Personalized
Horoscope

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024

এই প্ৰৱন্ধটোত, আমি ধনু ৰাশিৰ 2024 বাৰ্ষিক ৰাশিফল আৰু তাৰ প্ৰভাৱসমূহৰ ওপৰত আলোকপাত কৰিছোঁ। ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে এই ৰাশিৰ জাতকসকলৰ জীৱনৰ বিভিন্ন দিশ যেনে কেৰিয়াৰ, বিত্ত, সম্পৰ্ক, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদিৰ ক্ষেত্ৰত তেওঁলোকৰ ভাগ্য কেনে হ’ব সেয়া প্ৰকাশ কৰিছে। বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, ধনু হৈছে ৰাশিচক্ৰৰ নৱম গ্ৰহ আৰু ই অগ্নি তত্ত্বৰ অধীনৰ।

Read in English : Sagittarius Yearly Horoscope 2024

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: ধনু ৰাশি বৃহস্পতিৰদ্বাৰা শাসিত যি আশীৰ্বাদ আৰু আধ্যাত্মিকতাক প্ৰতিনিধিত্ব কৰে। আগন্তুক 2024 বৰ্ষটোৱে মে’ 2024 ৰপৰা কেৰিয়াৰ, অৰ্থ, সম্পৰ্ক আদিৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল প্ৰদান কৰিব কাৰণ বৃহস্পতি ষষ্ঠ গৃহত স্থিত হ’ব। মে’ 2024 ৰ পূৰ্বে, বৃহস্পতি প্ৰথম আৰু চতুৰ্থ গৃহৰ অধিপতি হিচাপে পঞ্চম গৃহত স্থিত হ’ব। 2024 বৰ্ষৰ বাবে শণি তৃতীয় গৃহত স্থিত হ’ব আৰু ই সফলতাৰ সংকেত দিয়ে। ৰাহু অনুকূল নহয় আৰু ই চতুৰ্থ গৃহ দখল কৰিব আৰু কেতুৱে দশম গৃহ দখল কৰিব। 

Read in Hindi : धनु वार्षिक राशिफल 2024

বছৰটোৰ দ্বিতীয়াৰ্দ্ধ এপ্ৰিল 2024 ৰপৰা সিমান মসৃণ নহ’ব কাৰণ বৃহস্পতিয়ে মে’ 2024 ৰপৰা ষষ্ঠ গৃহ দখল কৰিব, ইয়াৰ ফলত, সুখ-সুবিধা হ্ৰাস পোৱাৰ লগতে অধিক ব্যয় হ’ব। শণি তৃতীয় গৃহত স্থিত হ’ব আৰু আপোনাক কেৰিয়াৰ, অৰ্থ, স্বাস্থ্য তথা সম্পৰ্কৰ ক্ষেত্ৰত নমনীয় ফল প্ৰদান কৰিব। চতুৰ্থ গৃহত স্থিত ৰাহু আৰু দশম গৃহত স্থিত কেতুৱে স্বাস্থ্য আৰু আৰামৰ ক্ষেত্ৰত আপোনাক অশুভ সংকেত প্ৰদান কৰিব পাৰে। 2024 বৰ্ষৰ দ্বিতীয়াৰ্দ্ধৰ তুলনাত, বছৰটোৰ প্ৰথমাৰ্দ্ধ মে’ 2024 ৰ পূৰ্বৰ সময়খিনি স্বাস্থ্য, কেৰিয়াৰ, অৰ্থ আৰু ব্যক্তিগত জীৱনত সুখ প্ৰাপ্তিৰ ক্ষেত্ৰত অধিক ভাল হ’ব কিয়ো বৃহস্পতি এপ্ৰিল 2024 পৰ্য্যন্ত পঞ্চম গৃহত স্থিত হ’ব। শণিয়েই হৈছে একমাত্ৰ গ্ৰহ যি আপোনাৰ কেৰিয়াৰ, অৰ্থ আৰু স্বাস্থ্যৰ বাবে উপকাৰী প্ৰমাণিত হ’ব। 

পঞ্চম গৃহত বৃহস্পতিৰ অনুকূল পৰিবহনৰ ফলস্বৰূপে মে’ 2024 ৰ পূৰ্বে আপুনি যথেষ্ট সা-সুবিধা প্ৰাপ্ত কৰিব। এই বছৰ মে’ 2024 ৰ পূৰ্বে পঞ্চম গৃহত বৃহস্পতিৰ পৰিবহনৰ ফলস্বৰূপে, আপুনি অৰ্থ লাভ, সঞ্চয় আদিৰ ৰূপত যথেষ্ট লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

যদিহে আপুনি ব্যৱসায়ত আছে, তেনেহ’লে আপুনি এই সময়ছোৱাত লাভাম্বিত হ’ব পাৰিব আৰু লাভালাভ বৃদ্ধি কৰিব পাৰিব। ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 - মে’ 2024 ৰ পূৰ্বে পঞ্চম গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাক কেৰিয়াৰ, অৰ্থ লাভ, সম্পৰ্কত সুখ প্ৰাপ্তি আদিৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰাত সহায় কৰিব। বৃহস্পতিয়ে পঞ্চম গৃহ দখল কৰাৰ পৰা উপাসনা, আৰু ধৰ্মীয় কাৰ্য্যত জড়িত হোৱাৰদ্বাৰা আপুনি ওপৰলৈ আগবাঢ়ি যাব পাৰিব আৰু যথেষ্ট ভাল ফলাফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। সেয়েহে সক্ৰিয় ধৰ্মীয় পথত জড়িত হৈ থাকি আপুনি 2024 বৰ্ষত যথেষ্ট ভাল ফলাফল প্ৰাপ্ত কৰিব পাৰিব কাৰণ বৃহস্পতি মে’ 2024 ৰ পূৰ্বে পঞ্চম গৃহত স্থিত হ’ব। চতুৰ্থ গৃহত ৰাহু আৰু দশম গৃহত কেতুৰ উপস্থিতিৰ বাবে পৰিয়াল, সম্পৰ্ক, আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আকস্মিক পৰিৱৰ্তন আহিব পাৰে। মে’ 2024 ৰপৰা, ষষ্ঠ গৃহত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাক চিন্তা প্ৰদান কৰাৰ লগতে আৰ্থিক সমস্যা দিব পাৰে আৰু আৰ্থিক সমস্যাৰ বাবে, আপুনি ঋণ ল’বলগীয়া হ’ব পাৰে। আপুনি ব্যক্তিগত জীৱন আৰু লগতে পাৰিবাৰিক জীৱনত সংকটৰ সম্মুখীন হ’ব পাৰে।

ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি ল’ব বিচৰা যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত মে’ 2024 ৰ পূৰ্বে ল’ব পাৰে কাৰণ বৃহস্পতি পঞ্চম গৃহত স্থিত হ’ব আৰু চন্দ্ৰ ৰাশিক প্ৰভাৱিত কৰিব। সেয়েহে সংক্ষিপ্ত ৰূপত ক’বলৈ গ’লে, মে’ 2024 ৰ পূৰ্বৰ সময়ছোৱা কেৰিয়াৰ, অৰ্থ, সম্পৰ্ক, আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ’ব। 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 লৈ সময়ছোৱাত শণিৰ পশ্চাদগমন হ’ব আৰু ইয়াৰ ফলত, কেৰিয়াৰ বিত্ত আদিৰ ক্ষেত্ৰত ভাল ফল হ্ৰাস পাব পাৰে। 

এই সকলোবোৰ ফলাফল সাধাৰণ প্ৰকৃতিৰ আৰু ব্যক্তিগত ৰাশিফল অনুযায়ী আপোনাৰ বাবে অধিক উপযুক্ত ফলাফল সম্ভৱ হ’ব পাৰে |

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 : কেৰিয়াৰ

কেৰিয়াৰৰ গ্ৰহ শণিয়ে তৃতীয় গৃহ দখল কৰিব আৰু আপুনি 2024 ৰপৰা সাড়ে সতীৰ বাহিৰত থাকিব। কেৰিয়াৰৰ মুখ্য গ্ৰহ শণিৰ অনুকূল অৱস্থানৰ বাবে, 2024 বৰ্ষই আপোনাৰ বাবে আনন্দ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। ইয়াৰ লগতে, এপ্ৰিল 2024 পৰ্য্যন্ত বৃহস্পতিয়ে আপোনাক সফলতা লাভ কৰাত সহায় কৰিব কাৰণ ই পঞ্চম গৃহত স্থিত হ’ব আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাক লাভাম্বিত কৰিব। তাৰপিছত মে’ 2024 ৰপৰা বৃহস্পতিয়ে ষষ্ঠ গৃহলৈ যাত্ৰা কৰিব আৰু আপোনাৰ জীৱন-যাপন আৰু কেৰিয়াৰৰ ধৰণ সলনি কৰিব কাৰণ শণি তৃতীয় গৃহত স্থিত হ’ব।

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি আপুনি এপ্ৰিল 2024 পৰ্য্যন্ত চাকৰিৰ অধিক ভাল সুযোগ প্ৰাপ্ত কৰাৰ যোগ আছে কাৰণ বৃহস্পতি পঞ্চম গৃহত স্থিত হ’ব আৰু চন্দ্ৰ ৰাশিক প্ৰভাৱিত কৰিব। পঞ্চম গৃহত বৃহস্পতিৰ অৱস্থানৰ বাবে, আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত শুদ্ধ সিদ্ধান্ত ল’ব পাৰিব আৰু ভাল সুযোগ প্ৰাপ্ত কৰিব। আপুনি নিজকে জুখি চাব পাৰিব আৰু কামৰ ক্ষেত্ৰত অধিক দক্ষতা লাভ কৰিবলৈ সক্ষম হ’। আপোনাক কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বাবে আপুনি জ্যেষ্ঠ সহকৰ্মীৰপৰা স্বীকৃতি লাভ কৰিব। 2024 বৰ্ষত আপুনি অনচাইট সুযোগ লাভ কৰাৰো যোগ আছে কাৰণ 2024 -ত শণি তৃতীয় গৃহত, আৰু বৃহস্পতি পঞ্চম গৃহত স্থিত হ’ব। লগতে, এপ্ৰিল 2024 পৰ্য্যন্ত কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাটো উচিত। 29 জুন 2024 ৰপৰা 15 নৱেম্বৰ 2024 পৰ্য্যন্ত, শণিৰ পশ্চাদগামী গতিৰ বাবে আপুনি কামত অধিক মনোযোগ প্ৰদান কৰা উচিত। 

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: আৰ্থিক জীৱন

বছৰটোৰ দ্বিতীয়াৰ্দ্ধ মে’ 2024 ৰপৰা সমছোৱা আপোনাৰ আৰ্থিক উন্নতিৰ বাবে ভাল নহ’ব কাৰণ বৃহস্পতি চন্দ্ৰ ৰাশিৰ ষষ্ঠ গৃহত স্থিত হ’ব। ষষ্ঠ গৃহটো হৈছে ব্যয় আৰু ঋণৰ গৃহ। সেয়েহে মে’ 2024 ৰপৰা আপুনি নিজৰ আৰ্থিক দিশটোৰ পৰিচালনাৰ ক্ষেত্ৰত সমস্যাৰ সম্মুখীন হ’ব পাৰে কিয়নো মে’ 2024 ৰপৰা অধিক প্ৰতিশ্ৰুতিৰ বাবে আপোনাৰ অৰ্থৰ প্ৰয়োজনীয়তা বদ্ধি পাব। মে’2024 ৰ পূৰ্বে, পঞ্চম গৃহত বৃহস্পতিৰ অৱস্থানে আপোনাক অধিক লাভাম্বিত কৰাৰ লগতে আপোনাৰ উপাৰ্জন আৰু সঞ্চয়ৰ সুযোগ বৃদ্ধি কৰিব। 

মে’ 2024 ৰ পূৰ্বৰ সময়ছোৱা আপুনি ভাল উপাৰ্জন কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰে, এইদৰে কয় ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024-য়ে। লগতে, মে’ 2024 ৰ পূৰ্বৰ সময়ছোৱাত আপুনি নতুন বিনিয়োগৰ লগত জড়িত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব যিটো ভৱিষ্যতে কামত আহিব অথবা আপুনি তাৰপৰা লাভাম্বিত হ’ব পাৰিব। প্ৰধান গ্ৰহ শণিয়ে আপোনাক অৰ্থ উপাৰ্জন কৰা আৰু সঞ্চয়ৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব কিয়নো ই তৃতীয় গৃহত স্থিত হ’ব। 2024 বৰ্ষত আপুনি লাভ কৰা আৰ্থিক লাভালাভৰপৰা আপুনি সঞ্চয়ো কৰিব পাৰিব। মে’2024ত, বৃহস্পতিৰ পৰিবহনৰ পিছত আপুনি উপাৰ্জন কৰা অৰ্থসমূহ ভাল আঁচনিত বিনিয়োগ কৰিব পাৰে আৰু অথবা বৃহৎ স্তৰতো এনে কৰিব পাৰে।

চতুৰ্থ গৃহত ৰাহু, আৰু দশম গৃহত কেতুৰ স্থিতিয়ে পৰিয়ালত কিছু পৰিৱৰ্তন আনিব পাৰে যেনে নতুন স্থানলৈ আৱাসৰ স্থানান্তৰ আৰু ইয়াৰ বাবে, আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত অৰ্থ ব্যয় কৰিবলগীয়া হ’ব, চাকৰিৰো পৰিৱৰ্তন হ’ব পাৰে আৰু ইয়াৰ ফলত, আপুনি দীঘলীয়া যাত্ৰা কৰিবলগীয়া হোৱাৰ লগতে ইয়াৰ বাবে অধিক ধন ব্যয় কৰিবলগীয়া হ’ব।

আপোনাৰ শুভ সংখ্যা জানক: সাংখ্যিক কেলকুলেটৰ

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: শিক্ষা

ধনু ৰাশিৰ বাৰ্ষিক শিক্ষা ৰাশিফল 2024 -ৰ মতে এই বৰ্ষটো আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত সিমান প্ৰত্যাশাজনক নহ’ব কাৰণ বৃহস্পতি চন্দ্ৰ ৰাশিৰ ষষ্ঠ গৃহত স্থিত হ’ব। এপ্ৰিল 2024 ৰ পূৰ্বে, উপকাৰী গ্ৰহ বৃহস্পতি পঞ্চম গৃহত স্থিত হ’ব আৰু আপোনাক অত্যন্ত সন্তোষজনক ফলাফল প্ৰদান কৰিব। আন এটা মুখ্য গৰ্হ শণিয়ে আপোনাক অধ্যয়নৰ ক্ষেত্ৰত 2024 বৰ্ষত আশীৰ্বাদ প্ৰদান কৰিব কিয়নো ই তৃতীয় গৃহত স্থিত হ’ব। 

মে’ 2024 -ৰপৰা, অধ্যয়নৰ ক্ষেত্ৰত কিছু আলস্যতা দেখা যাব কাৰণ বৃহস্পতি ষষ্ঠ গৃহত স্থিত হ’ব যি আপোনাক অধ্যয়নৰ ক্ষেত্ৰত কিছু প্ৰতিকূল ফল প্ৰদান কৰিব পাৰে। ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -ৰ মতে শিক্ষাৰ গ্ৰহ বুধে 7 জানুৱাৰী, 2024, ৰপৰা 8 এপ্ৰিল, 2024 লৈকে এক অনুকূল অৱস্থান দখল কৰিব, আৰু এই সমছোৱাত, আপুনি অধ্যয়নত আগুৱাই যোৱাৰ লগতে উৎকৃষ্ট প্ৰদৰ্শন কৰাৰ যোগ আছে। 

চতুৰ্থ গৃহত ৰাহু, আৰু দশম গৃহত কেতুৰ স্থিতিৰ বাবে আপুনি অধ্যয়নৰ ক্ষেত্ৰত সমস্যাৰ সম্মুখীন হোৱাৰ লগতে অধ্যয়নত সন্তুষ্টিৰ অভাৱ হ’ব পাৰে। চতুৰ্থ গৃহত ৰাহুৰ স্থিতিৰ বাবে আপোনাৰ অমনোযোগিতা আৰু চঞ্চলতা আহিব পাৰে যাৰ বাবে অধ্যয়নৰ ক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন বেয়া হ’ব পাৰে। পঞ্চম গৃহত স্থিত উপকাৰী গ্ৰহ বৃহস্পতিয়ে এই বছৰ মে’ 2024 -ৰপৰা আপোনাক ইতিবাচক ফল লাভ কৰাত আৰু অধ্যয়নৰ পথ প্ৰসাৰিত কৰাত সহায় কৰিব।

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: পাৰিবাৰিক জীৱন

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি ধনু ৰাসিৰ জাতসকলৰ পাৰিবাৰিক জীৱন মে’ 2024 ৰ পিছত সিমান উৎসাহজনক নহ’বও পাৰে কিয়নো বৃহস্পতি চন্দ্ৰ ৰাশিৰ ষষ্ঠ গৃহত স্থিত হ’ব। আন এটা গ্ৰহ শণি তৃতীয় গৃহত স্থিত হ’ব আৰু তৃতীয় গৃহত শণিৰ এই স্থিতিয়ে আপোনাক পাৰিবাৰিক জীৱনত সফলতা প্ৰদান কৰিব। মে’ 2024 ৰ পূৰ্বে পাৰিবাৰিক জীৱনত ভাল সম্পৰ্ক আৰু বান্ধোন শক্তিশালী হোৱাৰ সম্ভাৱনা আছে কাৰণ বৃহস্পতি পঞ্চম গহত স্থিত হ’ব। মে’ 2024 ৰ পূৰ্বে আপুনি পৰিয়াল আৰু পাৰিবাৰিক জীৱনত ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিব। 

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰে যে চতুৰ্থ আৰু দশম গৃহত ৰাহু আৰু কেতুৰ উপস্থিতি পাৰিবাৰিক জীৱনত ভাল আনন্দ প্ৰাপ্তিৰ বাবে শুভ নহয়। চতুৰ্থ গৃহত ৰাহুৰ উপস্থিতিৰ বাবে সম্পত্তিৰ লগত জড়িত বিষয় বা অন্যান্য বিষয়ৰ বাবে পাৰিবাৰিক জীৱনত সম্পৰ্ক বেয়া হ’ব পাৰে। 2024 বৰ্ষত চতুৰ্থ গৃহত ৰাহুৰ প্ৰতিকূল অৱস্থানৰ বাবে পৰিয়ালৰ কোনো ব্যক্তিয়ে আপোনাৰপৰা সুবিধা ল’ব পাৰে আৰু ই আপোনাক অশান্তি দিব পাৰে। 

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰেম আৰু বিবাহ

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 -য়ে প্ৰকাশ কৰে যে মে’ 2024 ৰ পিছত প্ৰেম আৰু বিবাবহৰ ক্ষেত্ৰত সিমান ভাল নহয় কিয়নো শুভ গ্ৰহ বৃহস্পতি ষষ্ঠ গৃহত, শণি তৃতীয় গৃহত স্থিত হ’ব আৰু আপোনাক 2024 বৰ্ষত নিজৰ প্ৰচেষ্টাৰদ্বাৰা প্ৰেম আৰু বিবাহ সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত পথ দেখুৱাব। তাৰপিছত মে’ 2024 ৰপৰা বৃহস্পতি ষষ্ঠ গৃহত স্থিত হ’ব আৰু প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত আপোনাক ভাল ফল প্ৰদান নকৰিব পাৰে।

যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেনেহ’লে মে’ 2024ৰ পিছত ই বিবাহলৈ ৰূপান্তিৰত হোৱাৰ সম্ভাৱনা ক্ষীণ কিয়নো বৃহস্পতি ষষ্ঠ গৃহত স্থিত হ’ব। এপ্ৰিল 2024 ৰ পিছত বিবাহৰ ক্ষেত্ৰত সঠিক সিদধান্ত গ্ৰহণৰ ক্ষেত্ৰতো অসুবিধাৰ সম্মুখীন হ’ব পাৰে। সেয়েহে মে’ 2024 ৰ পূৰ্বেই বিবাহ সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। প্ৰেম আৰু বিবাহৰ গ্ৰহ শুক্ৰই আপোনাক প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত 12 জুন, 2024 ৰপৰা 24 আগষ্ট, 2024 লৈ শুভ দৃষ্টি প্ৰদান কৰিব।

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: স্বাস্থ্য

মে’ 2024 ৰ পূৰ্বে আপোনাৰ স্বাস্থ্য ভালে থাকিব কাৰণ বৃহস্পতি চন্দ্ৰ ৰাশিৰ পঞ্চম গৃহত স্থিত হ’ব আৰু চন্দ্ৰ ৰাশিক প্ৰভাৱিত কৰিব, ইয়াৰ ফলস্বৰূপে, আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পোৱাৰ লগতে উদ্যমো বৃদ্ধি পাব। বৃহস্পতি চন্দ্ৰ ৰাশিৰ পঞ্চম গৃহত স্থিত হ’ব আৰু ই আপোনাৰ শক্তিৰ স্তৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি এপ্ৰিল 2024 -ৰ শেষ পৰ্য্যন্ত সুস্বাস্থ্য অটুত ৰাখিব আৰু ইয়াৰ ফলস্বৰূপে আত্মবিশ্বাস/উদ্যম যথেষ্ট বৃদ্ধি পাব। সুখ-আনন্দ আৰু সন্তুষ্টিৰ বাবে ভাল স্বাস্থ্য ধৰি ৰখাত সহায়ক হ’ব। এই ক্ষেত্ৰত, এপ্ৰিল 2024 পৰ্য্যন্ত পঞ্চম গৃহত বৃহস্পতিৰ উপস্থিতিয়ে অধিক আধ্যাত্মিক শক্তি আৰু আধ্যাত্মিক প্ৰৱণতাৰ ক্ষেত্ৰত ভাল সংকেত প্ৰেৰণ কৰিব। আধ্যাত্মিক কাৰ্য্যৰ প্ৰতি এনে আগ্ৰহে আপোনাক সুস্বাস্থ্য অটুত ৰখাত যথেষ্ট সহায় কৰিব।

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 য়ে প্ৰকাশ কৰিছে যে মে’ 2024 ৰ পিছত, আপোনাৰ স্বাস্থ্য সুস্থিৰ অৱস্থাত নাথাকিব পাৰে কাৰণ বৃহস্পতি ষষ্ঠ গৃহত স্থিত হ’ব আৰু ইয়াৰ বাবে আপুনি স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’ব। 2024 বৰ্ষত ৰাহু চতুৰ্থ গৃহত, কেতু দশম গৃহত স্থিত হ’ব আৰু ইয়াৰ ফলত, সুখ-সুবিধা হ্ৰাস পোৱাৰ লগতে স্বাস্থ্যজনিত সমস্যাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে যাৰ বাবে আপুনি চিন্তিত হ’ব। কামৰ সন্দৰ্ভত অধিক যাত্ৰা কৰিবলগীয়া হোৱাৰ বাবে আপুনি যথেষ্ট চাপত থাকিব। এই বছৰটোত ভৰিৰ বিষ, কলাফুলৰ বিষ আদি হ’ব পাৰে। নিজকে শান্ত আৰু চাপমুক্ত কৰি ৰাখিবৰ বাবে ধ্যান/ যোগাভ্যাস কৰাটো আপোনাৰ বাবে ফলদায়ক হ’ব।

বিবাহৰ বাবে ৰাহি-যোৰা মিলন:বিবাহৰ বাবে সোঁৱৰণি মিলোৱা

ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024: প্ৰতিকাৰসমূহ

  • দৈনিক হনুমান চালিশা পাঠ কৰক।
  • বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
  • বৃহস্পতিবাৰে ৰাহুৰ বাবে যজ্ঞ-হোম কৰক।
  • দৈনিক 21 বাৰ “ওম গুৰৱে নমঃ” জপ কৰক।

আপুনি প্ৰৱন্ধটো ভাল পাইছে বুলি আশা কৰিছোঁ। MyKundali-ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ থকাৰ বাবে অশেষ ধন্যবাদ। অধিক মনোগ্ৰাহী প্ৰৱন্ধৰ বাবে সংযোজিত হৈ থাকক।

সঘনাই সোধা প্ৰশ্ন

2024 বৰ্ষত ধনু ৰাশিৰ জাতকসকলৰ ভৱিষ্যত কেনে হ’ব?

2024 বৰ্ষটো ধনু ৰাশিৰ জাতকসকলৰ প্ৰায় সৌভাগ্যৱান হ’ব।

2024 বৰ্ষৰ বাবে শুভ ৰং কি?

বিভিন্ন ধৰণৰ কমলা ৰং, বিশেষকৈ এপ্ৰিকোট বৰণীয়া ৰংটো, 2024 বৰ্ষৰ বাবে শুভ হ’ব।

2024 বৰ্ষত কোনকেইটা ৰাশিৰ জাতকসকল ধনী হ’ব?

2024 বৰ্ষত মিথুন, কৰ্কট, কুম্ভ, আৰু মীন ৰাশিৰ জাতকসকল ধনী হোৱাৰ সম্ভাৱনা আছে।

2024 বৰ্ষটো ধনু ৰাশিৰ জাতকসকলৰ বাবে সৌভাগ্যৱান হয় নে?

হয়, 2024 বৰ্ষটোৱে ধনু ৰাশিৰ জাতকসকলৰ বাবে যথেষ্ট সৌভাগ্য আৰু সুখ কঢ়িয়াই আনিব।