰাশিৰ জাতকসকলে অংকন, ডিজাইন আৰু ফটোগ্ৰাফীত ভাল প্ৰদৰ্শন কৰিব পাৰে।

মীন ৰাশিৰ জাতকসকলৰ সুপ্ত প্ৰতিভা কি?

মীন ৰাশিৰ প্ৰায়ভাগ জাতক ভাল কবি হয়।

মীন ৰাশিৰ জাতকসকল সৌভাগ্যৱান নে দুৰ্ভাগ্যৱান?

প্ৰকৃততে, এই উজ্বল ব্যক্তিত্বৰ লোকসকল সৌভাগ্যৱান হয়।